--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ষাপাৰাত হ’ব আইপিএলৰ দুখনকৈ মেচ৷ নিৰ্বাচনী বতাহজাক শান্ত হোৱাৰ পাছতেই ৰাজ্যত আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ। ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলিব দুখনকৈ মেচ। আই পি এলৰ দ্বিতীয়খন সূচীত এই কথা নিশ্চিত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এক সংবাদ মেল সম্বোধন কৰি মেচ দুখনৰ বাবে তেওঁলোকে গ্ৰহণ কৰা সবিশেষ পদক্ষেপৰ বিষয়ে সদৰী কৰিছে।

প্ৰথমবাৰৰ বাবে এই মেচ দুখনৰ সময়তে অসমৰ ক্ৰিকেটাৰে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক তথা বিশ্ব ক্ৰিকেটৰ অন্যতম মহান ক্ৰিকেটাৰ হিচাপে পৰিচিত কুমাৰ চাংগাকাৰাৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিব।

ৰাঃৰঃৰ মেনেজমেণ্টে জনোৱা অনুসৰি ১৫ আৰু ১৭ মে'ত অনুষ্ঠিতব্য মেচ দুখনৰ বাবে ৰাজস্থান ৰয়েলেছে কৰা অনুশীলন কাষৰ পৰা চাব পাৰিব স্থানীয় খেলুৱৈসকলে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে কিদৰে অনুশীলন কৰে সেয়া ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিব৷

ইয়োৰাপৰি ৰিয়ানৰ দৰে অধিক প্ৰতিভাৰ যাতে সৃষ্টি হয় সেয়ে ১৬ আৰু ১৯ অনূৰ্ধ্বৰ ক্ৰিকেটাৰসকলে কুমাৰ চাংগাকাৰাৰ সৈতে মত বিনিময়ৰো ব্যৱস্থা কৰিছে। 

উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড। এই খেল পথাৰত ২০২৩ত ৰাজস্থানে দুখন মেচ খেলিছিল। দুয়োখন মেচতে অসমৰ ক্ৰিকেট অনুৰাগীয়ে ৰাজস্থান ৰয়েলছক সমৰ্থন জনোৱাৰ লগতে অসমৰ আতিথ্যত তেওঁলোক অভিভূত হৈ পৰিছিল বুলিও দলটোৰ মেনেজমেণ্টে জনাইছে।

ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াৰ আন্তঃগাঁথনিক উচ্চ প্ৰশংসা কৰাৰ লগতে ষ্টেডিয়ামখন সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে সঠিকভাৱে তত্বাৱধান কৰি থকা অসম ক্ৰিকেট সন্থাক প্ৰশংসা কৰে।

পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া দুয়োখন মেচতে শিক্ষাৰ্থীৰ বাবে বিশেষ ৰেহাই মূল্যৰো টিকটৰ ব্যৱস্থা কৰিছে তেওঁলোকে। আগ্ৰহী শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানৰ পৰা দিয়া পৰিচয়পত্ৰ দেখুৱাই মেচৰ ঠিক আগে আগে ৫০০ টকাৰ ৰেহাই মূল্যৰ টিকট ক্ৰয় কৰিব পাৰিব।

ইফালে আজিৰে পৰা বুক মাই শ্ব'ৰ জৰিয়তে ১৫ মে'ৰ মেচখনৰ বাবে অনলাইন টিকট উপলব্ধ হৈছে। অৱশ্যে ১৭ মে'ৰ মেচখনৰ টিকট এতিয়াও উপলব্ধ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু