--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবুকাৰ বিজয়ী লেখক ছলমান ৰুশ্বদীৰ অলস্থা আজিও সংকটজনক হৈয়েই আছে। তেওঁৰ আৰোগ্যৰ বাবে বিশ্বজুৰি বহু লোকে প্ৰাৰ্থনা কৰিছে।শুকুৰবাৰে নিউয়ৰ্কৰ চৌটাউকুৱা প্ৰতিষ্ঠানত ছুৰীকাঘাত কৰি হত্যাৰ চেষ্টা চলাইছিল এজন যুৱকে। এই আক্ৰমণৰ ঘটনাৰ পিছৰে  পৰা ৰুশ্বদীয়ে ভেণ্টিলেটৰত মৃত্যুৰ সৈতে যুঁজি আছে।তেওঁৰ ওপৰত হোৱা আক্ৰমণক লৈ গোটেই পৃথিৱী চিন্তিত  হৈ পৰিছে। এই পৰিস্থিতিত আন এগৰাকী বিশ্ব বিখ্যাত লেখিকা হেৰী পটাৰৰ স্ৰষ্টা জে কে ৰাউলিঙে ৰুশ্বদীৰ আৰোগ্য কামনা কৰি এতিয়া  মৃত্যুৰ  ভাবুকি লাভ কৰিছে। মৌলবাদীয়ে ৰাউলিউৰ  টুইটৰ তলত পোনপটীয়া এইবুলি ভাবুকি দিছে, 'এতিয়া আপোনাৰ পাল।' 

ৰাউলিঙে ৰুশ্দীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে টুইটাৰত এটা  পোষ্ট কৰিছিল। তেওঁ কৈছিল যে ৰুশ্বদীৰ আক্ৰমণৰ খবৰটো পোৱাৰ  পিছত তেওঁ অসুস্থ অনুভৱ কৰিছিল। তেওঁ ৰুশ্দীৰ আশু আৰোগ্য কামনা কৰিছে। সেই টুইটটোৰ তলত এজন ব্যৱহাৰকাৰী লিখিছে, "নাভাবিব। এতিয়া আপোনাৰ পাল। '

খবৰ অনুসৰি যিটো টুইটাৰ হেণ্ডেলৰ পৰা ভাবুকি দিয়া হৈছিল সেই টুইটাৰ হেণ্ডেলটোৱে ছলমান ৰুশ্দীক আক্ৰমণ কৰা হাদী মাতাৰক প্ৰশংসা কৰি পোষ্ট কৰিছিল। পিছত  আন এটা পোষ্টত ৰাউলিঙে কৈছে যে আৰক্ষীয়ে ইতিমধ্যে তেওঁক ভাবুকি দিয়া বিষয়ত  তদন্ত আৰম্ভ কৰিছে।ভাবুকি দিয়া লোক জনক চিনাক্ত কৰিবলৈ চেষ্টা কৰা হৈছে। ভাবুকি লাভ কৰাৰ পিছতে ৰাউলিঙৰ  কাষত থিয় দিছে।

ইফালে ৰুশ্বদীৰ স্বাস্থ্যৰ অৱস্থা  কালিৰ তুনাত আজি বহু ভাল। তথাপি তেওঁ এতিয়াও সংকটমুক্ত হোৱা নাই।শনিবাৰে সন্ধিয়া তেওঁক ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হৈছিল। তেওঁ লাহে লাহে  কথা ক'ব পৰা হৈছে। লেখক আতিশ তাছিৰে ৰুশ্বদীৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ বিষয়ে টুইট কৰিছে। তেওঁৰ টুইট অনুসৰি ৰুশ্বদী এতিয়া ভেণ্টিলেটৰত নাই। 

আক্ৰমণকাৰী ২৪ বছৰীয়া  হাদি মাটাৰক আৰক্ষীয়ে জেৰা চলাই আছে যদিও তেওঁ আক্ৰমণৰ কাৰণ সন্দৰ্ভত এতিয়াও মুখ খোলা নাই। নিউ জাৰ্চীৰ বাসিন্দা হাদি মাটাৰ এজন চিয়া উগ্ৰপন্থী বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীৰ মতে  আক্ৰমণটো "পূৰ্বপৰিকল্পিত" আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু