--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাঁয়া যুদ্ধই হওঁক বা আগ্ৰাসনেই হওঁক, যিকোনো প্ৰকাৰে আন দেশক চাপত ৰাখিব বিচৰা চীন এইবাৰ প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে টাইৱানৰ সৈতে৷ মাৰ্কিন প্ৰতিনিধি  নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণক অচিলা হিচাবে লৈ চীনে টাইৱানৰ আকাশমাৰ্গত যুদ্ধ বিমান উৰুৱাই আছে৷ কেৱল সেয়াই নহয়, চীনে আনকি টাইৱান সংলগ্ন জাপান সাগৰতো মিছাইল আক্ৰমণ সংঘটিত কৰিছে৷ টাইৱানক ধ্বংস কৰাৰ লক্ষ্যৰে চীনে দেশ খনৰ অতি শক্তিশালী   যুদ্ধ বিমান জেট জে-২০ টাইৱানৰ সীমান্তত মোতায়েন কৰিছে৷ 

অৱশ্যে চীনৰ এনে সমৰসজ্জাত মুঠেও শংকিত হোৱা নাই টাইৱান৷ টাইৱানৰ বায়ু সেনা বাহিনীয়েও চীনক প্ৰত্যাহ্বান জনাই  পূব হুয়ালিয়েন কাউণ্টিৰ এটা বিমান ঘাটিত "যুদ্ধৰ প্ৰস্তুতি"ৰ ছবি মুকলি কৰিছে।টাইৱানৰ বায়ু সেনাই ৰাজহুৱা কৰা ছবিত দেশ খনৰ অত্যাধুনিক এফ-১৬ভি যুদ্ধ বিমান দেখা গৈছে৷এফ-১৬ভি যুদ্ধ বিমান চীনৰ জেট জে-২০ তকৈ কোনো গুণে কম শক্তিশালী নহয় বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কৈ আহিছে৷

ইপিনে চান-টাইৱানৰ মাজত উত্তেজনা চলি থকাৰ সময়তে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) সময়সীমা পাৰ হোৱাৰ পিছতো টাইৱানৰ চাৰিওফালে সামৰিক অনুশীলন অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত  টাইৱানে সম্ভাৱ্য চীনা আক্ৰমণ প্ৰতিহত কৰিবলৈ চূড়ান্ত সামৰিক প্ৰস্তুতি আৰম্ভ কৰিছে। তাইপেই চীনা বায়ু সেনাৰ ষ্টিল্থ এয়াৰ শ্ৰেষ্ঠতা যুঁজাৰু জে-২০ক প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এফ-১৬ভি যুঁজাৰু জেট সাজু  কৰিছে৷ এক কথাত ক’বলৈ গ’লে যদি চীন আৰু টাইৱানৰ মাজত পুনৰ যুদ্ধ লাগে তেন্তে এয়া হ’ব চীন আৰু আমেৰিকাৰ মাজত হোৱা সামৰিক প্ৰযুক্তিৰ যুদ্ধ৷ কাৰণ টাইৱানৰ সৰহ সংখ্যক যুদ্ধাস্ত্ৰই আমেৰিকাই যোগান ধৰা যুদ্ধাস্ত্ৰ৷


টাইৱানৰ বায়ু সেনাই  পূব হুয়ালিয়েন কাউণ্টিৰ এটা বিমান ঘাটিত "যুদ্ধৰ প্ৰস্তুতি"ৰ যি  ছবি মুকলি কৰিছে তাত  জাহাজ ধ্বংসকাৰী মিছাইলৰে সজ্জিত এফ-১৬ভিৰ এখন ছবিও আছে। টাইৱানৰ এনে সামৰিক প্ৰস্তুতিত সেয়ে চীনৰ সেনা ভালেখিনি বিব্ৰত হৈ পৰা দেখা গৈছে৷

চীনে দাবী কৰি আহিছে যে দেশ খনৰ  জে-২০ যুদ্ধ বিমান আকাশমাৰ্গত প্ৰৱেশ কৰাৰ কথা কোনেও ধৰিবই নোৱাৰে৷  চীনে দাবী কৰি অহা অনুসৰি জে-২০ যুদ্ধ বিমানে ৰাডাৰ নিৰীক্ষণ এৰাই চলিবলৈ সক্ষম৷কিন্তু চীনৰ এনে দাবী ভাৰতেই ভুল প্ৰমাণিত কৰিছিল৷ 

ভাৰতীয় আইএএফৰ চুখোই-৩০ এমকেআই যুঁজাৰু বিমানৰ ৰাডাৰে কেইবাবাৰো সীমান্তত জে-২০ৰ চলাচলৰ কথা ধৰা পেলাইছিল৷ টাইৱানৰ এফ-১৬ভিৰ পূৰ্বসূৰী এফ-১৬ চুপাৰ ফালকনক ভাৰতীয় বায়ু সেনাতো অন্তৰ্ভুক্ত কৰাৰ বিষয়ে এক দশক আগতে নতুন দিল্লী আৰু ৱাশ্বিংটনে আলোচনা কৰিছিল। অৱশেষত শেষত সেই আলোচনা বিফল হৈছিল আৰু ভাৰতে  ফ্ৰান্সত নিৰ্মিত ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু