--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড নাই, কোভিড নাই বুলি বহুতৰে মনত ধৰণা হোৱাৰ সময়তে কোভিডৰ জন্মস্থান বুলি ধাৰণা কৰা চীনতেই কোভিডে পুনৰ কালান্তক ৰূপ ধাৰণ কৰিছে। লকডাউন ঘোষণা কৰা হৈছে একাধিক চহৰত। ভাৰতো এতিয়া কোভিড মুক্ত বুলি ক’ব নোৱাৰি।

 বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি দীপাৱলীৰ আগতে দেশত পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে। শেহতীয়াকৈ ভাৰতত ওমাইক্ৰনৰ নতুন উপ-প্ৰকাৰ বি.এ.৫.১.৭ আৰু বি.এফ.৭ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিজ্ঞানীসকল অধিক চিন্তিত হৈ পৰিছে।

 এই উপ-প্ৰকাৰসমূহ   অত্যন্ত সংক্ৰামক বুলি প্ৰমাণিত হৈছে  আৰু চীনৰ মঙ্গোলিয়া অঞ্চলৰ পৰা বিয়পি পৰাৰ  পিছত অধিক শক্তিশালী হৈ উঠিছে বুলি বিজ্ঞানীসকলে কৈছে। এনে উপ-প্ৰকাৰবোৰে এতিয়া পৃথিৱীৰ আন প্ৰান্ততো বিয়পি পৰিছে   আৰু ইয়াৰ ফলতে কোভিড সংক্ৰমণৰ এক নতুন ঢৌ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। 

শেহতীয়াকৈ গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰই   ভাৰতত বিএফ.৭-ৰ প্ৰথম সংক্ৰমণৰ ঘটনা চিনাক্ত কৰিছে। ভেকছিনৰ লগতে  ৰোগ প্ৰতিৰোধ ক্ষমতাকো হাৰ মনাব পৰা এইবিধ প্ৰজাতিয়ে সেয়ে সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। 

দেশত এতিয়া লকডাউন নাই।  কোভিডৰ আন  নিষেধাজ্ঞা বোৰো হ্ৰাস কৰা হৈছে । ইয়াৰ ফলতে কোভিডৰ নতু প্ৰজাতিবিধৰ সংক্ৰমণ সহজ হৈ উঠিব পাৰে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।বিশেষকৈ শিশু, বৃদ্ধ, কৰ্কট ৰোগী, অংগ  সংৰোপণ কৰা ৰোগীৰ দৰে দুৰ্বল লোকসকল এইবিধ প্ৰজাতিয়ে সহজে আক্ৰান্ত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক