--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপক লৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ বিশ্ব৷ অষ্ট্ৰেলিয়াত ভাৰতীয় দলটোৱে ১৫ বছৰৰ পিছত খিতাপ জয়ৰ উদ্দেশ্যৰে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে। অক্টোবৰৰ ২৩ তাৰিখে, ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত প্ৰথমখন খেল খেলিব। ভাৰতৰ বহু  ক্ৰিকেটপ্ৰেমী ৰাইজ এই প্ৰথমখন খেল চাবলৈ  অষ্ট্ৰেলিয়ালৈয়ো গৈছে। অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰাসকলৰ তালিকাত সংযোজিত হৈছে তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী বাৰ্মাৰ নামো।
উল্লেখযোগ্য যে ধনশ্ৰী আগষ্ট মাহত আঘাতপ্ৰাপ্ত হৈছিল৷ আঘাতপ্ৰাপ্ত অৱস্থাৰেই ধনশ্ৰী অষ্ট্ৰেলিয়াত উপস্থিত হয়৷  চিকিৎসকে তেওঁক অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। যোৱা মাহত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। আনকি সম্পূৰ্ণ ফিট নোহোৱাৰ পাছতো, ধনশ্ৰীয়ে তেওঁৰ স্বামীক সমৰ্থন কৰিবলৈ অষ্ট্ৰেলিয়াত উপস্থিত হয়৷  তেওঁ তেওঁৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু অষ্ট্ৰেলিয়ালৈ যোৱাৰ বিষয়ে অৱগত কৰিছিল।
এই ফটোখনৰ সৈতে, ধনশ্ৰী বাৰ্মাই লিখা শিৰোনামাই সকলোৰে চকু কঁপালত তুলিছে৷ আনকি তেওঁৰ শিৰোনামাই  বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰোটেলাক ট্ৰ'ল কৰাৰো অভিযোগ উঠিছে৷  ধনশ্ৰীয়ে লিখিছিল- “মোৰ হৃদয়ে মোক অষ্ট্ৰেলিয়ালৈ লৈ গৈছিল। মই মোৰ স্বামী আৰু ভাৰতৰ বাবে ইয়াত থাকিব লাগিব।” ইয়াৰ লগতে, তেওঁ এটা হাঁহিৰ ইমোজিও ব্যৱহাৰ কৰিছিল।এই মাহৰ আৰম্ভণিতে, উৰ্বশী ৰোটেলাও অষ্ট্ৰেলিয়ালৈ গৈছিল।  অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ আগতে, উৰ্বশীয়ে শিৰোনামটোত লিখিছিল - মই মোৰ হৃদয়ক অনুসৰণ কৰিছিলো আৰু মোৰ হৃদয়ে মোক অষ্ট্ৰেলিয়ালৈ লৈ গৈছিল। এই কাৰণে, অনুৰাগীসকলে বিশ্বাস কৰে যে ধনশ্ৰী বাৰ্মাই উৰ্বশী ৰোটেলাক ট্ৰ'ল কৰিছে।
তেওঁৰ পোষ্টত এজন অনুৰাগীয়ে  লিখিছিল যে - এই শিৰোনামাটো ক’ৰবাৰ পৰা  চুৰি  যেন লাগিছে। একে সময়তে, আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল - সম্পূৰ্ণ ট্ৰলিং চলি আছে। বহু ছ’চিয়েল মিডিয়া  ব্যৱহাৰকাৰীয়ে এইটোও অনুমান কৰিছে যে উৰ্বশী ৰৌতেলাই নিশ্চিতভাৱে ধনশ্ৰীৰ পোষ্টৰ প্ৰতি প্ৰত্যুত্তৰ দিব। উৰ্বশী এতিয়াও অষ্ট্ৰেলিয়াত আছে৷ হয়তো তেওঁ ভাৰত আৰু পাকিস্তানৰ মেচ চাবলৈ ষ্টেডিয়ামতো উপস্থিত হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক