--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :বাৰিষা আহিলে কলেৰাৰ দৰে ৰোগৰ আশংকা বাঢ়ি যায়। এই ৰোগে ইতিমধ্যে মহাৰাষ্ট্ৰত বহু লোকক আক্ৰান্ত কৰিছে।কলেৰাৰ বিজাণু থকা খাদ্য বা পানী খোৱাৰ ফলত এজন লোকৰ দেহত কলেৰা সংক্ৰমণ হয়। সংক্ৰমিত ব্যক্তিৰ শৌচৰপৰা বিয়পি সাধাৰণতে মহামাৰী ৰূপ লয়। নলা-নৰ্দমাৰ ব্যৱস্থা উপযুক্ত ভাৱে নথকা আৰু খোৱাপানী উপযুক্তভাৱে বিশুদ্ধ কৰাৰ ব্যৱস্থা নথকা ঠাইত এই ৰোগ সোনকালে বিয়পি পৰে। এই বাৰিষা দিনবোৰত কেনেকৈ নিজকে কলেৰাৰ পৰা ৰক্ষা কৰিব পাৰি জানো আহক

কি এই ৰোগ?

অন্ত্ৰত ভিবৰিঅ’ কলেৰা নামৰ জীৱাণুৰ সংক্ৰমণৰ ফলত যি তীব্ৰ পেটৰ অসুখ হয় তাকে কলেৰা বোলা হয়। এই সংক্ৰমণত কোনো উপসৰ্গই দেখা নিদিয়ে বা দেখা দিলেও খুব কম তীব্ৰ হয়। কিছুমানৰ ক্ষেত্ৰত অৱশ্যে উপসৰ্গ অতি তীব্ৰ হব পাৰে।

কলেৰাৰ লক্ষণ আৰু ল'বলগীয়া সাৱধানতা

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগত উচ্চ জ্বৰ, ওজন কমি যোৱা, হঠাতে তীব্ৰ পানীলগা, মূৰ ঘূৰোৱা, বমি হোৱা, পাচনতন্ত্ৰৰ সমস্যা, নিম্ন ৰক্তচাপ আদি বিভিন্ন লক্ষণ দেখা যায়। শৰীৰত এবাৰ বেক্টেৰিয়া প্ৰৱেশ কৰিলেই লক্ষণ দেখা দিবলৈ ১২ ঘণ্টাৰ পৰা ৫ দিন সময় লাগিব পাৰে। এই বেক্টেৰিয়াই এবিধ এণ্টেৰ’টক্সিন উৎপন্ন কৰে যাৰ ফলত তীব্ৰ পানীলগা হ’ব পাৰে। সময়মতে চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, কলেৰাৰ পৰা ৰক্ষা পাবলৈ বিশুদ্ধ পানী খোৱাটো অতি প্ৰয়োজনীয়। গতিকে পানী উতলাই লোৱাটো বাঞ্ছনীয়। বাহিৰৰ খাদ্য, কাটি লোৱা ফল-মূল বা দুগ্ধজাত সামগ্ৰী সেৱন কৰাটো ভাল। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটোও অতি প্ৰয়োজনীয়। এবাৰ সংক্ৰমিত হ’লে চিকিৎসকৰ পৰ্যবেক্ষণত থকাৰ বাহিৰে আন উপায় নাথাকে। পৰ্যাপ্ত পৰিমাণে পানী আৰু ‘Oral Rehydration Solution’ বা ‘ORS’ গ্ৰহণ কৰিব লাগে। প্ৰয়োজন সাপেক্ষে চিকিৎসকে এন্টিবায়টিক প্ৰেছক্ৰিপচন দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো