--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে। দেশবাসী যে এতিয়া ৰে'ল, বাছ কতোৱেই সুৰক্ষিত নহয় সেই কথাৰ প্ৰমাণ পোৱা গ'ল বিহাৰত। চলন্ত ৰে'ল আদবাটতে ৰখাই সশস্ত্ৰ  ডকাইতে দিল্লীৰ পৰা কলকাতা অভিমুখী দূৰন্ত এক্সপ্ৰেছত তাণ্ডৱ চলায়। বিহাৰৰ বখতিয়াৰপুৰ- শালিমপুৰ ষ্টেচনৰ মাজত দিল্লীৰ পৰা কলকাতালৈ (নম্বৰ ১২২৭৪) দূৰন্ত এক্সপ্ৰেছত  হঠাতে ড়কাইতৰ দলে প্ৰৱেশ কৰে।

 ভুক্তভোগী যাত্ৰীসকলৰ মতে ঘটনাটো দেওবাৰে পুৱা ৩ বজাত সংঘটিত হৈছিল। ডকাইতে ৰে'ল খনৰ ভেকুৱাম খুলি দি ৰে'ল খন  ৰখাইছিল। আঠ-দহজনীয়া  ডকাইতৰ দলটোৱে ৰে'লখনৰ এ-১, বি-১, বি-২ আৰু বি-৩ দবাত প্ৰৱেশ কৰি যাত্ৰীৰ পৰা বলপূৰ্বক ভাৱে তেওঁলোকৰ পাৰ্চ, ম'বাইল আৰু গহনা কাঢ়ি লৈ যায়। অপৰাধ সংঘটিত কৰিয়েই  ডকাইতৰ দলটোৱে নিৰ্বিঘ্নে ৰে'লৰ পৰা নামি পলাই যাবলৈ সক্ষম হয়।এই সন্দৰ্ভত ভুক্তভোগী যাত্ৰী বিভাষ কুমাৰ ঝাই কয় যে তেওঁ বায়ুসেনাত কাম কৰি আছে আৰু বৰ্তমান ৰাজস্থানত নিযুক্তি লাভ কৰিছে। 

তেওঁ পত্নী আৰু সন্তানৰ সৈতে দেওঘৰলৈ  গৈ আছিল। ৰে'লখনে পাটনা জংচন এৰি যোৱাৰ অলপ পিছতে ডকাইতৰ দলে শালিমপুৰ ষ্টেচনৰ ওচৰত ৰে'ল খন  ৰখাইছিল আৰু কেইবাটাও দবাত উঠি লুণ্ঠন আৰম্ভ কৰিছিল। বায়ু সেনাৰ কৰ্মচাৰীগৰাকীৰ পত্নীৰ বন্দুক মূৰত থৈ  তেওঁৰ পাৰ্চ ,তিনিটা সোণৰ আঙুঠি, ম'বাইলসহ দুই লাখতকৈও অধিক মূল্যৰ সামগ্ৰী ডকাইতে লিটি লৈ যায়। ডকাইতি কাণ্ডৰ পিছতে যাত্ৰীসকলে তেওঁলোকে জছিদিহ ৰে'ল আৰক্ষী থানাক ঘটনাৰ বিষয়ে অৱগত কৰে।

ইপিনে লক্ষ্যণীয় কথাটো হ'ল ৰে'ল খনত আগে-পিছে যাত্ৰীৰ সুৰক্ষাৰ বাবে আৰপিএফৰ বাহিনী থাকে যদিও ডকাইতি কাণ্ডৰ সময়ত আৰপিএফৰ বাহিনী উপস্থিত নাছিল। কোনো নিৰাপত্তৰক্ষী নোহোৱাকৈয়ে ৰে'ল খনে যাত্ৰী কৰি আছিল।  ৰে'লৱে আৰক্ষীৰ  এছ পিয়ে এই কথা স্বীকাৰ কৰিছে। এছকৰ্ট অবিহনে চলি থকা ৰে'লখন দেখি ডকাইতে সুবিধা গ্ৰহণ কৰিছিল। দূৰন্ত এক্সপ্ৰেছৰ দৰে এখন ৰে'ল নিৰাপত্তাৰক্ষী অবিহনেই চলোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। বহুতে এনে ঘটনাৰ বাবে চৰকাৰৰ দায়িত্বজ্ঞানহীনতাকে দোষাৰোপ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক