--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: ভাৰতীয় মূলৰ প্ৰখ্যাত সাহিত্যিক ছলমান ৰুশ্বডীৰ ওপৰত কালি নিউয়ৰ্কত এক আক্ৰমণ সংঘটিত হয়৷ আমেৰিকাৰ নিউয়ৰ্ক চহৰত হাডি মাটাৰ শীৰ্ষক এগৰাকী ব্যক্তিয়ে হঠাৎ ছলমান ৰুশ্বডীৰ ওপৰত আক্ৰমণ কৰে৷ এই আক্ৰমণত গম্ভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাহিত্যিকগৰাকী৷ 

এইগৰাকী সাহিত্যকৰ বলীউডত আছে এক বিশেষ স্থান। তেওঁৰ দ্বাৰা ৰচিত উপন্যাসৰ ভিত্তিত বলীউডৰ চিনেমাও নিৰ্মাণ কৰা হৈছে৷ “মিডনাইট চাইল্ড” শীৰ্ষক ছবিখনো তেওঁৰ উপন্যাসৰ ভিত্তিতে নিৰ্মাণ কৰা হৈছিল।  ১৯৮৮ চনত তেওঁ ৰচনা কৰা The Satanic Verses নামৰ উপন্যাসখনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল৷ আনকি কিছু গোড়া মুছলমান সম্প্ৰদায়ৰ লোকে তেওঁৰ প্ৰাণ নাশ কৰাৰো চেষ্টা কৰিছিল৷ কিন্তু বহু কমসংখ্যক লোকেহে জানে যে তেওঁৰ উপন্যাসৰ আধাৰত বলীউডৰ ছবিও নিৰ্মাণ কৰা হৈছে৷ 

১৯৮১ চনত  ছলমান ৰুশ্বডীৰ ৰচনা কৰিছিল এখন প্ৰখ্যাত উপন্যাস যিখনৰ নাম হৈছে - “ দ্য মিডনাইট চাইল্ড” ৷ উপন্যাসখনত দুগৰাকী কিশোৰীৰ জীৱন চিত্ৰিত কৰা হৈছিল৷ কাহিনী অনুসৰি এই কিশোৰী দুগৰাকীৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজ ৰাতি৷ ভাৰত আৰু পাকিস্তানৰ মাজত চলা ৰাজনৈতিক সংঘাতে দুয়োগৰাকী কিশোৰীৰ জীৱনক প্ৰভাৱিত কৰিছিল৷ দুয়ো গৰাকী কিশোৰীৰ জীৱনক  কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচনা কৰা হৈছিল৷ এই উপন্যাসখনক লৈয়ে সুদক্ষ পৰিচালক দীপা মেহতাই “মিডনাইট চিল্ড্ৰেন” নামৰ ছবিখন নিৰ্মাণ কৰিছিল৷ ২০১২ চনত এই ছবিখনে মুক্তি লাভ কৰে৷কিন্তু আচৰিত কথা যে, এই ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল অতি গোপনভাৱে৷ ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ কৰাৰ আশংকাতেই শ্ৰীলংকাত দৃশ্যগ্ৰহণ কৰা হৈছিল মিডনাইট চিল্ড্ৰেনৰ৷

লেখক ছলমান ৰুশ্বডীৰ বিৰুদ্ধে আয়াতুল্লা খোমেনীয়ে মৃত্যুৰ ফটোৱা জাৰি কৰিছিল৷ তেওঁৰ উপন্যাস The Satanic Verses আছিল হজৰত মহম্মদৰ জীৱনৰ ওপৰত আধাৰিত৷ উপন্যাসখনৰ কিছু অংশত মুছলমান ধৰ্মগুৰু সম্পৰ্কে আপত্তি দৰ্শোৱা হৈছে৷ এই উপন্যাসৰ বাবেই বহু মুছলিম সংগঠনে লেখকজনক হত্যা কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল৷ 

পৰিচালক অথবা ৰুশ্বডীয়ে আশংকা কৰাৰ দৰেই ভাৰতত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছিল মিডনাইট চিল্ড্ৰেনৰ বিৰুদ্ধে৷ ২০১২ চনত প্ৰদৰ্শিত হোৱাৰ পিছতেই  বহু ধৰ্মীয় সংগঠনৰ উপৰিও ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই ছবিৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছ দলে যুক্তি দিছিল যে এই ছবিখনত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী  ইন্দিৰা গান্ধীৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ চেষ্টা কৰা হৈছে৷ কংগ্ৰেছ দলৰ প্ৰতিবাদৰ পিছতেই এই ছবিৰ প্ৰদৰ্শন বন্ধ হৈ গৈছিল ৷২০১৩ চনত কিছু দৃশ্যৰ সংশোধন কৰি ছবিখন প্ৰদৰ্শন কৰা হৈছিল যদিও খুব কম লোকৰহে এই ছবিখন চোৱাৰ সৌভাগ্য হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে