--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ ক’ভিড! যেন শেষেই নহ’ব মহামাৰীৰ বিভীষিকা৷ ক’ভিডে নতুনকৈ আতংকৰ সৃষ্টি কৰিছে চীনত৷ চীনৰ পাছত এইবাৰ দক্ষিণ কোৰিয়াত ক’ভিড ভয়াৱহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে৷ দক্ষিণ কোৰিয়াত এদিনতে অ’মিক্ৰনত আক্ৰান্ত হৈছে অভিলেখসংখ্যক ৪,০০,০০০ লোকৰো অধিক লোক৷ দক্ষিণ কোৰিয়াৰ স্থানীয় সংবাদমাধ্যমৰ মতে, দক্ষিণ কোৰিয়াত শেহতীয়াকৈ চৌবিশ ঘণ্টাত ৪,০০,৭৪১গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে৷ যিটো সংখ্যা বিগত বৰ্ষৰ জানুৱাৰীত দেশখনত প্ৰথম ক’ভিড-১৯ সংক্ৰমণৰো অধিক বুলি জানিব পৰা গৈছে৷ শেহতীয়কৈ, নতুন সংক্ৰমণৰ পাছত দক্ষিণ কোৰিয়াৰ মুঠ আক্ৰান্তৰ সংখ্যা ৭,৬২৯,২৭৫লৈ বৃদ্ধি হৈছে৷ সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ বাতৰি অনুসৰি, মঙলবাৰৰ দিনো দক্ষিণ কোৰিয়াত মহামাৰীৰ আটাইতকৈ ভয়ংকৰ দিন আছিল আৰু ২৪ ঘণ্টাত ২৯৩জন লোকৰ মৃত্যু হৈছিল। খবৰ অনুসৰি, চীনতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯এ৷ শেহতীয়াকৈ চীনৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন৷ চীনত আজিৰ দিনটোত ৩,২৯০গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে ক’ভিড-১৯ত৷ সংবাদ সংস্থা এএফপিৰ বাতৰি অনুসৰি, য’ত ২০১৯ৰ শেষৰ ফালে উহানত প্ৰথম কৰ’না ভাইৰাছৰ উদ্ভৱ হৈছিল, সেই চীনত দুবছৰতকৈ অধিক সময় কোনো ক’ভিড সম্পৰ্কীয় মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ইফালে, ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে চীনে চিকিৎসালয়ৰ বিচনা মুকলি কৰাৰ সিদ্ধান্ত লৈছে৷ ক’ভিড-১৯ৰ অ’মিক্ৰন ভেৰিয়েণ্ট চীন আৰু দক্ষিণ কোৰিয়াৰ ক্ষেত্ৰত হোৱা বৃদ্ধিৰ আঁৰত ক’ভিড-১৯ৰ অত্যাধিক ট্ৰেন্সমিচিবল অ’মিক্ৰন প্ৰকাৰটো আছে বুলি কোৱা হয়। এই প্ৰকাৰটোৱে আকৌ এবাৰ মহামাৰীটো নিয়ন্ত্ৰণ কৰিবলৈ চীনৰ 'জিৰো-ক’ভিড' ৰণনীতিৰ বাবে আটাইতকৈ কঠোৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে৷ ইপিনে, ভাৰতত ২৪ ঘণ্টাত ক’ভিডত নতুনতৈ আক্ৰান্ত হৈছে ২,৮৭৬গৰাকী লোক৷ ইফালে, কেন্দ্ৰই ক’ভিড-১৯ টীকাকৰণ অভিযান বৃদ্ধি কৰিছে৷ আজিৰে পৰা দেশত আৰম্ভ হৈছে ১২-১৪ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ টীকাকৰণ অভিযান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে