--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চালৈ আহিছে বেংগালুৰুৰ এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ চাঞ্চল্যকৰ কাৰ্য। শাৰীৰিক শিক্ষাৰ সময়ত যোৱা তিনিমাহত ১৫ গৰাকী কন্যা ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল শিক্ষকগৰাকীয়ে। বৰ্তমান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, হেব্বলৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক অঞ্জনাপ্পাই শাৰীৰিক শিক্ষাৰ শ্ৰেণীৰ সময়ত ছাত্ৰীক অনুচিতভাৱে স্পৰ্শ আৰু নিৰ্যাতন চলাইছিল।এই কথাটো চৰ্চালৈ আহিছিল যেতিয়া অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকগৰাকীৰ এই জঘন্য কামৰ বিষয়ে পিতৃ-মাতৃক জনাইছিল।

ইয়াৰ পাছত অভিভাৱকসকলে এই তথ্য বিদ্যালয়খনৰ প্ৰধান শিক্ষকক দিয়ে। এই সন্দৰ্ভত প্ৰধান শিক্ষকে আভ্যন্তৰীণ তদন্ত কৰে। তদন্তত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে উক্ত শিক্ষকে দুপৰীয়াৰ আহাৰ গ্ৰহণ আৰু শাৰীৰিক শিক্ষাৰ ক্লাছৰ সময়ত অনুচিতভাৱে স্পৰ্শ কৰিছিল। শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নিশ্চিত কৰাৰ পাছত মঙলবাৰে প্ৰধান শিক্ষকে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে। POCSO আইন আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে‌ শিক্ষকজনক। 

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত অঞ্জনাপ্পাক ধাৰা ৮ৰ অধিনত যৌন নিৰ্যাতনৰ বাবে তিনি বছৰৰ পৰা পাঁচ বছৰৰ শাস্তি প্ৰদান কৰিছে। আৰু ধাৰা ১২ৰ আধিনত যৌন নিৰ্যাতনৰ বাবে তিনি বছৰ পৰ্যন্ত শাস্তি আৰু জৰিমনা আৰু আই.পি.চি.এ ধাৰা ৩৫৪ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক