--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবুকাৰ বিজয়ী লেখক ছলমান ৰুশ্বদীৰ অলস্থা আজিও সংকটজনক হৈয়েই আছে। তেওঁৰ আৰোগ্যৰ বাবে বিশ্বজুৰি বহু লোকে প্ৰাৰ্থনা কৰিছে।শুকুৰবাৰে নিউয়ৰ্কৰ চৌটাউকুৱা প্ৰতিষ্ঠানত ছুৰীকাঘাত কৰি হত্যাৰ চেষ্টা চলাইছিল এজন যুৱকে। এই আক্ৰমণৰ ঘটনাৰ পিছৰে  পৰা ৰুশ্বদীয়ে ভেণ্টিলেটৰত মৃত্যুৰ সৈতে যুঁজি আছে।তেওঁৰ ওপৰত হোৱা আক্ৰমণক লৈ গোটেই পৃথিৱী চিন্তিত  হৈ পৰিছে। এই পৰিস্থিতিত আন এগৰাকী বিশ্ব বিখ্যাত লেখিকা হেৰী পটাৰৰ স্ৰষ্টা জে কে ৰাউলিঙে ৰুশ্বদীৰ আৰোগ্য কামনা কৰি এতিয়া  মৃত্যুৰ  ভাবুকি লাভ কৰিছে। মৌলবাদীয়ে ৰাউলিউৰ  টুইটৰ তলত পোনপটীয়া এইবুলি ভাবুকি দিছে, 'এতিয়া আপোনাৰ পাল।' 

ৰাউলিঙে ৰুশ্দীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে টুইটাৰত এটা  পোষ্ট কৰিছিল। তেওঁ কৈছিল যে ৰুশ্বদীৰ আক্ৰমণৰ খবৰটো পোৱাৰ  পিছত তেওঁ অসুস্থ অনুভৱ কৰিছিল। তেওঁ ৰুশ্দীৰ আশু আৰোগ্য কামনা কৰিছে। সেই টুইটটোৰ তলত এজন ব্যৱহাৰকাৰী লিখিছে, "নাভাবিব। এতিয়া আপোনাৰ পাল। '

খবৰ অনুসৰি যিটো টুইটাৰ হেণ্ডেলৰ পৰা ভাবুকি দিয়া হৈছিল সেই টুইটাৰ হেণ্ডেলটোৱে ছলমান ৰুশ্দীক আক্ৰমণ কৰা হাদী মাতাৰক প্ৰশংসা কৰি পোষ্ট কৰিছিল। পিছত  আন এটা পোষ্টত ৰাউলিঙে কৈছে যে আৰক্ষীয়ে ইতিমধ্যে তেওঁক ভাবুকি দিয়া বিষয়ত  তদন্ত আৰম্ভ কৰিছে।ভাবুকি দিয়া লোক জনক চিনাক্ত কৰিবলৈ চেষ্টা কৰা হৈছে। ভাবুকি লাভ কৰাৰ পিছতে ৰাউলিঙৰ  কাষত থিয় দিছে।

ইফালে ৰুশ্বদীৰ স্বাস্থ্যৰ অৱস্থা  কালিৰ তুনাত আজি বহু ভাল। তথাপি তেওঁ এতিয়াও সংকটমুক্ত হোৱা নাই।শনিবাৰে সন্ধিয়া তেওঁক ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হৈছিল। তেওঁ লাহে লাহে  কথা ক'ব পৰা হৈছে। লেখক আতিশ তাছিৰে ৰুশ্বদীৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ বিষয়ে টুইট কৰিছে। তেওঁৰ টুইট অনুসৰি ৰুশ্বদী এতিয়া ভেণ্টিলেটৰত নাই। 

আক্ৰমণকাৰী ২৪ বছৰীয়া  হাদি মাটাৰক আৰক্ষীয়ে জেৰা চলাই আছে যদিও তেওঁ আক্ৰমণৰ কাৰণ সন্দৰ্ভত এতিয়াও মুখ খোলা নাই। নিউ জাৰ্চীৰ বাসিন্দা হাদি মাটাৰ এজন চিয়া উগ্ৰপন্থী বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীৰ মতে  আক্ৰমণটো "পূৰ্বপৰিকল্পিত" আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক