--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰহ্মাস্ত্ৰ ছবিখনৰ প্ৰচাৰৰ বাবে মঙলবাৰে উজ্জয়িনীত উপস্থিত হয় ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু পৰিচালক অয়ন মুখাৰ্জী। অৱশ্যে মহাকালক দৰ্শন কৰাৰ পূৰ্বেই তেওঁলোক প্ৰচণ্ড বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয়। মহাকালক দৰ্শন কৰিবলৈ মন্দিৰত উপস্থিত হোৱাৰ আগতেই শতাধিক বজৰং দলৰ কৰ্মী মন্দিৰৰ দুৱাৰত উপস্থিত হয়। 

শ্ৰী ৰামৰ ধ্বনি দি বজৰং দলৰ কৰ্মীসকলে হুলস্থুল আৰম্ভ কৰে। গভীৰ নিশা মহাকাললৈ আহিছিল অয়ন মুখাৰ্জীসহ ৰণবীৰ, আলিয়া। বাবাক দৰ্শন কৰি ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলেহেঁতেন তেওঁলোকে। অয়ন মুখাৰ্জীয়ে কয় যে ছবিখন মুক্তিৰ পূৰ্বে মহাকালক দৰ্শন কৰাৰ মোৰ বহুত ইচ্ছা আছিল।

উল্লেখ্য যে আৰক্ষীয়ে বজৰং দলৰ কৰ্মীসকলক ৰোধ কৰিবলৈ চেষ্টা কৰোতে তেওঁলোকে আৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। ক্ৰমবৰ্ধমান প্ৰতিবাদ দেখি আৰক্ষীয়ে ছবিখনৰ ষ্টাৰকাষ্টক নিৰাপদে উভতাই লৈ যায়। বজৰং দলে অভিযোগ কৰি কয় যে ব্ৰহ্মাস্ত্ৰত ৰণবীৰ কাপুৰে গৌমাতাৰ বিষয়ে ভুল মন্তব্য কৰিছিল, যাৰ বাবে কৰ্মীসকলে প্ৰতিবাদ কৰিছে। 

এই বৰ্ষৰ আটাইতকৈ ডাঙৰ ছবিখন হ’ল অয়ন মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’। অয়ন মুখাৰ্জীয়ে যোৱা ৯ বছৰ ধৰি এই ছবিখনৰ কাম কৰি আছিল। ৯ ছেপ্টেম্বৰত মুক্তি পাব ছবিখনে। ছবিখনৰ বাজেট ৩০০-৩৫০ কোটি টকা বুলি কোৱা হৈছে। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?