--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কাজলে নতুন ছৱি ‘দ্য ট্ৰাইল’ৰ প্ৰচাৰৰ সময়ত কৰা এটা মন্তব্যক লৈ চৰ্চা চলিছে। কাজলক অনেকে আক্ৰমণো কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উদ্ধৱ থাকৰে শিৱিৰৰ শিৱসেনাইও।

শেহতীয়াকৈ দ্য কুইণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাজলে কয়- “বিশেষকৈ ভাৰতৰ দৰে দেশত পৰিৱৰ্তন লেহেমীয়া। ই অতি অতি লেহেমীয়া কাৰণ আমি আমাৰ পৰম্পৰাত ডুব গৈছো অৱশ্যেই শিক্ষাও একেধৰণৰেই হৈ আছে।’’

কাজলে কয়- ‘'এনে ৰাজনৈতিক নেতা আছে, যাৰ বুনিয়াদী শিক্ষাই নাই। ক্ষমা কৰিব কিন্তু মই তেনেকৈয়ে কওঁ। মোক এনে কিছু নেতাই শাসন কৰি আছে, তাৰ মাজৰে বহুতৰে সেই দৃষ্টিভংগী নাই, যিটো দৃষ্টিভংগী শিক্ষাই দিব পাৰে, অন্ততঃ বেলেগ বেলেগ দৃষ্টিভংগীৰ প্ৰতি সজাগ কৰিব পৰাকৈ।’’

শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কাজলক সমৰ্থন কৰে। টুইটাৰত প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “কাজলে কৈছে যে আমি এনে নেতাৰ দ্বাৰা পৰিচালিত হৈছো যিসকল অশিক্ষিত আৰু তেওঁলোকৰ কোনো দৃষ্টিভংগী নাই। কাজলৰ কথাত কোনো ক্ষোভিত 
হোৱা নাই, তেওঁ কাৰো নাম উল্লেখ কৰা নাই কিন্তু সকলো ভক্তই ক্ষোভিত হৈ পৰা দেখা গৈছে।’’

ইয়াৰ দ্বাৰা মূলতঃ প্ৰিয়ংকাই প্ৰধানমন্ত্ৰীলৈকে আঙুলি টোঁৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান