--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাত জড়িত  দোষীসকলক অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মুকলি কৰি দিয়া হ’ব। উচ্চতম ন্যায়ালয়ে  শুকুৰবাৰে গোচৰটোৰ ছয়জন দোষীক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। মুক্তি লাভ কৰা হত্যাকাৰী কেইগৰাকীৰ তালিকাখনত আছে নলিনী শ্ৰীহৰণ, ৰবিচন্দ্ৰন, শান্তন, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰ। 

এই গোচৰটোৰ আন এজন আজীৱন দোষী পেৰাৰিভালনক উচ্চতম ন্যায়ালয়ে এই বছৰৰ মে’ মাহত মুকলি কৰি দিছিল। ৰাজীৱ হত্যাকাণ্ডৰ গোচৰত নলিনী আৰু অন্যান্য দোষীকো আজীৱন কাৰাদণ্ড বিহা হৈছিল। তেওঁলোক ২৩ বছৰ বা ততোধিক সময় কাৰাগাৰত আছে। আদালতৰ ৰায়ৰ পিছতে   নলিনীয়ে কয়, "মই সন্ত্ৰাসবাদী  নহয়।  উল্লেখ্য ১৯৯১ চনৰ ২১ মে'ত তামিলনাডুৰ শ্ৰীপেৰামবাদুৰত এক নিৰ্বাচনী জনসভাত এক আত্মঘাতী বোমা বিস্ফোৰণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নিহত হৈছিল। শ্ৰীলংকাৰ বিদ্ৰোহী তামিল গোট এলটিটিইৰ ধনু নামৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে ৰাজীৱ গান্ধীৰ কাষকলৈ আহি বোমা বিস্ফোৰণ ঘটাইছিল ।

 আদালতে গোচৰটোত সাতজন লোকক দোষী সাব্যস্ত কৰিছিল আৰু তেওঁলোকক মৃত্যুদণ্ড বিহিছিল। উক্ত সাত গৰাকী লোকেই ক্ষমা বিচাৰি ৰাষ্ট্ৰপতিৰ ওচৰত  আবেদন জনাইছিল। ২০১৪  চনত উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত  সিদ্ধান্ত লোৱাত পলম হোৱাৰ বাবে মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল। ২০১৮ চনত তামিলনাডুৰ তদানীন্তন এডিএমকে চৰকাৰৰ কেবিনেটে সময়ৰ আগতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত দোষী কেইজনক  মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল। সেই সময়ত  সিদ্ধান্তটো তামিলনাডুৰ তদানীন্তন ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিতলৈ প্ৰেৰণ কৰা হৈছিলআৰু ৰাজ্যপালে  সিদ্ধান্তটো বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল। 

ৰাজ্যপালে বিষয়টোত সন্মতি  নিদিয়াৰ পিছত পেৰাৰিভালনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। নলিনী আৰু ৰবিচন্দ্ৰনে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোকৰ মুক্তি বিচাৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। জুন মাহত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নলিনীক উচ্চতম ন্যায়ালয়ত আপীল  কৰিবলৈ পৰামৰ্শ দিছিল। এক দীঘলীয়া সময়ৰ পিছত অৱশেষত আজি ৰাজীৱ হত্যাকাৰীসকলক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু