--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন মিছ ইণ্ডিয়া চেলিনা জেটলীৰ কেইবাখনো ছবিয়ে সফলতা লাভ কৰিছিল। কিন্তু চেলিনাৰ কেৰিয়াৰৰ মাজভাগতে হঠাতে বিয়া হৈছিল। ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে স্বেচ্ছাই বলীউড এৰি যায়।

২০০১ চনত ‘জানশ্বীন’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ছেলিনাই। অভিনেতা-পৰিচালক ফিৰোজ খানে নিজৰ পুত্ৰৰ প্ৰথম ছবিখনৰ নায়িকা হিচাপে বাছি লৈছিল আকৰ্ষণীয় চেহেৰাৰ চেলিনাক। বল্ড দৃশ্য আৰু সাজ-পোছাকেৰে জিলিকি উঠিছিল অভিনেত্ৰীগৰাকী। কিন্তু অভিনয়ৰ বাবে কটুক্তিৰ বলি হ’ব লগা হৈছে এইগৰাকী অভিনেত্ৰী। এইবাৰ স্বঘোষিত চলচ্চিত্ৰ সমালোচক উমেৰ সন্ধুৱে চেলিনাক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰে।

ডুবাইৰ বাসিন্দা স্বঘোষিত চলচ্চিত্ৰ সমালোচক উমেৰ সন্ধুৱে টুইট কৰি চেলিনাৰ বিষয়ে বিস্ফোৰক দাবী কৰে। তেওঁ লিখিছে, “ভাৰতৰ একমাত্ৰ অভিনেত্ৰী হৈছে চেলিনা- যি পিতৃ (ফিৰোজ খান) আৰু পুত্ৰ (ফাৰ্ডিন খান) দুয়োৰে বিচনাৰ সঙ্গী আছিল।’’ 

এই অশ্লীল টুইটৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি কয়, “মিষ্টাৰ সন্ধু, এই টুইটটো পোষ্ট কৰি আপুনি হয়তো পুৰুষ হোৱাৰ দৌৰত দৈৰ্ঘ্য আৰু পৰিধি বৃদ্ধি পাইছে, আপুনি হয়তো অলপ আশা লাভ কৰিছে যে আপোনাৰ যৌন অক্ষমতা আৰোগ্য হ’ব। বিশ্বাস কৰক যে সুস্থ হোৱাৰ আৰু উপায় আছে। ইচ্ছা কৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে, অনুগ্ৰহ কৰি নিজৰ চিকিৎসা কৰিবলৈ সময় উলিয়াওক!''

এই কুৎসিত টুইটৰ এনেধৰণৰ তীক্ষ্ণ উত্তৰ দিয়াৰ বাবে নেটিজেনৰ এটা অংশই চেলিনাক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস