--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কিমান নৃশংস হ'ব পাৰে মানুহ! প্ৰেমৰ অভিনয় কৰি প্ৰায় আঢ়ৈটা বছৰ একেলগে থকা এগৰাকী যুৱতীক হত্যা কৰি ৩৫ টুকুৰাকৈ কাটিও যেন শান্তি পোৱা নাছিল আফতাব নামৰ ঘাতকজনে। প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰাৰ পিছতে আফতাবে নতুন বান্ধৱীৰ সন্ধানত নামি পৰিছিল। সেইমতে তেওঁ সফলো হৈছিল। এগৰাকী নতুন যুৱতী আফতাবৰ প্ৰেমৰ জালত পৰিছিল।  দিল্লীৰ শিহৰণকাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব আমিন পুনাৱালাই   ১৮ মে'ত দিল্লীৰ এটা ফ্লেটত তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। 

কেৱল সেয়াই নহয়, শ্ৰদ্ধাক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰা কৰি কটা হৈছিল আৰু সেয়া ফ্ৰীজত ভৰাই ৰখা হৈছিল।  শ্ৰদ্ধাক হত্যা কৰাৰ কেইদিনমানৰ পিছতে আফতাবে আন এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।  নতুন প্ৰমিকা আফতাবৰ ফ্লেটলৈ আহিলেই শ্ৰদ্ধাৰ কটা শৰীৰটো ফ্ৰীজাৰৰ পৰা উলিয়াই লুকুৱাই ৰখা হৈছিল। 

আফতাব আমিন পুনাৱালাই তেওঁৰ আঢ়ৈ বছৰীয়া লিভ-ইন সঙ্গীক হত্যা কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁৰ নতুন প্ৰেমিকাক ফ্লেটলৈ লৈ আহিছিল। তেতিয়াও সেই ফ্লেটটোত শ্ৰদ্ধাৰ কটা মূৰ আৰু শৰীৰৰ আন অংশবোৰ টুকুৰা টুকুৰা কৰি ফ্ৰিজাৰত ৰখা হৈছিল।  

আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে যেতিয়াই আফতাবে তেওঁৰ নতুন সঙ্গীক দিল্লীৰ ফ্লেটলৈ আনিছিল শ্ৰদ্ধাৰ খণ্ড বিখণ্ড  শৰীৰটো ফ্ৰীজাৰৰ পৰা উলিয়াই লুকুৱাই ৰাখিছিল। আফতাবে কেৱল শ্ৰদ্ধাৰ শৰীৰটো সংৰক্ষণ কৰিবলৈ ৩০০ লিটাৰৰ ফ্ৰিজটো কিনিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, আফতাবে তেওঁৰ  প্ৰেমিকাক ফ্লেটলৈ অহাৰ আগতে শ্ৰদ্ধাৰ বিকৃত শৰীৰটো ফ্ৰীজাৰৰ পৰা আঁতৰাই পেলাইছিল। প্ৰেমিকা যোৱাৰ পিছত শৰীৰটো পুনৰ ফ্ৰীজাৰত ৰখা হৈছিল।আফতাবে বিভিন্ন ধৰণৰ ধূপ আৰু সুগন্ধি ব্যৱহাৰ কৰিছিল যাতে মৃতদেহটোৰ পৰা দুৰ্গন্ধ নোলায়।

শ্ৰদ্ধা আৰু আফতাবে এটা ডেটিং চাইটৰ জৰিয়তে চিনাকী হৈছিল । পিছত সেই চিনাকীয়েই প্ৰেমত পৰিণত হৈছিল। শ্ৰদ্ধাই তেওঁৰ প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ ঘৰ এৰি গুচি গৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু