--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মোগল বাদশ্বাহ ঔৰংগজেৱক প্ৰশংসা কৰি আৰক্ষীৰ গোচৰৰ সন্মুখিন হৈছে মহাৰাষ্ট্ৰৰ এগৰাকী কিশোৰ৷ ছ’চিয়েল মিডিয়াত এই ধৰণৰ এটা ভিডিঅ’ পোষ্ট কৰাৰ বাবে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে।

ইয়াৰ পূৰ্বে সেই পোষ্টটোক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বীড জিলাত উত্তেজনা সৃষ্টি হৈছিল। যোৱা বৃহস্পতিবাৰে ঔৰংজেবৰ বিষয়ে বিতৰ্কিত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল এজন ১৪ বছৰীয়া কিশোৰে। অলপ সময়ৰ ভিতৰতে সেইটো ভাইৰেল হৈ পৰিল। কেইবাটাও হিন্দুত্ববাদী সংগঠনে ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে।

শুকুৰবাৰে এই ভিডিঅ’টোৰ বাবে সংগঠনসমূহে অঞ্চলটোত বন্ধৰ আহ্বান জনায়। যদিও আৰক্ষীয়ে দাবী কৰিছিল অঞ্চলটোত কোনো ধৰণৰ অশান্তি হোৱা নাই। আনহাতে, বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে কিশোৰজনে ছ’চিয়েল মিডিয়াৰ পৰা এই পোষ্টটো আঁতৰাই দিয়ে। লগতে তেওঁ ক্ষমা খুজি কয় যে তেওঁ কাৰো আৱেগক আঘাত দিয়াৰ উদ্দেশ্য নাছিল।

শুকুৰবাৰে বীড জিলাৰ আষ্টী থানাত অভিযুক্ত নাবালকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে আৰক্ষীয়ে। উত্তেজনা বিয়পি পৰাৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপ লোৱা বুলি দাবী কৰিছে আৰক্ষী বিষয়াসকলে।

জানিব পৰা মতে, কিশোৰজন বৰ্তমান ঘৰত নাই। যদি তেওঁ উভতি আহে তেন্তে তেওঁক আটক কৰি জেৰা কৰা হ’ব। আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষী অধীক্ষক নন্দকুমাৰ ঠাকুৰে কয়, ‘ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ বাবে এজন নাবালকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে পিছত তেওঁ পোষ্টটো ডিলিট কৰি পেলাইছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ