--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘বৈচিত্ৰৰ মাজত ঐক্য’- বিশ্ব ৰাজনীতিত এই পৰিচয়ৰ বাবে ভাৰতবৰ্ষই এক সুকীয়া স্থান দখল কৰি আহিছে। সাংবিধানিক ভেঁটিত গঢ় লৈ উঠা ভাৰতৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰই এই ‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ পৰিচয়ত সোণত সুৱগা চৰাইছিল। কিন্তু হঠাত ভাৰতৰ সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ মূল আধাৰ সংবিধানৰ ওপৰতে নামি আহে নিৰন্তৰ আক্ৰমণ। বিগত কেইটামান বৰ্ষৰ পৰা ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ়ি উঠা সাম্প্ৰদায়িক বাতাৱৰণে ভাৰতীয় সমাজ ব্যৱস্থাটোত এক উদ্বেগজনক পৰিৱেশক মূৰ দাঙি উঠাত সাৰ-পানী যোগাইছে। দেশৰ সাংবিধানিক চৰিত্ৰক মুকলিকৈ উপহাস কৰি ৰাজনৈতিক আশীৰ্বাদপুষ্ট একাংশ উগ্ৰ ধৰ্মীয় সংগঠন তথা ব্যক্তিয়ে দেশত বাধাহীনভাৱে চটিয়াই দিছে সাম্প্ৰদায়িক বিষবাষ্প। 

এনে পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমশ উদ্ভৱ হ’বলৈ ধৰে সাম্প্ৰদায়িক সংঘাতৰ দৰে উদ্বেগজনক ঘটনা। ভাৰতৰ সেই ‘বৈচিত্ৰৰ মাজত ঐক্য’ নীতিৰ ঠাইত সম্প্ৰতি ফুটি উঠে এক সম্পূৰ্ণ পৃথক চৰিত্ৰ। লজ্জানত হ’বলগীয়া হৈছে বিশ্ব সম্প্ৰদায়ৰ সমুখত। বিগত সময়চোৱাত এনে বহু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা মন্তব্য তথা কাৰুকাৰ্য দেশৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। খোদ কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি দলৰ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে একাংশ নেতাইও এনে বক্তব্যৰে এই পৰিস্থিতিৰ উদ্ভৱ কৰাত হাত উজান দিছে।

দেশত বাঢ়ি অহা সাম্প্ৰদায়িক বিভেদৰ এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ এক নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ধৰ্ম নিৰ্বিশেষে সাম্প্ৰদায়িক তথা বৈষম্যমূলক ভাষণ দিয়া লোকৰ বিৰুদ্ধে  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক অভিযোগ দাখিলৰ বাবে অপেক্ষা নকৰাকৈয়ে নিজাববীয়াকৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

দেশত ঘৃণা তথা বৈষম্যৰ প্ৰচলিত পৰিৱেশ আৰু এনে ক্ষেত্ৰত কৰ্তৃপক্ষৰ সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি শীৰ্ষ ন্যায়ালয়ে এনে ধৰণৰ ঘটনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হোৱা বিষয়াসকলৰ বিৰুদ্ধে অৱমাননাৰ অভিযোগ আৰোপ কৰাৰ সতৰ্কবাণী দিয়ে। আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ কে.এম. জোছেফ আৰু হৃষীকেশ ৰয়ৰ খণ্ড বিচাৰপীঠে কয়, "এয়া একবিংশ শতিকা। ধৰ্মৰ নামত আমি ক'ত উপনীত হৈছো? যদি কৰ্তৃপক্ষই কাম কৰাত বিফল হয় তেন্তে অৱমাননাৰ অভিযোগ আৰম্ভ কৰা হ'ব।"

উল্লেখ্য যে শ্বাহিন আব্দুল্লা নামৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে সমগ্ৰ দেশজুৰি সাম্প্ৰদায়িক ভাষণৰ ক্ষেত্ৰত বিশ্বাসযোগ্য তদন্ত আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশনা দিয়াৰ আহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আব্দুল্লাই আবেদনত দেশত মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰাৰ পৰিৱেশে ক্ৰমাৎ কঢ়িয়াই অনা বিপদৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ শীৰ্ষ আদালতৰ নিৰ্দেশনাৰ অনুৰোধ জনাইছিল।

এই আবেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড চৰকাৰৰ লগতে দিল্লীৰ কৰ্তৃপক্ষক এই অধিকাৰ ক্ষেত্ৰসমূহত এতিয়ালৈকে যিসমূহ সাম্প্ৰদায়িক আৰু বিভেদমূলক ভাষণৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে লগতে ভাৰতৰ দৰে ধৰ্ম-নিৰপেক্ষ চৰিত্ৰৰ এখন দেশৰ বাবে এনে পৰিৱেশ আশ্চৰ্যজনক আখ্যা দিয়ে।

শুনানিৰ সময়ত বিচাৰপীঠে দেশৰ সাংবিধানিক চৰিত্ৰৰ উদ্ধৃতি দি লগতে কয়, "ভাৰতৰ সংবিধানত ভাৰতক এক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু ভ্ৰাতৃত্ববোধ বহনকাৰী সমাজ হিচাপে পৰিকল্পনা কৰা হৈছে। সংবিধানত ব্যক্তিৰ মৰ্যাদা নিশ্চিত কৰা হৈছে আৰু দেশৰ একতা আৰু অখণ্ডতাই প্ৰস্তাৱনাত সন্নিবিষ্ট নীতিসমূহক পথ প্ৰদৰ্শন কৰিছে। বিভিন্ন ধৰ্ম বা জাতি তথা সম্প্ৰদায়ৰ সদস্যসকলে সম্প্ৰীতিৰে বাস কৰিবলৈ সক্ষম নোহোৱালৈকে ভ্ৰাতৃত্ববোধ থাকিব নোৱাৰে।" 

আৱেদনকাৰী শ্বাহিন আব্দুল্লাক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা একাংশ হিন্দুত্ববাদী সংগঠনৰ এক সমাৱেশৰ সময়ত বিজেপিৰ পশ্চিম দিল্লীৰ সাংসদ পৰবেশ বাৰ্মাৰ লগতে আন একাংশ লোকে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা বৈষম্যমূলক মন্তব্যৰ ওপৰতো আদালতৰ দৃষ্টি আকৰ্ষণ কৰে। এই অনুষ্ঠানত বিজেপি সাংসদ বাৰ্মাই হিন্দু সম্প্ৰদায়ক মুছলমান সকলক সম্পূৰ্ণ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল।

আবেদনত উত্থাপন কৰা এনে গুৰুতৰ বিষয়ৰ ওপৰত শীৰ্ষ আদালতৰ এনে কঠোৰ নিৰ্দেশৰ পিছতে বিচাৰপীঠে ন্যায়ালয়ৰ কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দি “আদালতে নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ লগতে আইনৰ শাসন আৰু ৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চৰিত্ৰৰ সাংবিধানিক মূল্যবোধৰ সুৰক্ষা আৰু সংৰক্ষণৰ কৰ্তব্য পালন কৰে" বুলি মন্তব্য কৰে।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত আন এক গুৰুতৰ প্ৰশ্নও উত্থাপিত হৈছে। বিগত সময়চোৱাত বিজেপিৰ একাংশ নেতা-মন্ত্ৰীৰ লগতে দলৰ আশীৰ্বাদপুষ্ট একাংশ হিন্দুত্ববাদী সংগঠন আৰু ব্যক্তিবিশেষে মুকলিকৈয়ে সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। তেওঁলোকৰ বিৰুদ্ধে বহুসময়ত গোচৰ ৰুজু হোৱাৰ পাছতো কোনো শাস্তিমূলক ব্যৱস্থাৰ আওতাৰ পৰা এইসকল ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে। 

ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ বহু লোকৰ ওপৰত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা পালনৰ নামত পক্ষপাতিত্বমূলক আচৰণৰ পৰা মুক্ত হ’বনে, সেয়া লক্ষ্যণীয় হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু