--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কিমান নৃশংস হ'ব পাৰে মানুহ! প্ৰেমৰ অভিনয় কৰি প্ৰায় আঢ়ৈটা বছৰ একেলগে থকা এগৰাকী যুৱতীক হত্যা কৰি ৩৫ টুকুৰাকৈ কাটিও যেন শান্তি পোৱা নাছিল আফতাব নামৰ ঘাতকজনে। প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰাৰ পিছতে আফতাবে নতুন বান্ধৱীৰ সন্ধানত নামি পৰিছিল। সেইমতে তেওঁ সফলো হৈছিল। এগৰাকী নতুন যুৱতী আফতাবৰ প্ৰেমৰ জালত পৰিছিল।  দিল্লীৰ শিহৰণকাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব আমিন পুনাৱালাই   ১৮ মে'ত দিল্লীৰ এটা ফ্লেটত তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। 

কেৱল সেয়াই নহয়, শ্ৰদ্ধাক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰা কৰি কটা হৈছিল আৰু সেয়া ফ্ৰীজত ভৰাই ৰখা হৈছিল।  শ্ৰদ্ধাক হত্যা কৰাৰ কেইদিনমানৰ পিছতে আফতাবে আন এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।  নতুন প্ৰমিকা আফতাবৰ ফ্লেটলৈ আহিলেই শ্ৰদ্ধাৰ কটা শৰীৰটো ফ্ৰীজাৰৰ পৰা উলিয়াই লুকুৱাই ৰখা হৈছিল। 

আফতাব আমিন পুনাৱালাই তেওঁৰ আঢ়ৈ বছৰীয়া লিভ-ইন সঙ্গীক হত্যা কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁৰ নতুন প্ৰেমিকাক ফ্লেটলৈ লৈ আহিছিল। তেতিয়াও সেই ফ্লেটটোত শ্ৰদ্ধাৰ কটা মূৰ আৰু শৰীৰৰ আন অংশবোৰ টুকুৰা টুকুৰা কৰি ফ্ৰিজাৰত ৰখা হৈছিল।  

আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে যেতিয়াই আফতাবে তেওঁৰ নতুন সঙ্গীক দিল্লীৰ ফ্লেটলৈ আনিছিল শ্ৰদ্ধাৰ খণ্ড বিখণ্ড  শৰীৰটো ফ্ৰীজাৰৰ পৰা উলিয়াই লুকুৱাই ৰাখিছিল। আফতাবে কেৱল শ্ৰদ্ধাৰ শৰীৰটো সংৰক্ষণ কৰিবলৈ ৩০০ লিটাৰৰ ফ্ৰিজটো কিনিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, আফতাবে তেওঁৰ  প্ৰেমিকাক ফ্লেটলৈ অহাৰ আগতে শ্ৰদ্ধাৰ বিকৃত শৰীৰটো ফ্ৰীজাৰৰ পৰা আঁতৰাই পেলাইছিল। প্ৰেমিকা যোৱাৰ পিছত শৰীৰটো পুনৰ ফ্ৰীজাৰত ৰখা হৈছিল।আফতাবে বিভিন্ন ধৰণৰ ধূপ আৰু সুগন্ধি ব্যৱহাৰ কৰিছিল যাতে মৃতদেহটোৰ পৰা দুৰ্গন্ধ নোলায়।

শ্ৰদ্ধা আৰু আফতাবে এটা ডেটিং চাইটৰ জৰিয়তে চিনাকী হৈছিল । পিছত সেই চিনাকীয়েই প্ৰেমত পৰিণত হৈছিল। শ্ৰদ্ধাই তেওঁৰ প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ ঘৰ এৰি গুচি গৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক