--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰু-ম’হকে ধৰি সকলো পশুৰে মানুহৰ দৰে আৱেগ আৰু অনুভূতি আছে। কিন্তু তেওঁলোকে নিজৰ কথা ক’ব নোৱাৰে। এটা গোচৰত বম্বে উচ্চ ন্যায়ালয়ে এই বক্তব্য দাঙি ধৰিছে।

আদালতে কয় যে যিহেতু পশুৱে নিজৰ দাবীৰ কথা ক’ব নোৱাৰে, সেয়েহে তেওঁলোকৰ বিৰুদ্ধে যিকোনো হিংসাৰ গোচৰত অতি স্পৰ্শকাতৰ হ’ব লাগিব।

কেইবাজনো পশু ব্যৱসায়ীৰ আবেদনৰ ভিত্তিত বম্বে উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। জব্দ কৰা মুঠ ৩৯টা গৰু তেওঁলোকক ঘূৰাই দিবলৈ লোককেইজনে আবেদন জনাইছিল। তেওঁলোকৰ পশু ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ আছে। এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো অপৰাধৰ অভিযোগ নাই।

পশুসমূহক কঢ়িয়াই অনা বাহনখনত খাদ্য-পানীৰ ব্যৱস্থা কৰা হোৱা নাছিল বুলি অভিযোগ উঠিছে। ‘অমানৱীয় ভাৱে’ যান-বাহনত পশুকেইটিক পৰিবহণ কৰাৰ বাবে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত জব্দ কৰা হয়। নিম্ন আদালতত ইয়াকৈ লৈ এটা গোচৰ চলি আছে। কিন্তু ৰায় নিদিয়ালৈকে ব্যৱসায়ীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনাই পশুবোৰ নিজৰ লগত ৰাখিবলৈ আবেদন জনায়। তেওঁলোকে জনায় যে সেই সময়ত গাখীৰ বিক্ৰী কৰি কিছু টকা উপাৰ্জন কৰিব পাৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি বম্বে উচ্চ ন্যায়ালয়ে মন্তব্য কৰে, “জীৱ-জন্তুৰ মানুহৰ দৰে আৱেগ, অনুভুতি আৰু ইন্দ্ৰিয় আছে। পাৰ্থক্য মাথোঁ এইটোৱেই যে, আইনত তেওঁলোকৰ অধিকাৰৰ কথা উল্লেখ থাকিলেও সেই দাবীবোৰ তেওঁলোকে আদায় কৰিব নোৱাৰে। গতিকে পশু অধিকাৰ, পশু কল্যাণ আৰু সুৰক্ষাৰ বিষয়টো অতি সংবেদনশীলভাৱে চোৱা উচিত।‘’

অৱশেষত বম্বে উচ্চ ন্যায়ালয়ে সেই ব্যৱসায়ীসকলৰ আবেদন নাকচ কৰে। নিম্ন আদালতৰ ৰায় নোপোৱালৈকে সিঁহতক এটা নিৰ্দিষ্ট গোশালাত ৰাখিবলৈ নিৰ্দেশ দিয়া হয়। একে সময়তে সংশ্লিষ্ট থানাৰ আৰক্ষী বিষয়াক পশু চিকিৎসকৰ সৈতে মাহত এবাৰ বা দুবাৰকৈ সিঁহতৰ খবৰ ল’বলৈ আদালতে নিৰ্দেশ দিয়ে। আদালতে কয় যে সেই খা-খবৰ বিষয়ে প্ৰতিবেদনৰ ৰূপত নিম্ন আদালতক দিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস