--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ চিনেমাৰ পৰ্দাত ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰুক লৈ বলীউডত নিৰ্মাণ কৰা হ’ব চিনেমা।  শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজতো ৰবীন্দ্ৰনাথৰ বেশত এগৰাকী অভিনেতাৰ ‘লুক’ প্ৰকাশ পাইছে। প্ৰশ্ন হৈছে বলীউডৰ কোনজন অভিনেতাক ৰবীন্দ্ৰনাথৰ চৰিত্ৰত দেখা যাব?

একোঁচা চুলিৰে গালভৰ্তি বগা দাড়ি। পিন্ধনত ক'লা কাপোৰ। ক'লা-বগা ছবিত কবিগুৰু। কিন্তু সেয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ নহয়, বলীউডৰ অভিনেতা অনুপম খেৰহে! অনুপম খেৰে ৰূপায়ন কৰিব কবিগুৰুৰ চৰিত্ৰ।

প্ৰথম দৃষ্টিতে তেওঁৰ এই ‘লুক’ দেখি আচৰিত হৈ পৰিল নেটিজেনসকল। ছ’চিয়েল মিডিয়া পেজত ৰবি ঠাকুৰৰ ৰূপত নিজৰ লুক শ্বেয়াৰ কৰি অনুপমে লিখিছে, “মোৰ ৫৩৮ সংখ্যক প্ৰজেক্টত গুৰুদেৱৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱ অনুভৱ কৰিছো। সকলো কথা সঠিক সময়ত ক’ম।''

অনুপমৰ অনুৰাগীসকল এই লুকত আপ্লুত হৈছে। সাজ-পোছাক আৰু সজ্জাত ৰবীন্দ্ৰনাথক প্ৰায় নিখুঁতভাৱে চিত্ৰিত কৰিছে অভিনেতাগৰাকীয়ে। অনুপমৰ চেহেৰাকো প্ৰশংসা কৰে নেটিজেনসকলে। বহুতে তেওঁৰ প্ৰকল্পৰ বাবে শুভকামনা জনাইছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত কলকাতা ভ্ৰমণৰ সময়ত অনুপমে শান্তিনিকেতন ভ্ৰমণ কৰিছিল। বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ অভিনেতাগৰাকী আপ্লুত হৈ পৰে। লগতে ৰবি ঠাকুৰে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাৰ প্ৰশংসা কৰে। শান্তিনিকেতনত থকা সময়ছোৱাত তেওঁ তাৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। আনকি অভিনেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ আগত ৰবীন্দ্ৰ সংগীত গোৱাও দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু