--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফল ফ্ৰিজত ৰখাৰ অভ্যাস বহুতৰে আছে। বেছিভাগ বস্তু ফ্ৰিজত দীঘলীয়া সময়ৰ বাবে সতেজ হৈ থাকে। কিন্তু কিছুমান ফল আছে যিবোৰ ফ্ৰিজত ৰাখিলে ইয়াৰ  পুষ্টিকৰ গুণ বহু পৰিমাণে নোহোৱা হৈ পৰে অথবা বহু সময়ত তেনে ফল  বিষাক্তও হৈ পৰিব পাৰে। ফলৰ পৰা হোৱা বিষক্ৰিয়াৰ ফলত জটিল শাৰীৰিক সমস্যা আৰু আনকি মৃত্যুও হ'ব পাৰে।  কোনবোৰ ফল ফ্ৰিজত ৰাখিব নালাগে জানো আহক-

আপেল: বেছিভাগ ঘৰত আপেল ৰেফ্ৰিজেৰেটৰত ৰখা হয়। ফ্ৰিজত ৰাখিলে  আপেল সোনকালে নষ্ট নহয়, কিন্তু ইয়াৰ পুষ্টিগত মূল্য হ্ৰাস পায়। গতিকে আপেল  ফ্ৰিজত নাৰাখিব। দীঘলীয়া সময়ৰ বাবে নষ্ট নহ'বলৈ আপেলবোৰ কাগজেৰে মেৰিয়াই  ৰাখিব পাৰে। 

কল: কেতিয়াও কল ফ্ৰিজত নাৰাখিব। যদি আপুনি কল  ফ্ৰিজত ৰাখে, ই নষ্ট হ'বলৈ আৰম্ভ কৰে আৰু ক'লা পৰিবলৈ ধৰে। কলৰ পৰা ইথিলিন গেছ ওলায়। যাৰ ফলত ফ্ৰিজত ৰখা  অন্যান্য ফল দ্ৰুতগতিত পকি যায়।

আম: ঠাণ্ডা আম গ্ৰীষ্মকালত খাবলৈ অতি সুস্বাদু।  কিন্তু আপুনি জানেনে যে দীৰ্ঘসময় ধৰি ফ্ৰিজত ৰখা আমে  আপোনাৰ ক্ষতি কৰিব পাৰে? যদি আপুনি আম ফ্ৰিজত ৰাখে, ইয়াত থকা এণ্টিঅক্সিডেণ্ট গুণ হ্ৰাস হয় আৰু পুষ্টিৰ মূল্যও কমি যায়। সেইকাৰণে কেতিয়াও আম ফ্ৰিজত নাৰাখিব।

লিচু : ফ্ৰিজত ৰাখিলে লিচু সোনকালে নষ্ট হয়।  ৰেফ্ৰিজেৰেটৰত ৰাখিলে লিচুৰ ওপৰৰ অংশ ঠিকে  থাকে, কিন্তু ভিতৰৰ অংশ নষ্ট হ’বলৈ ধৰে।  ৃ

তৰমুজ: তৰমুজ হৈছে গ্ৰীষ্মকালীন ফল।  ডাঙৰ ফল হোৱা বাবে  তৰমুজ এজন ব্যক্তিৰ বাবে একেলগে খোৱাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত, মানুহে তৰমুজ কাটি ফ্ৰিজত ৰাখে, যিটো ভুল। তৰমুজ কাটি ফ্ৰিজত ৰাখিব নালাগে। এনে কৰিলে তৰমুজৰ  এণ্টিঅক্সিডেণ্ট গুণ  ধ্বংস হয়। অৱশ্যে  আপুনি তৰমুজ  খোৱাৰ আধা ঘণ্টা আগতে ফ্ৰিজত  ৰাখি আধা ঘণ্টা পিঠত উলিয়াই খাব পাৰে। তেতিয়া তৰমুজ ঠাণ্ডা হৈ থাকিব।

 
নেমু: যিকোনো নেমুত এচিড বেছি থাকে। ৰেফ্ৰিজেৰেটৰৰ নিম্ন তাপমাত্ৰাৰ বাবে নেমুৰ এচিডিক গুণ  হ্ৰাস পায়। অত্যধিক ঠাণ্ডাত সেইবোৰ বেয়া আৰু বিষাক্ত হ'ব পাৰে। গতিকে কেতিয়াও নেমু ফ্ৰিজত নাৰাখিব।

তিয়ঁহ: অত্যধিক গৰম বা অত্যধিক ঠাণ্ডা তিয়ঁহৰ বাবে ভাল নহয়। যদি ৰেফ্ৰিজেৰেটৰত ৰখা হয়, তিয়ঁহ শুকাই যায়, ইয়াৰ পুষ্টিগত মূল্যও হেৰাই যায়। তিয়ঁহ কম পোহৰ আৰু কম ঠাণ্ডা ঠাইত ৰাখিব লাগে। 

নাচপতি: ফ্ৰিজত ৰাখিলে নাচপতিত  পচন হ’ব পাৰে। ফলত নাচপতিৰ পুষ্টি গুণ হেৰুওৱাৰ লগতে ই  বিষাক্ত হৈ পৰিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি