--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ষাপাৰাত হ’ব আইপিএলৰ দুখনকৈ মেচ৷ নিৰ্বাচনী বতাহজাক শান্ত হোৱাৰ পাছতেই ৰাজ্যত আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ। ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলিব দুখনকৈ মেচ। আই পি এলৰ দ্বিতীয়খন সূচীত এই কথা নিশ্চিত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এক সংবাদ মেল সম্বোধন কৰি মেচ দুখনৰ বাবে তেওঁলোকে গ্ৰহণ কৰা সবিশেষ পদক্ষেপৰ বিষয়ে সদৰী কৰিছে।

প্ৰথমবাৰৰ বাবে এই মেচ দুখনৰ সময়তে অসমৰ ক্ৰিকেটাৰে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক তথা বিশ্ব ক্ৰিকেটৰ অন্যতম মহান ক্ৰিকেটাৰ হিচাপে পৰিচিত কুমাৰ চাংগাকাৰাৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিব।

ৰাঃৰঃৰ মেনেজমেণ্টে জনোৱা অনুসৰি ১৫ আৰু ১৭ মে'ত অনুষ্ঠিতব্য মেচ দুখনৰ বাবে ৰাজস্থান ৰয়েলেছে কৰা অনুশীলন কাষৰ পৰা চাব পাৰিব স্থানীয় খেলুৱৈসকলে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে কিদৰে অনুশীলন কৰে সেয়া ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিব৷

ইয়োৰাপৰি ৰিয়ানৰ দৰে অধিক প্ৰতিভাৰ যাতে সৃষ্টি হয় সেয়ে ১৬ আৰু ১৯ অনূৰ্ধ্বৰ ক্ৰিকেটাৰসকলে কুমাৰ চাংগাকাৰাৰ সৈতে মত বিনিময়ৰো ব্যৱস্থা কৰিছে। 

উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড। এই খেল পথাৰত ২০২৩ত ৰাজস্থানে দুখন মেচ খেলিছিল। দুয়োখন মেচতে অসমৰ ক্ৰিকেট অনুৰাগীয়ে ৰাজস্থান ৰয়েলছক সমৰ্থন জনোৱাৰ লগতে অসমৰ আতিথ্যত তেওঁলোক অভিভূত হৈ পৰিছিল বুলিও দলটোৰ মেনেজমেণ্টে জনাইছে।

ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াৰ আন্তঃগাঁথনিক উচ্চ প্ৰশংসা কৰাৰ লগতে ষ্টেডিয়ামখন সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে সঠিকভাৱে তত্বাৱধান কৰি থকা অসম ক্ৰিকেট সন্থাক প্ৰশংসা কৰে।

পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া দুয়োখন মেচতে শিক্ষাৰ্থীৰ বাবে বিশেষ ৰেহাই মূল্যৰো টিকটৰ ব্যৱস্থা কৰিছে তেওঁলোকে। আগ্ৰহী শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানৰ পৰা দিয়া পৰিচয়পত্ৰ দেখুৱাই মেচৰ ঠিক আগে আগে ৫০০ টকাৰ ৰেহাই মূল্যৰ টিকট ক্ৰয় কৰিব পাৰিব।

ইফালে আজিৰে পৰা বুক মাই শ্ব'ৰ জৰিয়তে ১৫ মে'ৰ মেচখনৰ বাবে অনলাইন টিকট উপলব্ধ হৈছে। অৱশ্যে ১৭ মে'ৰ মেচখনৰ টিকট এতিয়াও উপলব্ধ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ