--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এক অনন্য সিদ্ধান্তৰ আলোচনা সমগ্ৰ বিশ্বতে পূৰ্ণগতিত চলি আছে। এই সিদ্ধান্তত তেওঁ ৰাছিয়াৰ জনসংখ্যা বৃদ্ধিৰ এক অনন্য প্ৰস্তাৱ ঘোষণা কৰিছে। ইয়াৰ অধীনত অধিক সন্তান জন্ম দিয়া মহিলাসকলক পুৰস্কাৰৰ ব্যৱস্থা কৰা হ’ব, এই পুৰস্কাৰ সাধাৰণ নহয় তেওঁলোক দিয়া হ'ব লাখ লাখ টকাৰ পুৰস্কাৰ দিয়া ।

ৰাছিয়াৰ জনসংখ্যা বৃদ্ধিৰ স্বাৰ্থত ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ জনসাধাৰণক এক প্ৰলোভনমূলক প্ৰস্তাৱ আগবঢ়াইছে, যাৰ অধীনত ১০টা সন্তান জন্ম দিয়া মহিলাসকলক ১৩ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব। 

আচলতে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সন্মুখত দেশৰ জনসংখ্যাক লৈ এক বৃহৎ চিন্তা আছে। ৰাছিয়াৰ জনসংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে, গতিকে এই সংকট প্ৰতিহত কৰিবলৈ পুটিনে এটা পৰিকল্পনা কৰিছিল যে মহিলাসকলে সন্তান জন্ম দিয়াৰ বাবে পুৰস্কৃত কৰা হ’ব। তেওঁ উল্লেখ কৰিছে যে ১০টা সন্তান থকাসকলক ১ বিলিয়ন ৰুবল (ৰাছিয়াৰ মুদ্ৰা) দিয়া হ’ব।

আনহাতে ১০টা সন্তান থকা মহিলাসকলকো ‘মাদাৰ হিৰোইন’ নামেৰে বঁটা প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰিছে পুটিনে। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো এই বঁটা প্ৰদান কৰা হৈছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভাঙি পৰাৰ পাছতে ৰাছিয়াই এই বঁটা দিয়া বন্ধ কৰি দিয়ে।

মহিলাসকলে কেতিয়া টকা পাব?

তথ্য অনুসৰি ১৫ আগষ্টত পুটিনে এই ঘোষণা জাৰি কৰিছিল৷ কোৱা হৈছে যে এই পৰিমাণ মহিলাসকলক একেলগে দিয়া হ’ব। দশম সন্তানৰ বয়স যেতিয়া এবছৰ হ’ব তেতিয়া মাতৃৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব বুলি দাবী কৰা হৈছে। ইফালে আক্ৰমণ বা আন কোনো কাৰণত শিশুৰ মৃত্যু হ’লেও মাতৃক ১ বিলিয়ন ৰুবল দিয়া হ’ব।

পুটিনৰ এই সিদ্ধান্তক গৰিহণা দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে। বহু লোকৰ মতে পুটিনৰ এই সিদ্ধান্ত অতি হতাশাজনক পদক্ষেপ।পুটিনৰ এই সিদ্ধান্তক সকলোতে গৰিহণা দিয়া হৈছে। ৰাছিয়াৰ ৰাজনৈতিক আৰু নিৰাপত্তা বিশেষজ্ঞ ডাঃ জেনী মেথাৰ্ছে ইয়াক অতি হতাশাজনক পদক্ষেপ বুলি অভিহিত কৰিলেও তেওঁ কয় যে ৰাছিয়াৰ জনসংখ্যা নিশ্চিতভাৱে হ্ৰাস পাইছে। নব্বৈৰ দশকৰ শেষৰ ফালৰ পৰা জনসংখ্যা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ প্ৰচেষ্টা চলি আহিছে। কৰ’না মহামাৰীৰ মাজতে আমাৰ জনসংখ্যা বহু পৰিমাণে হ্ৰাস পালে। ইয়াৰ পিছত ইউক্ৰেইন যুদ্ধত বহু লোক নিহত হৈছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এনে এক ঘোষণা কৰা উচিত। কাৰণ ১০ টা শিশুৰ বাবে ১৩ লাখ বহুত কম,তেওঁ কয় ৰাছিয়াৰ বহুতো অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সমস্যা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ