--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰু-ম’হকে ধৰি সকলো পশুৰে মানুহৰ দৰে আৱেগ আৰু অনুভূতি আছে। কিন্তু তেওঁলোকে নিজৰ কথা ক’ব নোৱাৰে। এটা গোচৰত বম্বে উচ্চ ন্যায়ালয়ে এই বক্তব্য দাঙি ধৰিছে।

আদালতে কয় যে যিহেতু পশুৱে নিজৰ দাবীৰ কথা ক’ব নোৱাৰে, সেয়েহে তেওঁলোকৰ বিৰুদ্ধে যিকোনো হিংসাৰ গোচৰত অতি স্পৰ্শকাতৰ হ’ব লাগিব।

কেইবাজনো পশু ব্যৱসায়ীৰ আবেদনৰ ভিত্তিত বম্বে উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। জব্দ কৰা মুঠ ৩৯টা গৰু তেওঁলোকক ঘূৰাই দিবলৈ লোককেইজনে আবেদন জনাইছিল। তেওঁলোকৰ পশু ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ আছে। এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো অপৰাধৰ অভিযোগ নাই।

পশুসমূহক কঢ়িয়াই অনা বাহনখনত খাদ্য-পানীৰ ব্যৱস্থা কৰা হোৱা নাছিল বুলি অভিযোগ উঠিছে। ‘অমানৱীয় ভাৱে’ যান-বাহনত পশুকেইটিক পৰিবহণ কৰাৰ বাবে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত জব্দ কৰা হয়। নিম্ন আদালতত ইয়াকৈ লৈ এটা গোচৰ চলি আছে। কিন্তু ৰায় নিদিয়ালৈকে ব্যৱসায়ীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনাই পশুবোৰ নিজৰ লগত ৰাখিবলৈ আবেদন জনায়। তেওঁলোকে জনায় যে সেই সময়ত গাখীৰ বিক্ৰী কৰি কিছু টকা উপাৰ্জন কৰিব পাৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি বম্বে উচ্চ ন্যায়ালয়ে মন্তব্য কৰে, “জীৱ-জন্তুৰ মানুহৰ দৰে আৱেগ, অনুভুতি আৰু ইন্দ্ৰিয় আছে। পাৰ্থক্য মাথোঁ এইটোৱেই যে, আইনত তেওঁলোকৰ অধিকাৰৰ কথা উল্লেখ থাকিলেও সেই দাবীবোৰ তেওঁলোকে আদায় কৰিব নোৱাৰে। গতিকে পশু অধিকাৰ, পশু কল্যাণ আৰু সুৰক্ষাৰ বিষয়টো অতি সংবেদনশীলভাৱে চোৱা উচিত।‘’

অৱশেষত বম্বে উচ্চ ন্যায়ালয়ে সেই ব্যৱসায়ীসকলৰ আবেদন নাকচ কৰে। নিম্ন আদালতৰ ৰায় নোপোৱালৈকে সিঁহতক এটা নিৰ্দিষ্ট গোশালাত ৰাখিবলৈ নিৰ্দেশ দিয়া হয়। একে সময়তে সংশ্লিষ্ট থানাৰ আৰক্ষী বিষয়াক পশু চিকিৎসকৰ সৈতে মাহত এবাৰ বা দুবাৰকৈ সিঁহতৰ খবৰ ল’বলৈ আদালতে নিৰ্দেশ দিয়ে। আদালতে কয় যে সেই খা-খবৰ বিষয়ে প্ৰতিবেদনৰ ৰূপত নিম্ন আদালতক দিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত