--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাত জড়িত  দোষীসকলক অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মুকলি কৰি দিয়া হ’ব। উচ্চতম ন্যায়ালয়ে  শুকুৰবাৰে গোচৰটোৰ ছয়জন দোষীক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। মুক্তি লাভ কৰা হত্যাকাৰী কেইগৰাকীৰ তালিকাখনত আছে নলিনী শ্ৰীহৰণ, ৰবিচন্দ্ৰন, শান্তন, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰ। 

এই গোচৰটোৰ আন এজন আজীৱন দোষী পেৰাৰিভালনক উচ্চতম ন্যায়ালয়ে এই বছৰৰ মে’ মাহত মুকলি কৰি দিছিল। ৰাজীৱ হত্যাকাণ্ডৰ গোচৰত নলিনী আৰু অন্যান্য দোষীকো আজীৱন কাৰাদণ্ড বিহা হৈছিল। তেওঁলোক ২৩ বছৰ বা ততোধিক সময় কাৰাগাৰত আছে। আদালতৰ ৰায়ৰ পিছতে   নলিনীয়ে কয়, "মই সন্ত্ৰাসবাদী  নহয়।  উল্লেখ্য ১৯৯১ চনৰ ২১ মে'ত তামিলনাডুৰ শ্ৰীপেৰামবাদুৰত এক নিৰ্বাচনী জনসভাত এক আত্মঘাতী বোমা বিস্ফোৰণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নিহত হৈছিল। শ্ৰীলংকাৰ বিদ্ৰোহী তামিল গোট এলটিটিইৰ ধনু নামৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে ৰাজীৱ গান্ধীৰ কাষকলৈ আহি বোমা বিস্ফোৰণ ঘটাইছিল ।

 আদালতে গোচৰটোত সাতজন লোকক দোষী সাব্যস্ত কৰিছিল আৰু তেওঁলোকক মৃত্যুদণ্ড বিহিছিল। উক্ত সাত গৰাকী লোকেই ক্ষমা বিচাৰি ৰাষ্ট্ৰপতিৰ ওচৰত  আবেদন জনাইছিল। ২০১৪  চনত উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত  সিদ্ধান্ত লোৱাত পলম হোৱাৰ বাবে মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল। ২০১৮ চনত তামিলনাডুৰ তদানীন্তন এডিএমকে চৰকাৰৰ কেবিনেটে সময়ৰ আগতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত দোষী কেইজনক  মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল। সেই সময়ত  সিদ্ধান্তটো তামিলনাডুৰ তদানীন্তন ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিতলৈ প্ৰেৰণ কৰা হৈছিলআৰু ৰাজ্যপালে  সিদ্ধান্তটো বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল। 

ৰাজ্যপালে বিষয়টোত সন্মতি  নিদিয়াৰ পিছত পেৰাৰিভালনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। নলিনী আৰু ৰবিচন্দ্ৰনে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোকৰ মুক্তি বিচাৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। জুন মাহত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নলিনীক উচ্চতম ন্যায়ালয়ত আপীল  কৰিবলৈ পৰামৰ্শ দিছিল। এক দীঘলীয়া সময়ৰ পিছত অৱশেষত আজি ৰাজীৱ হত্যাকাৰীসকলক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক