--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ ক’ভিড! যেন শেষেই নহ’ব মহামাৰীৰ বিভীষিকা৷ ক’ভিডে নতুনকৈ আতংকৰ সৃষ্টি কৰিছে চীনত৷ চীনৰ পাছত এইবাৰ দক্ষিণ কোৰিয়াত ক’ভিড ভয়াৱহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে৷ দক্ষিণ কোৰিয়াত এদিনতে অ’মিক্ৰনত আক্ৰান্ত হৈছে অভিলেখসংখ্যক ৪,০০,০০০ লোকৰো অধিক লোক৷ দক্ষিণ কোৰিয়াৰ স্থানীয় সংবাদমাধ্যমৰ মতে, দক্ষিণ কোৰিয়াত শেহতীয়াকৈ চৌবিশ ঘণ্টাত ৪,০০,৭৪১গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে৷ যিটো সংখ্যা বিগত বৰ্ষৰ জানুৱাৰীত দেশখনত প্ৰথম ক’ভিড-১৯ সংক্ৰমণৰো অধিক বুলি জানিব পৰা গৈছে৷ শেহতীয়কৈ, নতুন সংক্ৰমণৰ পাছত দক্ষিণ কোৰিয়াৰ মুঠ আক্ৰান্তৰ সংখ্যা ৭,৬২৯,২৭৫লৈ বৃদ্ধি হৈছে৷ সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ বাতৰি অনুসৰি, মঙলবাৰৰ দিনো দক্ষিণ কোৰিয়াত মহামাৰীৰ আটাইতকৈ ভয়ংকৰ দিন আছিল আৰু ২৪ ঘণ্টাত ২৯৩জন লোকৰ মৃত্যু হৈছিল। খবৰ অনুসৰি, চীনতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯এ৷ শেহতীয়াকৈ চীনৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন৷ চীনত আজিৰ দিনটোত ৩,২৯০গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে ক’ভিড-১৯ত৷ সংবাদ সংস্থা এএফপিৰ বাতৰি অনুসৰি, য’ত ২০১৯ৰ শেষৰ ফালে উহানত প্ৰথম কৰ’না ভাইৰাছৰ উদ্ভৱ হৈছিল, সেই চীনত দুবছৰতকৈ অধিক সময় কোনো ক’ভিড সম্পৰ্কীয় মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ইফালে, ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে চীনে চিকিৎসালয়ৰ বিচনা মুকলি কৰাৰ সিদ্ধান্ত লৈছে৷ ক’ভিড-১৯ৰ অ’মিক্ৰন ভেৰিয়েণ্ট চীন আৰু দক্ষিণ কোৰিয়াৰ ক্ষেত্ৰত হোৱা বৃদ্ধিৰ আঁৰত ক’ভিড-১৯ৰ অত্যাধিক ট্ৰেন্সমিচিবল অ’মিক্ৰন প্ৰকাৰটো আছে বুলি কোৱা হয়। এই প্ৰকাৰটোৱে আকৌ এবাৰ মহামাৰীটো নিয়ন্ত্ৰণ কৰিবলৈ চীনৰ 'জিৰো-ক’ভিড' ৰণনীতিৰ বাবে আটাইতকৈ কঠোৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে৷ ইপিনে, ভাৰতত ২৪ ঘণ্টাত ক’ভিডত নতুনতৈ আক্ৰান্ত হৈছে ২,৮৭৬গৰাকী লোক৷ ইফালে, কেন্দ্ৰই ক’ভিড-১৯ টীকাকৰণ অভিযান বৃদ্ধি কৰিছে৷ আজিৰে পৰা দেশত আৰম্ভ হৈছে ১২-১৪ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ টীকাকৰণ অভিযান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ