--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :বাৰিষা আহিলে কলেৰাৰ দৰে ৰোগৰ আশংকা বাঢ়ি যায়। এই ৰোগে ইতিমধ্যে মহাৰাষ্ট্ৰত বহু লোকক আক্ৰান্ত কৰিছে।কলেৰাৰ বিজাণু থকা খাদ্য বা পানী খোৱাৰ ফলত এজন লোকৰ দেহত কলেৰা সংক্ৰমণ হয়। সংক্ৰমিত ব্যক্তিৰ শৌচৰপৰা বিয়পি সাধাৰণতে মহামাৰী ৰূপ লয়। নলা-নৰ্দমাৰ ব্যৱস্থা উপযুক্ত ভাৱে নথকা আৰু খোৱাপানী উপযুক্তভাৱে বিশুদ্ধ কৰাৰ ব্যৱস্থা নথকা ঠাইত এই ৰোগ সোনকালে বিয়পি পৰে। এই বাৰিষা দিনবোৰত কেনেকৈ নিজকে কলেৰাৰ পৰা ৰক্ষা কৰিব পাৰি জানো আহক

কি এই ৰোগ?

অন্ত্ৰত ভিবৰিঅ’ কলেৰা নামৰ জীৱাণুৰ সংক্ৰমণৰ ফলত যি তীব্ৰ পেটৰ অসুখ হয় তাকে কলেৰা বোলা হয়। এই সংক্ৰমণত কোনো উপসৰ্গই দেখা নিদিয়ে বা দেখা দিলেও খুব কম তীব্ৰ হয়। কিছুমানৰ ক্ষেত্ৰত অৱশ্যে উপসৰ্গ অতি তীব্ৰ হব পাৰে।

কলেৰাৰ লক্ষণ আৰু ল'বলগীয়া সাৱধানতা

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগত উচ্চ জ্বৰ, ওজন কমি যোৱা, হঠাতে তীব্ৰ পানীলগা, মূৰ ঘূৰোৱা, বমি হোৱা, পাচনতন্ত্ৰৰ সমস্যা, নিম্ন ৰক্তচাপ আদি বিভিন্ন লক্ষণ দেখা যায়। শৰীৰত এবাৰ বেক্টেৰিয়া প্ৰৱেশ কৰিলেই লক্ষণ দেখা দিবলৈ ১২ ঘণ্টাৰ পৰা ৫ দিন সময় লাগিব পাৰে। এই বেক্টেৰিয়াই এবিধ এণ্টেৰ’টক্সিন উৎপন্ন কৰে যাৰ ফলত তীব্ৰ পানীলগা হ’ব পাৰে। সময়মতে চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, কলেৰাৰ পৰা ৰক্ষা পাবলৈ বিশুদ্ধ পানী খোৱাটো অতি প্ৰয়োজনীয়। গতিকে পানী উতলাই লোৱাটো বাঞ্ছনীয়। বাহিৰৰ খাদ্য, কাটি লোৱা ফল-মূল বা দুগ্ধজাত সামগ্ৰী সেৱন কৰাটো ভাল। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটোও অতি প্ৰয়োজনীয়। এবাৰ সংক্ৰমিত হ’লে চিকিৎসকৰ পৰ্যবেক্ষণত থকাৰ বাহিৰে আন উপায় নাথাকে। পৰ্যাপ্ত পৰিমাণে পানী আৰু ‘Oral Rehydration Solution’ বা ‘ORS’ গ্ৰহণ কৰিব লাগে। প্ৰয়োজন সাপেক্ষে চিকিৎসকে এন্টিবায়টিক প্ৰেছক্ৰিপচন দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ