--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফল ফ্ৰিজত ৰখাৰ অভ্যাস বহুতৰে আছে। বেছিভাগ বস্তু ফ্ৰিজত দীঘলীয়া সময়ৰ বাবে সতেজ হৈ থাকে। কিন্তু কিছুমান ফল আছে যিবোৰ ফ্ৰিজত ৰাখিলে ইয়াৰ  পুষ্টিকৰ গুণ বহু পৰিমাণে নোহোৱা হৈ পৰে অথবা বহু সময়ত তেনে ফল  বিষাক্তও হৈ পৰিব পাৰে। ফলৰ পৰা হোৱা বিষক্ৰিয়াৰ ফলত জটিল শাৰীৰিক সমস্যা আৰু আনকি মৃত্যুও হ'ব পাৰে।  কোনবোৰ ফল ফ্ৰিজত ৰাখিব নালাগে জানো আহক-

আপেল: বেছিভাগ ঘৰত আপেল ৰেফ্ৰিজেৰেটৰত ৰখা হয়। ফ্ৰিজত ৰাখিলে  আপেল সোনকালে নষ্ট নহয়, কিন্তু ইয়াৰ পুষ্টিগত মূল্য হ্ৰাস পায়। গতিকে আপেল  ফ্ৰিজত নাৰাখিব। দীঘলীয়া সময়ৰ বাবে নষ্ট নহ'বলৈ আপেলবোৰ কাগজেৰে মেৰিয়াই  ৰাখিব পাৰে। 

কল: কেতিয়াও কল ফ্ৰিজত নাৰাখিব। যদি আপুনি কল  ফ্ৰিজত ৰাখে, ই নষ্ট হ'বলৈ আৰম্ভ কৰে আৰু ক'লা পৰিবলৈ ধৰে। কলৰ পৰা ইথিলিন গেছ ওলায়। যাৰ ফলত ফ্ৰিজত ৰখা  অন্যান্য ফল দ্ৰুতগতিত পকি যায়।

আম: ঠাণ্ডা আম গ্ৰীষ্মকালত খাবলৈ অতি সুস্বাদু।  কিন্তু আপুনি জানেনে যে দীৰ্ঘসময় ধৰি ফ্ৰিজত ৰখা আমে  আপোনাৰ ক্ষতি কৰিব পাৰে? যদি আপুনি আম ফ্ৰিজত ৰাখে, ইয়াত থকা এণ্টিঅক্সিডেণ্ট গুণ হ্ৰাস হয় আৰু পুষ্টিৰ মূল্যও কমি যায়। সেইকাৰণে কেতিয়াও আম ফ্ৰিজত নাৰাখিব।

লিচু : ফ্ৰিজত ৰাখিলে লিচু সোনকালে নষ্ট হয়।  ৰেফ্ৰিজেৰেটৰত ৰাখিলে লিচুৰ ওপৰৰ অংশ ঠিকে  থাকে, কিন্তু ভিতৰৰ অংশ নষ্ট হ’বলৈ ধৰে।  ৃ

তৰমুজ: তৰমুজ হৈছে গ্ৰীষ্মকালীন ফল।  ডাঙৰ ফল হোৱা বাবে  তৰমুজ এজন ব্যক্তিৰ বাবে একেলগে খোৱাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত, মানুহে তৰমুজ কাটি ফ্ৰিজত ৰাখে, যিটো ভুল। তৰমুজ কাটি ফ্ৰিজত ৰাখিব নালাগে। এনে কৰিলে তৰমুজৰ  এণ্টিঅক্সিডেণ্ট গুণ  ধ্বংস হয়। অৱশ্যে  আপুনি তৰমুজ  খোৱাৰ আধা ঘণ্টা আগতে ফ্ৰিজত  ৰাখি আধা ঘণ্টা পিঠত উলিয়াই খাব পাৰে। তেতিয়া তৰমুজ ঠাণ্ডা হৈ থাকিব।

 
নেমু: যিকোনো নেমুত এচিড বেছি থাকে। ৰেফ্ৰিজেৰেটৰৰ নিম্ন তাপমাত্ৰাৰ বাবে নেমুৰ এচিডিক গুণ  হ্ৰাস পায়। অত্যধিক ঠাণ্ডাত সেইবোৰ বেয়া আৰু বিষাক্ত হ'ব পাৰে। গতিকে কেতিয়াও নেমু ফ্ৰিজত নাৰাখিব।

তিয়ঁহ: অত্যধিক গৰম বা অত্যধিক ঠাণ্ডা তিয়ঁহৰ বাবে ভাল নহয়। যদি ৰেফ্ৰিজেৰেটৰত ৰখা হয়, তিয়ঁহ শুকাই যায়, ইয়াৰ পুষ্টিগত মূল্যও হেৰাই যায়। তিয়ঁহ কম পোহৰ আৰু কম ঠাণ্ডা ঠাইত ৰাখিব লাগে। 

নাচপতি: ফ্ৰিজত ৰাখিলে নাচপতিত  পচন হ’ব পাৰে। ফলত নাচপতিৰ পুষ্টি গুণ হেৰুওৱাৰ লগতে ই  বিষাক্ত হৈ পৰিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ