--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
জিতুমণি বৰা

‘এটা সাধাৰণ মনুষ্যই মোক কি কৰিব পাৰে? মই ত্ৰিলোক বিজয়ী৷ মহাদেৱৰ বৰ আছে মোৰ শিৰত৷ দেৱতা, অসুৰ সকলোকে মই পৰাস্ত কৰিছোঁ৷ ইয়াৰ পাছত তুমি মোক এটা সাধাৰণ মনুষ্যৰ কথা কৈ ভয় খুৱাব বিচাৰিছা৷ তোমাৰ লাজ লাগিব লাগিছিল, মই লংকাধিপতি, মই ৰাৱণ৷’ ‘পাঁচজন পতিৰ সৈতে বাস কৰা তই এজনী বেশ্যা৷ তোৰ মান-সন্মান বুলি কিবা আছে নেকি? তোৰ নিচিনা নাৰীক ৰাজসভাতে নগ্ন কৰিব লাগে!’ –ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰা দুখন মহাকাব্যৰ দুটা বিখ্যাত সংলাপ৷ এই দুটা সংলাপে সলনি কৰিছিল এখন দেশৰ দুটা কালৰ ইতিহাস৷ সলনি কৰিছিল সিংহাসনৰ গৰাকীক৷ আৰু বহু কিবাকিবি৷ 

সংলাপ দুটা বাল্মীকি আৰু বেদব্যাসে দিছিল এজন পৰাক্ৰমী ৰজাৰ আৰু এজন ৰাজকুমাৰৰ মুখত৷ ৰজা আৰু ৰাজকুমাৰৰ অহংকাৰ ফুটি উঠিছিল এই দুটা সংলাপৰ মাজেদি৷ ৰজা আৰু ৰাজকুমাৰক যেতিয়া অহংকাৰে মূৰত ধৰে, তেতিয়া তেওঁলোকৰ আচৰণ কেনেকুৱা হ’ব পাৰে, সেয়া জানিবলৈ এই  দুটা সংলাপেই যথেষ্ট৷ আমাকো এই দুটা সংলাপে বাৰে বাৰে সকীয়াই দিয়ে নাৰীক অসন্মান নকৰিবা৷ তুমি যিমান ওপৰলৈ নুঠা কিয়, মাটিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবই লাগিব৷ কাৰণ ওপৰৰ পৰা সৰি পৰিলেও তুমি মাটিতে পৰিবা৷

মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে বুলি ৰাৱণ, দুৰ্যোধনে পাহৰি গৈছিল৷ তেওঁলোকে ভুলকৈ ভাবিছিল পৃথিৱী থাকে মানে তেওঁলোক ৰজা আৰু ৰাজকুমাৰ হৈয়ে থাকিব৷ প্ৰকৃতিয়েও তেওঁলোকৰ ওচৰত নতি স্বীকাৰ কৰি আঁঠু ল’ব৷ সময় গতিশীল৷ গতিশীল সময়ত নৈয়ে পলস যিদৰে দুয়োপাৰে পেলাই যায়, সেইদৰে খাগৰি, ইকৰা পাৰত থৈ যায়৷ ধুমুহাত কিন্তু ইকৰা-খাগৰি তেনেকৈয়ে থাকি যায়৷ উভালি পৰে বৰ বৰ গছ৷ 

স্বৰ্ণ লংকাৰ ৰজা ৰাৱণে জীৱনত কেতিয়াও অনুভৱ কৰিব পৰা নাছিল যে এগৰাকী বনবাসী সাধাৰণ মনুষ্যই তেওঁৰ জীৱনলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিব৷ যিদৰে দুৰ্যোধনেও অনুভৱ কৰা নাছিল এগৰাকী নাৰীক কৰা অপমানে এখন সাম্ৰাজ্যৰ পতন ঘটাব৷ সমানে এটা বংশ নিঃশেষ কৰি পেলাব৷ সোণৰ লংকা হনুমানৰ নেগুৰৰ জুয়ে ছাৰখাৰ কৰিব পাৰে বুলি ৰাৱণক তেওঁৰ অহংকাৰে ভাবিবলৈ দিয়া নাছিল৷ দুৰ্যোধনে দিবাস্বপ্ন দেখিছিল তেওঁৰ প্ৰতিশোধ আৰু হিংসাৰ জুইত পাণ্ডৱ পুৰি ছাই হৈ যাব৷
মানুহৰ মনত অহংকাৰৰ কেতিয়া জন্ম হয়? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি মনোবৈজ্ঞানিকে বিভিন্ন ব্যাখ্যা আগবঢ়াইছে৷ 

মনোবৈজ্ঞানিকে ভিন্ন ব্যাখ্যা আগবঢ়ালেও অহংকাৰ সৃষ্টিৰ আঁৰত মানুহৰ অপ্ৰাপ্তিৰ বেদনা লুকাই থাকে৷ যি মানুহ অতি উচ্চাকাংক্ষী আৰু যি মানুহৰ বৌদ্ধিক জ্ঞান তৰল হয়, তেনে মানুহৰ হাতত ধন, সম্পদ আৰু ক্ষমতা উবুৰি খাই পৰিলে তেওঁলোকে যিমানে চেষ্টা নকৰক স্বৰূপ প্ৰতি খোজত প্ৰকাশ পায়৷ তেওঁলোকৰ আচৰণ আৰু কথা-বাৰ্তাতো এয়া ফুটি উঠে৷ তেওঁলোকে প্ৰতি মুহূৰ্তত অনুভৱ কৰে– তেওঁলোকৰ জীৱন-যৌৱন, ধন-সম্পদ, ক্ষমতা সকলো চিৰস্থায়ী৷ পৃথিৱীৰ সকলো জীৱই এদিন বাৰ্ধক্যৰ দুৱাৰত টুকুৰিয়ালেও তেওঁলোক ইয়াৰ ব্যতিক্ৰম হৈ থাকি যাব বুলি এটা ভ্ৰান্ত ধাৰণা পুহি ৰাখে৷ তেওঁলোকক জৰা, ব্যাধি আৰু মৃত্যুৱে কেতিয়াও চুব নোৱাৰে৷ এইটো ভাবিয়ে ৰাৱণ, দুৰ্যোধন সকলো অহংকাৰত মত্ত হৈছিল৷ মৃত্যুমুখী বৃদ্ধক দেখি তেওঁলোকে সেয়ে হাঁহিছিল৷ ধন, সম্পদৰ অভাৱত ভুগি ভিক্ষা কৰা লোকৰ দুহাতলৈ এমুঠি চাউল, এটা ৰূপৰ মুদ্ৰা দলিয়াই দৰিদ্ৰতাক ভেঙুচালিৰে বিদ্ৰূপৰ হাঁহি মাৰিছিল এওঁলোকে৷
আৰু দৰিদ্ৰয়ো হাতত পৰা চাউলমুঠি আৰু ৰূপৰ মুদ্ৰাটো সাবটি ধনৱান আৰু ক্ষমতাৰে বলিয়ান ৰাৱণ-দুৰ্যোধনৰ অহংকাৰ দৰ্শন কৰিছিল৷ হয়তো দৰিদ্ৰই ভাবিবই পৰা নাছিল, ঈশ্বৰে নহ’লেও প্ৰকৃতিয়েও যে সময়ে সময়ে দম্ভত মত্ত মানুহৰ ওপৰত প্ৰতিশোধ লয়৷ 

নীৰৱ মোদী, ললিত মোদী, বিজয় মালিয়া আদিৰ দৰে ধনৱান মানুহবোৰ কিন্তু পৰিশ্ৰম আৰু সততাৰে হেজাৰ কোটিৰ গৰাকী হোৱা নাই৷ আচলতে এনেকুৱা পুঁজিপতি হ’বলৈ অসৎ উপায় অৱলম্বন কৰাটো যেন ধৰা-বন্ধা নিয়ম৷ কেতিয়াবা কোনোবাই কল্পনা কৰিব পাৰিছিল নে ছাহাৰা সাম্ৰাজ্যৰ অধিপতি সুব্ৰত ৰয় ছাহাৰাৰ ইমান সোনকালে মৃত্যু হ’ব বুলি? তেওঁলোকে মনলৈ এবাৰো অনা নাছিল যে তেওঁৰো এদিন মৃত্যু হ’ব৷ ধন, সম্পত্তি থাকিলেও যে জীৱন আৰু যৌৱন অনন্ত কাল ধৰি ৰাখিব নোৱাৰে, সেয়া প্ৰতি মুহূৰ্তত প্ৰমাণিত হোৱাৰ পাছতো এই মানুহবোৰে অমৰত্ব লাভ কৰা বুলি মিছাকৈয়ে গপ কৰে৷ তেওঁলোকৰ জীৱন স্থায়ী আৰু বাকীবোৰৰ একেবাৰে অস্থায়ী বুলি ভ্ৰান্ত ধাৰণা পুহি থাকে৷ অতি কৰুণভাৱে মৃত্যুক সাবটিছিল ছাহাৰা সাম্ৰাজ্যৰ একছত্ৰী সম্ৰাটজনে৷

সুস্বাস্থ্য অবিহনে ধন, সম্পদৰ কোনো মূল্য নাই৷ ৩৫ হাজাৰ কোটি টকা আত্মসাৎ কৰি বিদেশলৈ পলাই যোৱা নীৰৱ মোদীৰ বয়সনো কিমান? ৫৩ বছৰীয়া নীৰৱ মোদী গভীৰভাৱে বহুমুত্ৰ ৰোগত আক্ৰান্ত৷ এই ৰোগৰ মাত্ৰা ইমানে বেছি হৈ পৰিছে যে তেওঁৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগত ইয়াৰ আক্ৰমণ আৰম্ভ হোৱা বুলিও বাতৰি ওলাইছে৷ যি কি নহওক এই মানুহবোৰে দৰিদ্ৰক শোষণ কৰি জীৱন উদযাপন কৰাৰ সপোন দেখে৷ আমি আৰম্ভণিতে ৰাৱণ আৰু দুৰ্যোধনৰ দুটা বিশেষ সংলাপ উল্লেখ কৰিছিলোঁ৷ সংলাপ দুটাৰ জৰিয়তে ৰামায়ণ আৰু মহাভাৰতৰ দুটা মূল চৰিত্ৰৰ আচৰণৰ বিষয়ে আলোচনা কৰাৰ কাৰণ হ’ল– ক্ষমতা অপাত্ৰৰ হাতত পৰিলে সাধাৰণ নাগৰিকে তেওঁলোকৰ পৰা যুধিষ্ঠিৰ আৰু ৰামচন্দ্ৰৰ দৰে আচৰণ আশা কৰাটো ভুল৷

এইখন ভাৰতৰ পটভূমিতে দুখনকৈ মহাকাব্য ৰচিত হৈছে৷ দুয়োখন মহাকাব্যৰ যি দুটা চৰিত্ৰৰ বিষয়ে আলচ কৰিছোঁ, সেই দুয়োটা চৰিত্ৰ ভাৰতীয় সমাজ জীৱনৰ পৰাই বাল্মীকি আৰু ব্যাসে বুটলি লৈছিল৷ আজিৰ দিনতো তেনে চৰিত্ৰ ভাৰতত বিৰাজমান হৈ থকাটো তেনেই স্বাভাৱিক৷ কোনো মানুহে ৰাৱণ, দুৰ্যোধনৰ দৰে চৰিত্ৰবোৰক জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিব নিবিচাৰে৷ যি চৰিত্ৰই মানুহক উপলুঙা, ভেঙুচালি কৰিবলৈ শিকায়, যি চৰিত্ৰই ক্ষমতা পোৱাৰ পাছত অন্ধ হৈ পৰে, সেই চৰিত্ৰ আজিৰ ভাৰতীয় সমাজ আৰু ৰাজনৈতিক জগতত দুৰ্লভ নহ’লেও তেওঁলোক কোনো মানুহে অন্তৰৰ পৰা বন্দনা নকৰে৷ 

ইয়াৰ বিপৰীতে এনে চৰিত্ৰও ভাৰতীয় ৰাজনীতিত বিৰাজমান, যি চৰিত্ৰই আপোনাক-মোক আশাহত কৰাৰ পৰা বিৰত ৰাখিব পাৰিছে৷ ইতিহাসত আমি এনে চৰিত্ৰও পাইছোঁ, যি চৰিত্ৰই একছত্ৰী সম্ৰাট হোৱাৰ পাছতো দয়ালু আৰু পৰোপকাৰী ৰূপ ধাৰণ কৰি সাধাৰণ নাগৰিকৰ এজন হৈ জীৱন পাৰ কৰিছিল৷ সেই চৰিত্ৰ ধৰ্মৰাজ যুধিষ্ঠিৰৰ৷ একেখন মহাভাৰতৰ দুটা চৰিত্ৰ দুৰ্যোধন আৰু যুধিষ্ঠিৰ৷ এটা পৰিয়ালৰে দুই সন্তান৷ দুয়োজনৰ চিন্তাৰ পৰিধি আৰু আচৰণ সম্পূৰ্ণ বিপৰীত৷ হয়তো ইয়াৰ বাবেই যুধিষ্ঠিৰৰ পক্ষত শ্ৰীকৃষ্ণ আৰু দুৰ্যোধনৰ পক্ষত শকুনি পৰামৰ্শদাতা হিচাপে আৱিৰ্ভাৱ হৈছিল৷

এই কথাখিনি মনত পেলাই দিলে দুদিনমান পূৰ্বে সৰ্বানন্দ সোণোৱালৰ এটা মন্তব্যই৷ অসমীয়া সমাজখন অত্যন্ত স্পৰ্শকাতৰ৷ আমাক আৱেগিক বুলি যিদৰে এচামে ঠাট্টা-মস্কৰা কৰে, সেইদৰে আমি অতিথিপৰায়ণ বুলিও এটা সুনাম আছে৷ এনেকুৱা এখন সমাজত নিৰ্বাচনৰ বতৰত যিবোৰ বাক্য, সংলাপ বতাহত উৰি ফুৰিছে, সেইবোৰে আমাৰ ভৱিষ্যতৰ সমাজখনৰ ছবি আঁকিছে৷ 

সকলো কথাতে নতুন প্ৰজন্মক হোৱাই-নোহোৱাই দোষাৰোপ কৰাসকলে নিশ্চয় জানে সমাজখন কিন্তু দূষিত কৰিছে নিৰ্দিষ্ট কিছুমান মানুহে৷ বিৰোধীক তুচ্ছ-তাচ্ছিল্য পেংলাই কৰি নিজকে শক্তিমান হিচাপে প্ৰক্ষেপ কৰিব বিচৰা নেতাসকলৰ বিপৰীতে গৈ সৰ্বানন্দ সোণোৱালে বিৰোধী সম্পৰ্কত কৰা মন্তব্যই নতুন বাৰ্তা দিছে৷ গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱাটো জৰুৰী বুলি তেওঁ মন্তব্য কৰিছে৷ আৰু কৈছে– কিমান লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব, সেয়া কেনেকৈ জানিব? এই সিদ্ধান্ত ৰাইজে ল’ব৷ অত্যন্ত গুৰুত্বপূৰ্ণ কথা৷ গণতন্ত্ৰত ৰাইজেই যে ৰজা, সেয়া সোণোৱালে পুনৰ দোহাৰিলে৷

এই সময়ত যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি দুটা আটাইতকৈ বেছি চৰ্চিত৷ এই সমষ্টি দুটাৰ তিনিগৰাকী প্ৰাৰ্থীৰ প্ৰসংগও আলোচিত নোহোৱাকৈ থকা নাই৷ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা গৌৰৱ গগৈ আৰু বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক লৈয়ো ৰাইজ অসুখী নহয়৷ দুয়োজনে দুটা ভিন্ন ৰাজনৈতিক দৰ্শনক প্ৰতিনিধিত্ব কৰিছে৷ ভোটাৰে ঠিক কৰিব কোনগৰাকী প্ৰাৰ্থী সাংসদ হোৱাটো উচিত৷ কোনগৰাকী প্ৰাৰ্থী সাংসদ হ’লে যোৰহাট আৰু অসমৰ বাবে কামত আহিব৷ এই বিশ্লেষণ সচেতন আৰু শিক্ষিত ভোটাৰে নিজাববীয়াকৈ কৰিব৷ 

যোৰহাটৰ সাংসদ প্ৰাৰ্থী গৌৰৱ গগৈক সাংবাদিকে সুধিছিল– আপুনি কিমান ভোটত জিকিব? উত্তৰত তেওঁ কৈছিল– সেয়া জনাৰ উপায় নাই৷ ৰাইজৰ ওচৰলৈ গৈছোঁ, তেওঁলোকে সিদ্ধান্ত লৈ ভোট দিব৷ বিজেপি প্ৰাৰ্থী তপন গগৈকো একেটা প্ৰশ্ন সাংবাদিকে সুধিছিল৷ তপন গগৈয়ে এই ক্ষেত্ৰত যথেষ্ট পৰিপক্ব আৰু ৰুচিপূৰ্ণ মন্তব্য কৰিছিল৷ কিমান ভোটত তেওঁ জিকিব, সেয়া বেলেগ কথা৷ কিন্তু যোৰহাটৰ ৰাইজে তেওঁ আৰু গৌৰৱ গগৈৰ মাজত যিগৰাকীক উপযুক্ত বুলি বিবেচনা কৰে, সেইগৰাকীকে ভোট দিব৷ এই মন্তব্যৰে তপন গগৈয়ে নিজৰ ৰুচিৰ পৰিচয় দিছে৷ ইয়াত কোনো তাচ্ছিল্য, বিদ্বেষ আৰু অহংকাৰৰ স্থান নাই৷ আচলতে এজন মানুহ ধন আৰু ক্ষমতাৰে কিমান বলৱান, সেয়া আনৰ বাবে গুৰুত্বপূৰ্ণ নহয়৷ আনৰ বাবে গুৰুত্বপূৰ্ণ তেওঁৰ আচৰণ আৰু মাৰ্জিত বক্তব্য৷

ৰাজনৈতিক আদৰ্শত পাৰ্থক্য থাকিলেও সৰ্বানন্দ সোণোৱালে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে অপমানজনক মন্তব্য এতিয়ালৈকে কৰা নাই৷ সেইদৰে যোৰহাটত তপন গগৈ আৰু গৌৰৱ গগৈ কোনোৱে ইজনে সিজনৰ বিৰুদ্ধে মানহানিকৰ তথা ৰুচিহীন মন্তব্য নকৰাটোৱে তেওঁলোকৰ ব্যক্তিত্ব অন্য ধৰণে তুলি ধৰিছে৷ 

চন্দ্ৰপ্ৰসাদ শইকীয়াই তেওঁৰ বহুকেইটা জনপ্ৰিয় লেখাত এটা কথা বাৰে বাৰে উল্লেখ কৰিছিল৷ সেইটো হ’ল– শব্দ ব্ৰহ্ম৷ শব্দৰ এনেকুৱা এক শক্তি আছে, যি শক্তিয়ে এখন পৃথিৱী ধবংস কৰিব পাৰে৷ একেদৰে শব্দই নতুনকৈ এখন পৃথিৱী গঢ়িবও পাৰে৷ পাৰ্থৰ তূণৰ পৰা ওলাই যোৱা শৰ যিদৰে উভতি নাহে, সেইদৰে মুখৰ পৰা ওলোৱা শব্দ পুনৰ কওঁতাজনৰ শৰীৰলৈ উভতি নাহে৷ এই শব্দ ব্ৰহ্মাণ্ডত বিয়পি পৰে৷ সেয়ে চন্দ্ৰপ্ৰসাদ শইকীয়াই প্ৰতিগৰাকী মনুষ্যক আহ্বান জনাইছিল– কথা কওঁতে জুখি-মাখি সচেতন হৈ ক’ব লাগে৷ তাতে ৰাজনৈতিক নেতাসকলে কোৱা কথা-বতৰা সংবাদ মাধ্যমৰ জৰিয়তে ইতিহাসত লিপিবদ্ধ হৈ পৰে৷ অসমীয়া সমাজ জীৱন আৰু সাহিত্যৰ জগতখনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ভূমিকা আমি অস্বীকাৰ কৰিব নোৱাৰো৷ তেওঁৰ সাহিত্য, তেওঁৰ গদ্য অতুলনীয়৷ একোটা শব্দ ব্যৱহাৰ কৰোতে তেওঁ সদাসতৰ্ক হৈ থাকে বুলি মন্তব্য কৰিছিল৷ 

এজন সাহিত্যিক তথা লেখক যদি নিজৰ ভাষা আৰু শব্দক লৈ ইমান সচেতন হ’ব পাৰে, তেনেহ’লে ৰাজনীতিৰ গুৰি ধৰিবলৈ লোৱা আমাৰ নেতাসকলে মুখত যি আহে, তাকে এপিনৰ পৰা কৈ যোৱাটো যুগুতনে? যি শব্দই নেতাৰ অহংকাৰ, দম্ভ, গপৰ বহিপ্ৰৰ্কাশ ঘটায়, যি শব্দই তেওঁক অহংকাৰী আৰু প্ৰতিশোধপৰায়ণ হিচাপে চিহ্নিত কৰে, যি শব্দই সমাজত বিৰূপ প্ৰভাৱ পেলায়, সেই শব্দ পৰিহাৰ কৰি সমাজত এটা শুভ বাৰ্তা দিবৰ বাবে ৰাজনৈতিক নেতাসকল আগ্ৰহী হোৱাত বাধা ক’ত? ৰাৱণ আৰু দুৰ্যোধনে শব্দৰ ব্যৱহাৰ নজনাৰ বাবেই সৃষ্টি হৈছিল ৰামায়ণ আৰু মহাভাৰতৰ৷ ধ্বংস হৈছিল সোণৰ লংকা আৰু কুৰুকুল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement