--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ আজি জন্মদিন। আজি ৭২ বছৰত ভৰি দিলে ৰজনীকান্তই। দক্ষিণৰ এইগৰাকী ছুপাৰষ্টাৰক অনুৰাগীয়ে ভগৱানৰ মৰ্যাদা প্ৰদান কৰে। ৰজনীকান্তক বহু যুৱতীয়ে নিজাকৈ পোৱাৰ সপোন দেখিছিল এটা সময়ত। ৰজনীকান্তৰ প্ৰেম জীৱন বাৰু কেনেকুৱা আছিল...জানিবলৈ মন নাযায়নে? আজি তাৰকাগৰাকীৰ জন্মদিনত জানো তেওঁৰ প্ৰেম কাহিনীৰ বিষয়ে।  

ৰজনীকান্তৰ প্ৰথম প্ৰেম সফল হোৱা নাছিল। কিন্তু তেওঁৰ দ্বিতীয় প্ৰেম তেওঁৰ জীৱন সংগী হৈছিল। 

মানুহে জীৱনসংগী ক’ত পাব সেয়া অনুমান কৰাটোও টান। তেওঁ হয়তো আপোনাৰ ঠিক কাষতে বহি আছে আৰু আপুনি নাজানিহও পাৰে। আপুনি জীৱন বাটত লগ পোৱা কোনো অচিনাকি মানুহগৰাকীও হয়তো আপোনাৰ জীৱনসংগী হৈ পৰিব পাৰে। ৰজনীকান্তৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ্যৰ খেল সংঘটিত হৈছিল।

ৰজনীকান্তৰ কেৰিয়াৰ যেনেকৈ আকৰ্ষণীয় আছিল, তেওঁৰ প্ৰেম জীৱনো আছিল সমানেই আকৰ্ষণীয়। প্ৰথম দৃষ্টিত প্ৰেম আৰু তাৰ পিছত বিবাহ। ১৯৮০ চনত ৰজনীকান্তে ১৯৭৯ চনৰ বলীউডৰ ছবি ‘গোলমাল’ৰ তামিল ৰিমেক ‘থিল্লু মাল্লু’ৰ শ্বুটিং কৰি আছিল। ৰজনীকান্তে যেতিয়া তেওঁৰ তামিল ছবি ‘থিল্লু মাল্লু’ৰ শ্বুটিং কৰি আছিল, তেতিয়া তেওঁৰ সাক্ষাৎকাৰৰ বাবে বহু অনুৰোধ আহিছিল। ৰজনীকান্তৰ সাক্ষাৎকাৰ ল’বৰ বাবে ইতিৰাজ কলেজৰ আলোচনীৰ ফালৰ পৰা অনুৰোধ আহিল। সাক্ষাৎকাৰ ল’বলৈ অহা কলেজীয়া ছাত্ৰীগৰাকীক দেখিয়েই ৰজনীকান্ত প্ৰেমত পৰিল। ছাত্ৰীগৰাকীৰ নাম আছিল লতা ৰংগাচাৰী।

সাক্ষাৎকাৰৰ সময়ত ৰজনীকান্ত আৰু লতাই বহুত কথা পাতিছিল আৰু দুয়ো একেখন চহৰ বাংগালুৰুৰ হোৱাৰ বাবে দুয়োৰে মাজত ভাল কথা-বতৰা আৰম্ভ হৈছিল। সাক্ষাৎকাৰ শেষ হোৱাৰ লগে লগে ৰজনীকান্তই লতাক বিয়াৰ প্ৰস্তাৱ দিলে। হঠাৎ এই কথা শুনি লতাই থতমত খায় যদিও তেওঁ মাক-দেউতাকৰ লগত এই বিষয়ে আলোচনা কৰিম বুলি কয়। অৱশেষত ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত বালাজী মন্দিৰত দুয়ো বিবাহপাশত আৱদ্ধ হয়। ৰজনীকান্ত আৰু লতাৰ দুগৰাকী কন্যা সন্তান আছে.. ঐশ্বৰ্য আৰু সৌন্দৰ্য।

অৱশ্যে ইয়াৰ আগতে ৰজনীকান্তৰ জীৱনলৈ আহিছিল আন এক সঁচা ভালপোৱা। ৰজনীকান্তৰ সম্পৰ্কত আছিল এগৰাকী কলেজীয়া ছাত্ৰী, যিয়ে আগতে ৰজনীকান্তৰ নাটক চাবলৈও গৈছিল। এই ছোৱালীজনীয়েই ফিল্ম এণ্ড টেলিভিছন ট্ৰেইনিং ইনষ্টিটিউটত ৰজনীকান্তৰ নামভৰ্তি কৰাই দিছিল। সেই সময়ত ৰজনীকান্তৰ নিজৰ ওপৰত বিশ্বাস নাছিল আৰু টকাও নাছিল। অৱশ্যে এই ছোৱালীজনীয়ে তেওঁক প্ৰেৰণা যোগাই আনকি টকাও দিছিল যাতে তেওঁ ইনষ্টিটিউটত যোগদান কৰিব পাৰে।

পাঠ্যক্ৰমৰ সময়ত দুয়োৰে মাজৰ সংযোগ বিছিন্ন হৈ পৰে আৰু যেতিয়া ৰজনীকান্তে উভতি আহি প্ৰথম প্ৰেমক বিচাৰিবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ ছোৱালীজনীক বিচাৰি নাপালে। এই কথাই তেওঁক বৰ দুখী কৰি তুলিছিল।

এনেকুৱা মানুহ খুব কম হ'ব প্ৰথম প্ৰেমেই যাৰ জীৱনসংগী হৈছে। প্ৰথম প্ৰেমৰ বেছিভাগেই ভাল বা বেয়া স্মৃতি হৈ স্মৃতিকোঠাৰ ক’ৰবাত জীয়াই থাকে। প্ৰথম প্ৰেম সফল নোহোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ জীৱনত আৰু কেতিয়াও সুন্দৰ প্ৰেম কাহিনী সৃষ্টি নহ’ব।

আপোনাৰ আবেগক সমৰ্থন কৰা সংগী বিচাৰি পালে আপুনি কি লাভ কৰিব পাৰে, সেয়া ৰজনীকান্তৰ জীৱন কাহিনীৰ পৰা শিকিব পাৰি। এগৰাকীয়ে তেওঁক সপোন দেখাৰ সাহস দিয়াৰ বিপৰীতে আনগৰাকীয়ে তেওঁৰ বাবে এক শক্তিশালী ছাপ'ৰ্ট ছিষ্টেম হিচাপে কাম কৰি আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক