--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আঙুলিত দেখা দিয়া এক বিশেষ লক্ষণৰ পৰা তিনিটা মাৰাত্মক ৰোগৰ বিষয়ে ধাৰণা কৰিব পাৰি৷ বিশেষজ্ঞসকলৰ মতে  আঙুলি, হাত বা মণিবন্ধ  প্ৰায়ে ফুলি থকাটো আন ৰোগৰ লক্ষণ হ’ব পাৰে৷ এনেদৰে হাতৰ আঙুলি বা হাত আদি ফুলাক যাক ইডেমা  বুলি কোৱা হয়৷  ই  বৃক্কৰ ৰোগ, যকৃতৰ ৰোগ বা হৃদযন্ত্ৰৰ বিকলতাৰ  পূৰ্ব লক্ষণ হ’ব  পাৰে।

 ৰোগৰ স্থিতি চিনাক্ত কৰাৰ এটা সহজ উপায় হ'ল ইয়াৰ লক্ষণবোৰ চিনাক্ত কৰা। কেমিষ্ট ক্লিকৰ অধীক্ষক ফাৰ্মাচিষ্ট আব্বাছ কানানীয়ে এটা নিৰ্দিষ্ট লক্ষণৰ কথা কৈছে৷  এই লক্ষণে তিনিটা ৰোগক সূচিত কৰিব পাৰে। এই লক্ষণটো  সাধাৰণতে হাতৰ  আঙুলি আৰু ভৰিৰ আঙুলিত দেখা যায়। আঙুলিত দেখা দিয়া সেই লক্ষণ হৈছে ফুলা৷  আঙুলি ফুলি থাকিলে তিনিটা ৰোগৰ পূৰ্ব জাননী হ’ব পাৰে বুলি কানানীয়ে কয়৷ তেওঁ কয় যে আঙুলি ফুলিলে এই তিনিবিধ ৰোগ হ’ব পাৰে-

বৃক্কৰ ৰোগ

আঙুলি ফুলিলে বৃক্কৰ ৰোগ হোৱাৰ আশংকা থাকে৷  বৃক্তই  শৰীৰত তৰলৰ ভাৰসাম্য বজাই ৰখা আৰু শৰীৰৰ পৰা আৱৰ্জনা আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৃক্কৰ ৰোগৰ এটা লক্ষণ হৈছে আঙুলি ফুলা৷  আন কিছুমান লক্ষণ হৈছে প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস, ভাগৰ লগা, ওকালি অহা, বমি আৰু প্ৰস্ৰাৱত তেজ যোৱা আদি।

যকৃতৰ ৰোগ
কাননীয়ে কৈছিল যে যকৃতৰ ৰোগৰ ফলত প্ৰ'টিনৰ উৎপাদন হ্ৰাস হয় ।  আঙুলি, ভৰি আদি  ফুলাটো যকৃতৰ ৰোগৰ এক লক্ষণ৷  আন কিছুমান লক্ষণ হৈছে ছাল আৰু চকু হালধীয়া হোৱা (জণ্ডিচ), পেটৰ বিষ , হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাত খজুৱতি আৰু গাঢ় ৰঙৰ প্ৰস্ৰাৱ ।

হৃদযন্ত্ৰৰ বিকলতা
কানানীয়ে কয় হাঁওফাঁও আৰু অন্যান্য কোষকলাত তৰল জমা হ'ব পাৰে৷ এনে ক্ষেত্ৰত  হৃদযন্ত্ৰই কাৰ্যকৰীভাৱে তেজ পাম্প কৰিব নোৱাৰে যাৰ ফলত হৃদযন্ত্ৰ বিকল হ’ব পাৰে। এনে পৰিস্থিতিত আঙুলি ফুলিব পাৰে৷  হৃদযন্ত্ৰ বিকল হোৱাৰ আন কিছুমান লক্ষণ হৈছে উশাহ চুটি হোৱা, নিৰন্তৰ কাহ, দ্ৰুত বা অনিয়মীয়া হৃদস্পন্দন, ভাগৰ লগা আৰু দুৰ্বলতা বোধ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ