--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাঁয়া যুদ্ধই হওঁক বা আগ্ৰাসনেই হওঁক, যিকোনো প্ৰকাৰে আন দেশক চাপত ৰাখিব বিচৰা চীন এইবাৰ প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে টাইৱানৰ সৈতে৷ মাৰ্কিন প্ৰতিনিধি  নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণক অচিলা হিচাবে লৈ চীনে টাইৱানৰ আকাশমাৰ্গত যুদ্ধ বিমান উৰুৱাই আছে৷ কেৱল সেয়াই নহয়, চীনে আনকি টাইৱান সংলগ্ন জাপান সাগৰতো মিছাইল আক্ৰমণ সংঘটিত কৰিছে৷ টাইৱানক ধ্বংস কৰাৰ লক্ষ্যৰে চীনে দেশ খনৰ অতি শক্তিশালী   যুদ্ধ বিমান জেট জে-২০ টাইৱানৰ সীমান্তত মোতায়েন কৰিছে৷ 

অৱশ্যে চীনৰ এনে সমৰসজ্জাত মুঠেও শংকিত হোৱা নাই টাইৱান৷ টাইৱানৰ বায়ু সেনা বাহিনীয়েও চীনক প্ৰত্যাহ্বান জনাই  পূব হুয়ালিয়েন কাউণ্টিৰ এটা বিমান ঘাটিত "যুদ্ধৰ প্ৰস্তুতি"ৰ ছবি মুকলি কৰিছে।টাইৱানৰ বায়ু সেনাই ৰাজহুৱা কৰা ছবিত দেশ খনৰ অত্যাধুনিক এফ-১৬ভি যুদ্ধ বিমান দেখা গৈছে৷এফ-১৬ভি যুদ্ধ বিমান চীনৰ জেট জে-২০ তকৈ কোনো গুণে কম শক্তিশালী নহয় বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কৈ আহিছে৷

ইপিনে চান-টাইৱানৰ মাজত উত্তেজনা চলি থকাৰ সময়তে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) সময়সীমা পাৰ হোৱাৰ পিছতো টাইৱানৰ চাৰিওফালে সামৰিক অনুশীলন অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত  টাইৱানে সম্ভাৱ্য চীনা আক্ৰমণ প্ৰতিহত কৰিবলৈ চূড়ান্ত সামৰিক প্ৰস্তুতি আৰম্ভ কৰিছে। তাইপেই চীনা বায়ু সেনাৰ ষ্টিল্থ এয়াৰ শ্ৰেষ্ঠতা যুঁজাৰু জে-২০ক প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এফ-১৬ভি যুঁজাৰু জেট সাজু  কৰিছে৷ এক কথাত ক’বলৈ গ’লে যদি চীন আৰু টাইৱানৰ মাজত পুনৰ যুদ্ধ লাগে তেন্তে এয়া হ’ব চীন আৰু আমেৰিকাৰ মাজত হোৱা সামৰিক প্ৰযুক্তিৰ যুদ্ধ৷ কাৰণ টাইৱানৰ সৰহ সংখ্যক যুদ্ধাস্ত্ৰই আমেৰিকাই যোগান ধৰা যুদ্ধাস্ত্ৰ৷


টাইৱানৰ বায়ু সেনাই  পূব হুয়ালিয়েন কাউণ্টিৰ এটা বিমান ঘাটিত "যুদ্ধৰ প্ৰস্তুতি"ৰ যি  ছবি মুকলি কৰিছে তাত  জাহাজ ধ্বংসকাৰী মিছাইলৰে সজ্জিত এফ-১৬ভিৰ এখন ছবিও আছে। টাইৱানৰ এনে সামৰিক প্ৰস্তুতিত সেয়ে চীনৰ সেনা ভালেখিনি বিব্ৰত হৈ পৰা দেখা গৈছে৷

চীনে দাবী কৰি আহিছে যে দেশ খনৰ  জে-২০ যুদ্ধ বিমান আকাশমাৰ্গত প্ৰৱেশ কৰাৰ কথা কোনেও ধৰিবই নোৱাৰে৷  চীনে দাবী কৰি অহা অনুসৰি জে-২০ যুদ্ধ বিমানে ৰাডাৰ নিৰীক্ষণ এৰাই চলিবলৈ সক্ষম৷কিন্তু চীনৰ এনে দাবী ভাৰতেই ভুল প্ৰমাণিত কৰিছিল৷ 

ভাৰতীয় আইএএফৰ চুখোই-৩০ এমকেআই যুঁজাৰু বিমানৰ ৰাডাৰে কেইবাবাৰো সীমান্তত জে-২০ৰ চলাচলৰ কথা ধৰা পেলাইছিল৷ টাইৱানৰ এফ-১৬ভিৰ পূৰ্বসূৰী এফ-১৬ চুপাৰ ফালকনক ভাৰতীয় বায়ু সেনাতো অন্তৰ্ভুক্ত কৰাৰ বিষয়ে এক দশক আগতে নতুন দিল্লী আৰু ৱাশ্বিংটনে আলোচনা কৰিছিল। অৱশেষত শেষত সেই আলোচনা বিফল হৈছিল আৰু ভাৰতে  ফ্ৰান্সত নিৰ্মিত ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ