--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইগাৰ শ্ৰুফৰ স’তে বিচ্ছেদ হৈছে দিশা পাটানিৰ। বলিউডৰ জনপ্ৰিয় ৰোমাণ্টিক যুগল হালে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হোৱাক লৈ চৰ্চা চলি থকাৰ মাজতে দিশাৰ নতুন প্ৰেমৰ গুঞ্জনো বিয়পি পৰিছে। কোন দিশাৰ নতুন প্ৰেমিক!

কিছু দিন পূৰ্বে কাৰ্তিক আৰয়ানৰ জন্মদিনৰ অনুষ্ঠানত দিশা পাটানিৰ স’তে এজন যুৱকক দেখা পোৱা গৈছিল। পাছত গম পোৱা গৈছিল যে যুৱকজনৰ নাম এলেজেন্দাৰ। এলেকজেন্দাৰৰ স’তে দিশাই ডেটিং কৰি আছে বুলি সকলোৱে গুজৱ বিয়পাইছিল।

শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে এলেকজেন্দাৰে নিজেই। এটা সংবাদমাধ্যমৰ আগত তেওঁ কয় যে দিশাৰ স’তে তেওঁৰ কোনো প্ৰেমজনিত সম্পৰ্ক নাই। দিশা তেওঁৰ ঘৰুৱা ছোৱালীৰ নিচিনা! দিশাই যি সময়ত বলিউডত পদাৰ্পন কৰিছিল, সেই সময়তে তেওঁলোকে একেটা ফ্লেটতে বাস কৰিছিল।

“২০১৫ চনত আমি একেলগে বাস কৰিব লগা হৈছিল। আমাৰ মাজত খুব সোনকালেই সংযোগ ঘটিছিল। আমাৰ মাজত সংযোগ ঘটাৰ কাৰণ আছিল দুয়ো আছিলো ফিটনেছ সজাগ। সেয়ে আমি একেলগে জীমত যোৱা কৰিছিলো, একেলগে লান্স আৰু ডিনাৰো কৰিছিলো। আমি খুব ঘনিষ্ঠ বন্ধু হৈ পৰিছিলো। দিশা মোৰ বাবে পৰিয়ালৰ দৰে।”- এলেকজেন্দাৰে কয়।

দিশাৰ প্ৰাক্তন প্ৰেমিক টাইগাৰ শ্ৰুফৰ বিষয়েও আলেকজেণ্ডাৰে মন্তব্য কৰে। কয় যে টাইগাৰক তেওঁ আৰম্ভণিৰে পৰা চিনি পায়।

উল্লেখ্য যে শেহতীয়াকৈ দিশা পাটানিক ‘এক ভিলেইন ৰিটাৰ্ণছ’ নামৰ চিনেমাখনত শেষবাৰৰ বাবে দেখা পোৱা গৈছিল। মুক্তি পাবলৈ অপেক্ষা কৰিছে ‘প্ৰজেক্ট কে’ নামৰ ছৱিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু