--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড নাই, কোভিড নাই বুলি বহুতৰে মনত ধৰণা হোৱাৰ সময়তে কোভিডৰ জন্মস্থান বুলি ধাৰণা কৰা চীনতেই কোভিডে পুনৰ কালান্তক ৰূপ ধাৰণ কৰিছে। লকডাউন ঘোষণা কৰা হৈছে একাধিক চহৰত। ভাৰতো এতিয়া কোভিড মুক্ত বুলি ক’ব নোৱাৰি।

 বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি দীপাৱলীৰ আগতে দেশত পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে। শেহতীয়াকৈ ভাৰতত ওমাইক্ৰনৰ নতুন উপ-প্ৰকাৰ বি.এ.৫.১.৭ আৰু বি.এফ.৭ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিজ্ঞানীসকল অধিক চিন্তিত হৈ পৰিছে।

 এই উপ-প্ৰকাৰসমূহ   অত্যন্ত সংক্ৰামক বুলি প্ৰমাণিত হৈছে  আৰু চীনৰ মঙ্গোলিয়া অঞ্চলৰ পৰা বিয়পি পৰাৰ  পিছত অধিক শক্তিশালী হৈ উঠিছে বুলি বিজ্ঞানীসকলে কৈছে। এনে উপ-প্ৰকাৰবোৰে এতিয়া পৃথিৱীৰ আন প্ৰান্ততো বিয়পি পৰিছে   আৰু ইয়াৰ ফলতে কোভিড সংক্ৰমণৰ এক নতুন ঢৌ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। 

শেহতীয়াকৈ গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰই   ভাৰতত বিএফ.৭-ৰ প্ৰথম সংক্ৰমণৰ ঘটনা চিনাক্ত কৰিছে। ভেকছিনৰ লগতে  ৰোগ প্ৰতিৰোধ ক্ষমতাকো হাৰ মনাব পৰা এইবিধ প্ৰজাতিয়ে সেয়ে সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। 

দেশত এতিয়া লকডাউন নাই।  কোভিডৰ আন  নিষেধাজ্ঞা বোৰো হ্ৰাস কৰা হৈছে । ইয়াৰ ফলতে কোভিডৰ নতু প্ৰজাতিবিধৰ সংক্ৰমণ সহজ হৈ উঠিব পাৰে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।বিশেষকৈ শিশু, বৃদ্ধ, কৰ্কট ৰোগী, অংগ  সংৰোপণ কৰা ৰোগীৰ দৰে দুৰ্বল লোকসকল এইবিধ প্ৰজাতিয়ে সহজে আক্ৰান্ত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু