--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ চিনেমাৰ পৰ্দাত ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰুক লৈ বলীউডত নিৰ্মাণ কৰা হ’ব চিনেমা।  শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজতো ৰবীন্দ্ৰনাথৰ বেশত এগৰাকী অভিনেতাৰ ‘লুক’ প্ৰকাশ পাইছে। প্ৰশ্ন হৈছে বলীউডৰ কোনজন অভিনেতাক ৰবীন্দ্ৰনাথৰ চৰিত্ৰত দেখা যাব?

একোঁচা চুলিৰে গালভৰ্তি বগা দাড়ি। পিন্ধনত ক'লা কাপোৰ। ক'লা-বগা ছবিত কবিগুৰু। কিন্তু সেয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ নহয়, বলীউডৰ অভিনেতা অনুপম খেৰহে! অনুপম খেৰে ৰূপায়ন কৰিব কবিগুৰুৰ চৰিত্ৰ।

প্ৰথম দৃষ্টিতে তেওঁৰ এই ‘লুক’ দেখি আচৰিত হৈ পৰিল নেটিজেনসকল। ছ’চিয়েল মিডিয়া পেজত ৰবি ঠাকুৰৰ ৰূপত নিজৰ লুক শ্বেয়াৰ কৰি অনুপমে লিখিছে, “মোৰ ৫৩৮ সংখ্যক প্ৰজেক্টত গুৰুদেৱৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱ অনুভৱ কৰিছো। সকলো কথা সঠিক সময়ত ক’ম।''

অনুপমৰ অনুৰাগীসকল এই লুকত আপ্লুত হৈছে। সাজ-পোছাক আৰু সজ্জাত ৰবীন্দ্ৰনাথক প্ৰায় নিখুঁতভাৱে চিত্ৰিত কৰিছে অভিনেতাগৰাকীয়ে। অনুপমৰ চেহেৰাকো প্ৰশংসা কৰে নেটিজেনসকলে। বহুতে তেওঁৰ প্ৰকল্পৰ বাবে শুভকামনা জনাইছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত কলকাতা ভ্ৰমণৰ সময়ত অনুপমে শান্তিনিকেতন ভ্ৰমণ কৰিছিল। বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ অভিনেতাগৰাকী আপ্লুত হৈ পৰে। লগতে ৰবি ঠাকুৰে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাৰ প্ৰশংসা কৰে। শান্তিনিকেতনত থকা সময়ছোৱাত তেওঁ তাৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। আনকি অভিনেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ আগত ৰবীন্দ্ৰ সংগীত গোৱাও দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক