--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আঙুলিত দেখা দিয়া এক বিশেষ লক্ষণৰ পৰা তিনিটা মাৰাত্মক ৰোগৰ বিষয়ে ধাৰণা কৰিব পাৰি৷ বিশেষজ্ঞসকলৰ মতে  আঙুলি, হাত বা মণিবন্ধ  প্ৰায়ে ফুলি থকাটো আন ৰোগৰ লক্ষণ হ’ব পাৰে৷ এনেদৰে হাতৰ আঙুলি বা হাত আদি ফুলাক যাক ইডেমা  বুলি কোৱা হয়৷  ই  বৃক্কৰ ৰোগ, যকৃতৰ ৰোগ বা হৃদযন্ত্ৰৰ বিকলতাৰ  পূৰ্ব লক্ষণ হ’ব  পাৰে।

 ৰোগৰ স্থিতি চিনাক্ত কৰাৰ এটা সহজ উপায় হ'ল ইয়াৰ লক্ষণবোৰ চিনাক্ত কৰা। কেমিষ্ট ক্লিকৰ অধীক্ষক ফাৰ্মাচিষ্ট আব্বাছ কানানীয়ে এটা নিৰ্দিষ্ট লক্ষণৰ কথা কৈছে৷  এই লক্ষণে তিনিটা ৰোগক সূচিত কৰিব পাৰে। এই লক্ষণটো  সাধাৰণতে হাতৰ  আঙুলি আৰু ভৰিৰ আঙুলিত দেখা যায়। আঙুলিত দেখা দিয়া সেই লক্ষণ হৈছে ফুলা৷  আঙুলি ফুলি থাকিলে তিনিটা ৰোগৰ পূৰ্ব জাননী হ’ব পাৰে বুলি কানানীয়ে কয়৷ তেওঁ কয় যে আঙুলি ফুলিলে এই তিনিবিধ ৰোগ হ’ব পাৰে-

বৃক্কৰ ৰোগ

আঙুলি ফুলিলে বৃক্কৰ ৰোগ হোৱাৰ আশংকা থাকে৷  বৃক্তই  শৰীৰত তৰলৰ ভাৰসাম্য বজাই ৰখা আৰু শৰীৰৰ পৰা আৱৰ্জনা আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৃক্কৰ ৰোগৰ এটা লক্ষণ হৈছে আঙুলি ফুলা৷  আন কিছুমান লক্ষণ হৈছে প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস, ভাগৰ লগা, ওকালি অহা, বমি আৰু প্ৰস্ৰাৱত তেজ যোৱা আদি।

যকৃতৰ ৰোগ
কাননীয়ে কৈছিল যে যকৃতৰ ৰোগৰ ফলত প্ৰ'টিনৰ উৎপাদন হ্ৰাস হয় ।  আঙুলি, ভৰি আদি  ফুলাটো যকৃতৰ ৰোগৰ এক লক্ষণ৷  আন কিছুমান লক্ষণ হৈছে ছাল আৰু চকু হালধীয়া হোৱা (জণ্ডিচ), পেটৰ বিষ , হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাত খজুৱতি আৰু গাঢ় ৰঙৰ প্ৰস্ৰাৱ ।

হৃদযন্ত্ৰৰ বিকলতা
কানানীয়ে কয় হাঁওফাঁও আৰু অন্যান্য কোষকলাত তৰল জমা হ'ব পাৰে৷ এনে ক্ষেত্ৰত  হৃদযন্ত্ৰই কাৰ্যকৰীভাৱে তেজ পাম্প কৰিব নোৱাৰে যাৰ ফলত হৃদযন্ত্ৰ বিকল হ’ব পাৰে। এনে পৰিস্থিতিত আঙুলি ফুলিব পাৰে৷  হৃদযন্ত্ৰ বিকল হোৱাৰ আন কিছুমান লক্ষণ হৈছে উশাহ চুটি হোৱা, নিৰন্তৰ কাহ, দ্ৰুত বা অনিয়মীয়া হৃদস্পন্দন, ভাগৰ লগা আৰু দুৰ্বলতা বোধ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু