--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে। দেশবাসী যে এতিয়া ৰে'ল, বাছ কতোৱেই সুৰক্ষিত নহয় সেই কথাৰ প্ৰমাণ পোৱা গ'ল বিহাৰত। চলন্ত ৰে'ল আদবাটতে ৰখাই সশস্ত্ৰ  ডকাইতে দিল্লীৰ পৰা কলকাতা অভিমুখী দূৰন্ত এক্সপ্ৰেছত তাণ্ডৱ চলায়। বিহাৰৰ বখতিয়াৰপুৰ- শালিমপুৰ ষ্টেচনৰ মাজত দিল্লীৰ পৰা কলকাতালৈ (নম্বৰ ১২২৭৪) দূৰন্ত এক্সপ্ৰেছত  হঠাতে ড়কাইতৰ দলে প্ৰৱেশ কৰে।

 ভুক্তভোগী যাত্ৰীসকলৰ মতে ঘটনাটো দেওবাৰে পুৱা ৩ বজাত সংঘটিত হৈছিল। ডকাইতে ৰে'ল খনৰ ভেকুৱাম খুলি দি ৰে'ল খন  ৰখাইছিল। আঠ-দহজনীয়া  ডকাইতৰ দলটোৱে ৰে'লখনৰ এ-১, বি-১, বি-২ আৰু বি-৩ দবাত প্ৰৱেশ কৰি যাত্ৰীৰ পৰা বলপূৰ্বক ভাৱে তেওঁলোকৰ পাৰ্চ, ম'বাইল আৰু গহনা কাঢ়ি লৈ যায়। অপৰাধ সংঘটিত কৰিয়েই  ডকাইতৰ দলটোৱে নিৰ্বিঘ্নে ৰে'লৰ পৰা নামি পলাই যাবলৈ সক্ষম হয়।এই সন্দৰ্ভত ভুক্তভোগী যাত্ৰী বিভাষ কুমাৰ ঝাই কয় যে তেওঁ বায়ুসেনাত কাম কৰি আছে আৰু বৰ্তমান ৰাজস্থানত নিযুক্তি লাভ কৰিছে। 

তেওঁ পত্নী আৰু সন্তানৰ সৈতে দেওঘৰলৈ  গৈ আছিল। ৰে'লখনে পাটনা জংচন এৰি যোৱাৰ অলপ পিছতে ডকাইতৰ দলে শালিমপুৰ ষ্টেচনৰ ওচৰত ৰে'ল খন  ৰখাইছিল আৰু কেইবাটাও দবাত উঠি লুণ্ঠন আৰম্ভ কৰিছিল। বায়ু সেনাৰ কৰ্মচাৰীগৰাকীৰ পত্নীৰ বন্দুক মূৰত থৈ  তেওঁৰ পাৰ্চ ,তিনিটা সোণৰ আঙুঠি, ম'বাইলসহ দুই লাখতকৈও অধিক মূল্যৰ সামগ্ৰী ডকাইতে লিটি লৈ যায়। ডকাইতি কাণ্ডৰ পিছতে যাত্ৰীসকলে তেওঁলোকে জছিদিহ ৰে'ল আৰক্ষী থানাক ঘটনাৰ বিষয়ে অৱগত কৰে।

ইপিনে লক্ষ্যণীয় কথাটো হ'ল ৰে'ল খনত আগে-পিছে যাত্ৰীৰ সুৰক্ষাৰ বাবে আৰপিএফৰ বাহিনী থাকে যদিও ডকাইতি কাণ্ডৰ সময়ত আৰপিএফৰ বাহিনী উপস্থিত নাছিল। কোনো নিৰাপত্তৰক্ষী নোহোৱাকৈয়ে ৰে'ল খনে যাত্ৰী কৰি আছিল।  ৰে'লৱে আৰক্ষীৰ  এছ পিয়ে এই কথা স্বীকাৰ কৰিছে। এছকৰ্ট অবিহনে চলি থকা ৰে'লখন দেখি ডকাইতে সুবিধা গ্ৰহণ কৰিছিল। দূৰন্ত এক্সপ্ৰেছৰ দৰে এখন ৰে'ল নিৰাপত্তাৰক্ষী অবিহনেই চলোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। বহুতে এনে ঘটনাৰ বাবে চৰকাৰৰ দায়িত্বজ্ঞানহীনতাকে দোষাৰোপ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক