--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ আজি জন্মদিন। আজি ৭২ বছৰত ভৰি দিলে ৰজনীকান্তই। দক্ষিণৰ এইগৰাকী ছুপাৰষ্টাৰক অনুৰাগীয়ে ভগৱানৰ মৰ্যাদা প্ৰদান কৰে। ৰজনীকান্তক বহু যুৱতীয়ে নিজাকৈ পোৱাৰ সপোন দেখিছিল এটা সময়ত। ৰজনীকান্তৰ প্ৰেম জীৱন বাৰু কেনেকুৱা আছিল...জানিবলৈ মন নাযায়নে? আজি তাৰকাগৰাকীৰ জন্মদিনত জানো তেওঁৰ প্ৰেম কাহিনীৰ বিষয়ে।  

ৰজনীকান্তৰ প্ৰথম প্ৰেম সফল হোৱা নাছিল। কিন্তু তেওঁৰ দ্বিতীয় প্ৰেম তেওঁৰ জীৱন সংগী হৈছিল। 

মানুহে জীৱনসংগী ক’ত পাব সেয়া অনুমান কৰাটোও টান। তেওঁ হয়তো আপোনাৰ ঠিক কাষতে বহি আছে আৰু আপুনি নাজানিহও পাৰে। আপুনি জীৱন বাটত লগ পোৱা কোনো অচিনাকি মানুহগৰাকীও হয়তো আপোনাৰ জীৱনসংগী হৈ পৰিব পাৰে। ৰজনীকান্তৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ্যৰ খেল সংঘটিত হৈছিল।

ৰজনীকান্তৰ কেৰিয়াৰ যেনেকৈ আকৰ্ষণীয় আছিল, তেওঁৰ প্ৰেম জীৱনো আছিল সমানেই আকৰ্ষণীয়। প্ৰথম দৃষ্টিত প্ৰেম আৰু তাৰ পিছত বিবাহ। ১৯৮০ চনত ৰজনীকান্তে ১৯৭৯ চনৰ বলীউডৰ ছবি ‘গোলমাল’ৰ তামিল ৰিমেক ‘থিল্লু মাল্লু’ৰ শ্বুটিং কৰি আছিল। ৰজনীকান্তে যেতিয়া তেওঁৰ তামিল ছবি ‘থিল্লু মাল্লু’ৰ শ্বুটিং কৰি আছিল, তেতিয়া তেওঁৰ সাক্ষাৎকাৰৰ বাবে বহু অনুৰোধ আহিছিল। ৰজনীকান্তৰ সাক্ষাৎকাৰ ল’বৰ বাবে ইতিৰাজ কলেজৰ আলোচনীৰ ফালৰ পৰা অনুৰোধ আহিল। সাক্ষাৎকাৰ ল’বলৈ অহা কলেজীয়া ছাত্ৰীগৰাকীক দেখিয়েই ৰজনীকান্ত প্ৰেমত পৰিল। ছাত্ৰীগৰাকীৰ নাম আছিল লতা ৰংগাচাৰী।

সাক্ষাৎকাৰৰ সময়ত ৰজনীকান্ত আৰু লতাই বহুত কথা পাতিছিল আৰু দুয়ো একেখন চহৰ বাংগালুৰুৰ হোৱাৰ বাবে দুয়োৰে মাজত ভাল কথা-বতৰা আৰম্ভ হৈছিল। সাক্ষাৎকাৰ শেষ হোৱাৰ লগে লগে ৰজনীকান্তই লতাক বিয়াৰ প্ৰস্তাৱ দিলে। হঠাৎ এই কথা শুনি লতাই থতমত খায় যদিও তেওঁ মাক-দেউতাকৰ লগত এই বিষয়ে আলোচনা কৰিম বুলি কয়। অৱশেষত ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত বালাজী মন্দিৰত দুয়ো বিবাহপাশত আৱদ্ধ হয়। ৰজনীকান্ত আৰু লতাৰ দুগৰাকী কন্যা সন্তান আছে.. ঐশ্বৰ্য আৰু সৌন্দৰ্য।

অৱশ্যে ইয়াৰ আগতে ৰজনীকান্তৰ জীৱনলৈ আহিছিল আন এক সঁচা ভালপোৱা। ৰজনীকান্তৰ সম্পৰ্কত আছিল এগৰাকী কলেজীয়া ছাত্ৰী, যিয়ে আগতে ৰজনীকান্তৰ নাটক চাবলৈও গৈছিল। এই ছোৱালীজনীয়েই ফিল্ম এণ্ড টেলিভিছন ট্ৰেইনিং ইনষ্টিটিউটত ৰজনীকান্তৰ নামভৰ্তি কৰাই দিছিল। সেই সময়ত ৰজনীকান্তৰ নিজৰ ওপৰত বিশ্বাস নাছিল আৰু টকাও নাছিল। অৱশ্যে এই ছোৱালীজনীয়ে তেওঁক প্ৰেৰণা যোগাই আনকি টকাও দিছিল যাতে তেওঁ ইনষ্টিটিউটত যোগদান কৰিব পাৰে।

পাঠ্যক্ৰমৰ সময়ত দুয়োৰে মাজৰ সংযোগ বিছিন্ন হৈ পৰে আৰু যেতিয়া ৰজনীকান্তে উভতি আহি প্ৰথম প্ৰেমক বিচাৰিবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ ছোৱালীজনীক বিচাৰি নাপালে। এই কথাই তেওঁক বৰ দুখী কৰি তুলিছিল।

এনেকুৱা মানুহ খুব কম হ'ব প্ৰথম প্ৰেমেই যাৰ জীৱনসংগী হৈছে। প্ৰথম প্ৰেমৰ বেছিভাগেই ভাল বা বেয়া স্মৃতি হৈ স্মৃতিকোঠাৰ ক’ৰবাত জীয়াই থাকে। প্ৰথম প্ৰেম সফল নোহোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ জীৱনত আৰু কেতিয়াও সুন্দৰ প্ৰেম কাহিনী সৃষ্টি নহ’ব।

আপোনাৰ আবেগক সমৰ্থন কৰা সংগী বিচাৰি পালে আপুনি কি লাভ কৰিব পাৰে, সেয়া ৰজনীকান্তৰ জীৱন কাহিনীৰ পৰা শিকিব পাৰি। এগৰাকীয়ে তেওঁক সপোন দেখাৰ সাহস দিয়াৰ বিপৰীতে আনগৰাকীয়ে তেওঁৰ বাবে এক শক্তিশালী ছাপ'ৰ্ট ছিষ্টেম হিচাপে কাম কৰি আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ