--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ আশে-পাশে কুকুৰ প্ৰেমীৰ অভাৱ নাই, কিছুমানে ঘৰত কুকুৰ ৰাখি ভাল পায়, আনহাতে বহুতে অঘৰী কুকুৰক খুৱাবলৈ আগ্ৰহী। যিকোনো জীৱক খাবলৈ দিয়াটো এটা মহৎ গুণৰ কাম, কিন্তু এই কামত সাৱধান হোৱাৰ প্ৰয়োজন আছে, আপুনি খোৱা সকলো বস্তু আপোনাৰ পোহনীয়া জন্তুটোক খুৱাব নোৱাৰে। কুকুৰক খুৱালে কুকুৰক ক্ষতিকাৰক হ’ব পৰা বস্তুবোৰ কি কি আমি জানি লও আহক।

এইবোৰ কুকুৰক খুৱাব নালাগে

১) চকলেট
আমাৰ বেছিভাগেই চকলেট খাই ভাল পাওঁ, যেতিয়া আমি ইয়াক আনন্দৰে খাওঁ, তেতিয়া আমি ইয়াৰ কিছু টুকুৰা কুকুৰকো খাবলৈ দিয়াৰ পৰা বিৰত নাথাকো, কিন্তু আপোনাৰ এই কাৰ্যই কুকুৰৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাবে কুকুৰটোৱে এলাৰ্জীৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২) পিয়াঁজ আৰু নহৰু থকা খাদ্য
পিঁয়াজ আৰু নহৰুত থাইঅ’ছালফেট থাকে যিয়ে কুকুৰৰ ৰক্তবাহী নলীৰ ক্ষতি কৰে, যাৰ বাবে কুকুৰৰ ৰক্তহীনতাৰ আশংকা হ’ব পাৰে। সেইবাবেই আদা আৰু নহৰু মিহলি হৈ থকা বস্তুবোৰ কুকুৰটোক খাবলৈ নিদিব। ৰন্ধা মাংসত এই দুয়োটা মছলা প্ৰচুৰ পৰিমাণে থাকে, গতিকে ইয়াক পৰিহাৰ কৰক। তাৰ পৰিৱৰ্তে কেঁচা মাংস খুৱাব পাৰি।

৩) আঙুৰ আৰু কিচমিচ
আঙুৰ আৰু কিচমিচৰ সোৱাদ কোনে ভাল নাপায়, আমি বহু ৰেচিপিত যোগ কৰি সোৱাদ বৃদ্ধি কৰোঁ, কিন্তু কুকুৰক কেতিয়াও খাবলৈ নিদিব, ইয়াৰ ফলত তেওঁলোকৰ বৃক্কত বেয়া প্ৰভাৱ পৰিব পাৰে। যিহেতু বৃক্কৰ কাম হৈছে মলি ফিল্টাৰ কৰা, গতিকে বৃক্কৰ ক্ষতি হ’লে এই প্ৰাণীটোৰ সামগ্ৰিক স্বাস্থ্যৰ অৱনতি ঘটে।

কুকুৰক কি খুৱাব?
কুকুৰটোক যিকোনো বস্তু খুৱাবৰ আগতে কুকুৰ বিশেষজ্ঞৰ পৰা তথ্য লওক। সাধাৰণতে এই পোহনীয়া জন্তুৰ বাবে গাখীৰ আৰু কেঁচা মাংস ভাল, কিন্তু বজাৰত ইহঁতৰ বাবে বিশেষ ধৰণৰ বিস্কুট আৰু খাদ্য উপলব্ধ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী