--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কাজলে নতুন ছৱি ‘দ্য ট্ৰাইল’ৰ প্ৰচাৰৰ সময়ত কৰা এটা মন্তব্যক লৈ চৰ্চা চলিছে। কাজলক অনেকে আক্ৰমণো কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উদ্ধৱ থাকৰে শিৱিৰৰ শিৱসেনাইও।

শেহতীয়াকৈ দ্য কুইণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাজলে কয়- “বিশেষকৈ ভাৰতৰ দৰে দেশত পৰিৱৰ্তন লেহেমীয়া। ই অতি অতি লেহেমীয়া কাৰণ আমি আমাৰ পৰম্পৰাত ডুব গৈছো অৱশ্যেই শিক্ষাও একেধৰণৰেই হৈ আছে।’’

কাজলে কয়- ‘'এনে ৰাজনৈতিক নেতা আছে, যাৰ বুনিয়াদী শিক্ষাই নাই। ক্ষমা কৰিব কিন্তু মই তেনেকৈয়ে কওঁ। মোক এনে কিছু নেতাই শাসন কৰি আছে, তাৰ মাজৰে বহুতৰে সেই দৃষ্টিভংগী নাই, যিটো দৃষ্টিভংগী শিক্ষাই দিব পাৰে, অন্ততঃ বেলেগ বেলেগ দৃষ্টিভংগীৰ প্ৰতি সজাগ কৰিব পৰাকৈ।’’

শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কাজলক সমৰ্থন কৰে। টুইটাৰত প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “কাজলে কৈছে যে আমি এনে নেতাৰ দ্বাৰা পৰিচালিত হৈছো যিসকল অশিক্ষিত আৰু তেওঁলোকৰ কোনো দৃষ্টিভংগী নাই। কাজলৰ কথাত কোনো ক্ষোভিত 
হোৱা নাই, তেওঁ কাৰো নাম উল্লেখ কৰা নাই কিন্তু সকলো ভক্তই ক্ষোভিত হৈ পৰা দেখা গৈছে।’’

ইয়াৰ দ্বাৰা মূলতঃ প্ৰিয়ংকাই প্ৰধানমন্ত্ৰীলৈকে আঙুলি টোঁৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান