--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এক অনন্য সিদ্ধান্তৰ আলোচনা সমগ্ৰ বিশ্বতে পূৰ্ণগতিত চলি আছে। এই সিদ্ধান্তত তেওঁ ৰাছিয়াৰ জনসংখ্যা বৃদ্ধিৰ এক অনন্য প্ৰস্তাৱ ঘোষণা কৰিছে। ইয়াৰ অধীনত অধিক সন্তান জন্ম দিয়া মহিলাসকলক পুৰস্কাৰৰ ব্যৱস্থা কৰা হ’ব, এই পুৰস্কাৰ সাধাৰণ নহয় তেওঁলোক দিয়া হ'ব লাখ লাখ টকাৰ পুৰস্কাৰ দিয়া ।

ৰাছিয়াৰ জনসংখ্যা বৃদ্ধিৰ স্বাৰ্থত ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ জনসাধাৰণক এক প্ৰলোভনমূলক প্ৰস্তাৱ আগবঢ়াইছে, যাৰ অধীনত ১০টা সন্তান জন্ম দিয়া মহিলাসকলক ১৩ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব। 

আচলতে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সন্মুখত দেশৰ জনসংখ্যাক লৈ এক বৃহৎ চিন্তা আছে। ৰাছিয়াৰ জনসংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে, গতিকে এই সংকট প্ৰতিহত কৰিবলৈ পুটিনে এটা পৰিকল্পনা কৰিছিল যে মহিলাসকলে সন্তান জন্ম দিয়াৰ বাবে পুৰস্কৃত কৰা হ’ব। তেওঁ উল্লেখ কৰিছে যে ১০টা সন্তান থকাসকলক ১ বিলিয়ন ৰুবল (ৰাছিয়াৰ মুদ্ৰা) দিয়া হ’ব।

আনহাতে ১০টা সন্তান থকা মহিলাসকলকো ‘মাদাৰ হিৰোইন’ নামেৰে বঁটা প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰিছে পুটিনে। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো এই বঁটা প্ৰদান কৰা হৈছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভাঙি পৰাৰ পাছতে ৰাছিয়াই এই বঁটা দিয়া বন্ধ কৰি দিয়ে।

মহিলাসকলে কেতিয়া টকা পাব?

তথ্য অনুসৰি ১৫ আগষ্টত পুটিনে এই ঘোষণা জাৰি কৰিছিল৷ কোৱা হৈছে যে এই পৰিমাণ মহিলাসকলক একেলগে দিয়া হ’ব। দশম সন্তানৰ বয়স যেতিয়া এবছৰ হ’ব তেতিয়া মাতৃৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব বুলি দাবী কৰা হৈছে। ইফালে আক্ৰমণ বা আন কোনো কাৰণত শিশুৰ মৃত্যু হ’লেও মাতৃক ১ বিলিয়ন ৰুবল দিয়া হ’ব।

পুটিনৰ এই সিদ্ধান্তক গৰিহণা দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে। বহু লোকৰ মতে পুটিনৰ এই সিদ্ধান্ত অতি হতাশাজনক পদক্ষেপ।পুটিনৰ এই সিদ্ধান্তক সকলোতে গৰিহণা দিয়া হৈছে। ৰাছিয়াৰ ৰাজনৈতিক আৰু নিৰাপত্তা বিশেষজ্ঞ ডাঃ জেনী মেথাৰ্ছে ইয়াক অতি হতাশাজনক পদক্ষেপ বুলি অভিহিত কৰিলেও তেওঁ কয় যে ৰাছিয়াৰ জনসংখ্যা নিশ্চিতভাৱে হ্ৰাস পাইছে। নব্বৈৰ দশকৰ শেষৰ ফালৰ পৰা জনসংখ্যা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ প্ৰচেষ্টা চলি আহিছে। কৰ’না মহামাৰীৰ মাজতে আমাৰ জনসংখ্যা বহু পৰিমাণে হ্ৰাস পালে। ইয়াৰ পিছত ইউক্ৰেইন যুদ্ধত বহু লোক নিহত হৈছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এনে এক ঘোষণা কৰা উচিত। কাৰণ ১০ টা শিশুৰ বাবে ১৩ লাখ বহুত কম,তেওঁ কয় ৰাছিয়াৰ বহুতো অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সমস্যা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ