--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মোগল বাদশ্বাহ ঔৰংগজেৱক প্ৰশংসা কৰি আৰক্ষীৰ গোচৰৰ সন্মুখিন হৈছে মহাৰাষ্ট্ৰৰ এগৰাকী কিশোৰ৷ ছ’চিয়েল মিডিয়াত এই ধৰণৰ এটা ভিডিঅ’ পোষ্ট কৰাৰ বাবে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে।

ইয়াৰ পূৰ্বে সেই পোষ্টটোক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বীড জিলাত উত্তেজনা সৃষ্টি হৈছিল। যোৱা বৃহস্পতিবাৰে ঔৰংজেবৰ বিষয়ে বিতৰ্কিত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল এজন ১৪ বছৰীয়া কিশোৰে। অলপ সময়ৰ ভিতৰতে সেইটো ভাইৰেল হৈ পৰিল। কেইবাটাও হিন্দুত্ববাদী সংগঠনে ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে।

শুকুৰবাৰে এই ভিডিঅ’টোৰ বাবে সংগঠনসমূহে অঞ্চলটোত বন্ধৰ আহ্বান জনায়। যদিও আৰক্ষীয়ে দাবী কৰিছিল অঞ্চলটোত কোনো ধৰণৰ অশান্তি হোৱা নাই। আনহাতে, বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে কিশোৰজনে ছ’চিয়েল মিডিয়াৰ পৰা এই পোষ্টটো আঁতৰাই দিয়ে। লগতে তেওঁ ক্ষমা খুজি কয় যে তেওঁ কাৰো আৱেগক আঘাত দিয়াৰ উদ্দেশ্য নাছিল।

শুকুৰবাৰে বীড জিলাৰ আষ্টী থানাত অভিযুক্ত নাবালকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে আৰক্ষীয়ে। উত্তেজনা বিয়পি পৰাৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপ লোৱা বুলি দাবী কৰিছে আৰক্ষী বিষয়াসকলে।

জানিব পৰা মতে, কিশোৰজন বৰ্তমান ঘৰত নাই। যদি তেওঁ উভতি আহে তেন্তে তেওঁক আটক কৰি জেৰা কৰা হ’ব। আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষী অধীক্ষক নন্দকুমাৰ ঠাকুৰে কয়, ‘ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ বাবে এজন নাবালকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে পিছত তেওঁ পোষ্টটো ডিলিট কৰি পেলাইছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত