--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন মিছ ইণ্ডিয়া চেলিনা জেটলীৰ কেইবাখনো ছবিয়ে সফলতা লাভ কৰিছিল। কিন্তু চেলিনাৰ কেৰিয়াৰৰ মাজভাগতে হঠাতে বিয়া হৈছিল। ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে স্বেচ্ছাই বলীউড এৰি যায়।

২০০১ চনত ‘জানশ্বীন’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ছেলিনাই। অভিনেতা-পৰিচালক ফিৰোজ খানে নিজৰ পুত্ৰৰ প্ৰথম ছবিখনৰ নায়িকা হিচাপে বাছি লৈছিল আকৰ্ষণীয় চেহেৰাৰ চেলিনাক। বল্ড দৃশ্য আৰু সাজ-পোছাকেৰে জিলিকি উঠিছিল অভিনেত্ৰীগৰাকী। কিন্তু অভিনয়ৰ বাবে কটুক্তিৰ বলি হ’ব লগা হৈছে এইগৰাকী অভিনেত্ৰী। এইবাৰ স্বঘোষিত চলচ্চিত্ৰ সমালোচক উমেৰ সন্ধুৱে চেলিনাক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰে।

ডুবাইৰ বাসিন্দা স্বঘোষিত চলচ্চিত্ৰ সমালোচক উমেৰ সন্ধুৱে টুইট কৰি চেলিনাৰ বিষয়ে বিস্ফোৰক দাবী কৰে। তেওঁ লিখিছে, “ভাৰতৰ একমাত্ৰ অভিনেত্ৰী হৈছে চেলিনা- যি পিতৃ (ফিৰোজ খান) আৰু পুত্ৰ (ফাৰ্ডিন খান) দুয়োৰে বিচনাৰ সঙ্গী আছিল।’’ 

এই অশ্লীল টুইটৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি কয়, “মিষ্টাৰ সন্ধু, এই টুইটটো পোষ্ট কৰি আপুনি হয়তো পুৰুষ হোৱাৰ দৌৰত দৈৰ্ঘ্য আৰু পৰিধি বৃদ্ধি পাইছে, আপুনি হয়তো অলপ আশা লাভ কৰিছে যে আপোনাৰ যৌন অক্ষমতা আৰোগ্য হ’ব। বিশ্বাস কৰক যে সুস্থ হোৱাৰ আৰু উপায় আছে। ইচ্ছা কৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে, অনুগ্ৰহ কৰি নিজৰ চিকিৎসা কৰিবলৈ সময় উলিয়াওক!''

এই কুৎসিত টুইটৰ এনেধৰণৰ তীক্ষ্ণ উত্তৰ দিয়াৰ বাবে নেটিজেনৰ এটা অংশই চেলিনাক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?