--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰহ্মাস্ত্ৰ ছবিখনৰ প্ৰচাৰৰ বাবে মঙলবাৰে উজ্জয়িনীত উপস্থিত হয় ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু পৰিচালক অয়ন মুখাৰ্জী। অৱশ্যে মহাকালক দৰ্শন কৰাৰ পূৰ্বেই তেওঁলোক প্ৰচণ্ড বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয়। মহাকালক দৰ্শন কৰিবলৈ মন্দিৰত উপস্থিত হোৱাৰ আগতেই শতাধিক বজৰং দলৰ কৰ্মী মন্দিৰৰ দুৱাৰত উপস্থিত হয়। 

শ্ৰী ৰামৰ ধ্বনি দি বজৰং দলৰ কৰ্মীসকলে হুলস্থুল আৰম্ভ কৰে। গভীৰ নিশা মহাকাললৈ আহিছিল অয়ন মুখাৰ্জীসহ ৰণবীৰ, আলিয়া। বাবাক দৰ্শন কৰি ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলেহেঁতেন তেওঁলোকে। অয়ন মুখাৰ্জীয়ে কয় যে ছবিখন মুক্তিৰ পূৰ্বে মহাকালক দৰ্শন কৰাৰ মোৰ বহুত ইচ্ছা আছিল।

উল্লেখ্য যে আৰক্ষীয়ে বজৰং দলৰ কৰ্মীসকলক ৰোধ কৰিবলৈ চেষ্টা কৰোতে তেওঁলোকে আৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। ক্ৰমবৰ্ধমান প্ৰতিবাদ দেখি আৰক্ষীয়ে ছবিখনৰ ষ্টাৰকাষ্টক নিৰাপদে উভতাই লৈ যায়। বজৰং দলে অভিযোগ কৰি কয় যে ব্ৰহ্মাস্ত্ৰত ৰণবীৰ কাপুৰে গৌমাতাৰ বিষয়ে ভুল মন্তব্য কৰিছিল, যাৰ বাবে কৰ্মীসকলে প্ৰতিবাদ কৰিছে। 

এই বৰ্ষৰ আটাইতকৈ ডাঙৰ ছবিখন হ’ল অয়ন মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’। অয়ন মুখাৰ্জীয়ে যোৱা ৯ বছৰ ধৰি এই ছবিখনৰ কাম কৰি আছিল। ৯ ছেপ্টেম্বৰত মুক্তি পাব ছবিখনে। ছবিখনৰ বাজেট ৩০০-৩৫০ কোটি টকা বুলি কোৱা হৈছে। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’