--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা বিখ্যাত ফেশ্বন ডিজাইনাৰ ৰোহিত বাৰ্মাই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। সকলোৰে সন্মুখত প্ৰকাশ কৰিলে ৰোহিতে নিজৰ জীৱনৰ ভয়ংকৰ আৰু তিক্ত সত্য। ৰোহিত বাৰ্মাই জনোৱা মতে, যেতিয়া তেওঁৰ বয়স ৮ বছৰ আছিল তেতিয়া তেওঁৰ এজন  খুড়াকে তেওঁক যৌন নিৰ্যাতন চলাইছিল।

ৰোহিতে কয় যে তেওঁ এটা অতি ভাল পৰিয়ালৰ সন্তান। তেওঁৰ পৰিয়ালৰ লোকসকলে এতিয়াও পৰম্পৰাগত ৰীতি-নীতি মানি সংস্কাৰমূলকভাৱে চলে। কিন্তু তাৰপাছতো সকলোৰে অজ্ঞাতে ৰোহিত বাৰ্মাৰ জীৱনত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল।  শৈশৱৰ ভয়াৱহ কাহিনী উদঙাই দি ৰোহিতে কৈছিল যে খুড়াকে তেওঁক জোৰ কৰি শাৰী পিন্ধাই গাত গৰম মম লগাই দিছিল। লগতে খুড়াকে তেওঁক চলাইছিল যৌন নিৰ্যাতন।

ৰোহিতে কয় যে, ''খুড়াই মোক শাৰী পিন্ধাই ছোৱালী সজাইছিল আৰু মোৰ ওপৰত গৰম মম লগাইছিল আৰু তাৰপাছত মোৰ লগত কিছুমান ভয়ংকৰ কাণ্ড কৰিছিল। এই সকলোবোৰ খুড়াই মোৰ লগত অবিৰতভাৱে ৩-৪ বছৰ ধৰি কৰিলে। ভয়ত এই সকলোবোৰ কথা মই কেতিয়াও মা দেউতাকৰ লগত শ্বেয়াৰ কৰা নাছিলো।''

ৰোহিতে অকপটে স্বীকাৰ কৰে যে মুম্বাইলৈ প্ৰথম আহোতে তেওঁ বেশ্যা হিচাপেও কৰিছিল। সেই সময়ত তেওঁ শাৰী পিন্ধিছিল। ৰোহিতে ইয়াৰ লগতে ইণ্ডাষ্ট্ৰীত চলি থকা কাষ্টিং কাউচৰ অন্ধকাৰ সত্যৰ বিষয়েও কয়। ৰোহিতে কয় যে তেওঁ এজন জনপ্ৰিয় অভিনেতাৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। কিন্তু সেই অভিনেতাজনে যেতিয়া কাম পাবলৈ ধৰিলে, তেতিয়া তেওঁ ৰোহিতক এৰি গুচি গ’ল। ৰোহিত বাৰ্মাই কোৱা এই কথাবোৰক লৈ এতিয়া ইণ্ডাষ্ট্ৰী আৰু ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’