--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চালৈ আহিছে বেংগালুৰুৰ এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ চাঞ্চল্যকৰ কাৰ্য। শাৰীৰিক শিক্ষাৰ সময়ত যোৱা তিনিমাহত ১৫ গৰাকী কন্যা ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল শিক্ষকগৰাকীয়ে। বৰ্তমান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, হেব্বলৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক অঞ্জনাপ্পাই শাৰীৰিক শিক্ষাৰ শ্ৰেণীৰ সময়ত ছাত্ৰীক অনুচিতভাৱে স্পৰ্শ আৰু নিৰ্যাতন চলাইছিল।এই কথাটো চৰ্চালৈ আহিছিল যেতিয়া অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকগৰাকীৰ এই জঘন্য কামৰ বিষয়ে পিতৃ-মাতৃক জনাইছিল।

ইয়াৰ পাছত অভিভাৱকসকলে এই তথ্য বিদ্যালয়খনৰ প্ৰধান শিক্ষকক দিয়ে। এই সন্দৰ্ভত প্ৰধান শিক্ষকে আভ্যন্তৰীণ তদন্ত কৰে। তদন্তত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে উক্ত শিক্ষকে দুপৰীয়াৰ আহাৰ গ্ৰহণ আৰু শাৰীৰিক শিক্ষাৰ ক্লাছৰ সময়ত অনুচিতভাৱে স্পৰ্শ কৰিছিল। শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নিশ্চিত কৰাৰ পাছত মঙলবাৰে প্ৰধান শিক্ষকে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে। POCSO আইন আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে‌ শিক্ষকজনক। 

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত অঞ্জনাপ্পাক ধাৰা ৮ৰ অধিনত যৌন নিৰ্যাতনৰ বাবে তিনি বছৰৰ পৰা পাঁচ বছৰৰ শাস্তি প্ৰদান কৰিছে। আৰু ধাৰা ১২ৰ আধিনত যৌন নিৰ্যাতনৰ বাবে তিনি বছৰ পৰ্যন্ত শাস্তি আৰু জৰিমনা আৰু আই.পি.চি.এ ধাৰা ৩৫৪ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু