--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপক লৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ বিশ্ব৷ অষ্ট্ৰেলিয়াত ভাৰতীয় দলটোৱে ১৫ বছৰৰ পিছত খিতাপ জয়ৰ উদ্দেশ্যৰে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে। অক্টোবৰৰ ২৩ তাৰিখে, ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত প্ৰথমখন খেল খেলিব। ভাৰতৰ বহু  ক্ৰিকেটপ্ৰেমী ৰাইজ এই প্ৰথমখন খেল চাবলৈ  অষ্ট্ৰেলিয়ালৈয়ো গৈছে। অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰাসকলৰ তালিকাত সংযোজিত হৈছে তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী বাৰ্মাৰ নামো।
উল্লেখযোগ্য যে ধনশ্ৰী আগষ্ট মাহত আঘাতপ্ৰাপ্ত হৈছিল৷ আঘাতপ্ৰাপ্ত অৱস্থাৰেই ধনশ্ৰী অষ্ট্ৰেলিয়াত উপস্থিত হয়৷  চিকিৎসকে তেওঁক অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। যোৱা মাহত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। আনকি সম্পূৰ্ণ ফিট নোহোৱাৰ পাছতো, ধনশ্ৰীয়ে তেওঁৰ স্বামীক সমৰ্থন কৰিবলৈ অষ্ট্ৰেলিয়াত উপস্থিত হয়৷  তেওঁ তেওঁৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু অষ্ট্ৰেলিয়ালৈ যোৱাৰ বিষয়ে অৱগত কৰিছিল।
এই ফটোখনৰ সৈতে, ধনশ্ৰী বাৰ্মাই লিখা শিৰোনামাই সকলোৰে চকু কঁপালত তুলিছে৷ আনকি তেওঁৰ শিৰোনামাই  বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰোটেলাক ট্ৰ'ল কৰাৰো অভিযোগ উঠিছে৷  ধনশ্ৰীয়ে লিখিছিল- “মোৰ হৃদয়ে মোক অষ্ট্ৰেলিয়ালৈ লৈ গৈছিল। মই মোৰ স্বামী আৰু ভাৰতৰ বাবে ইয়াত থাকিব লাগিব।” ইয়াৰ লগতে, তেওঁ এটা হাঁহিৰ ইমোজিও ব্যৱহাৰ কৰিছিল।এই মাহৰ আৰম্ভণিতে, উৰ্বশী ৰোটেলাও অষ্ট্ৰেলিয়ালৈ গৈছিল।  অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ আগতে, উৰ্বশীয়ে শিৰোনামটোত লিখিছিল - মই মোৰ হৃদয়ক অনুসৰণ কৰিছিলো আৰু মোৰ হৃদয়ে মোক অষ্ট্ৰেলিয়ালৈ লৈ গৈছিল। এই কাৰণে, অনুৰাগীসকলে বিশ্বাস কৰে যে ধনশ্ৰী বাৰ্মাই উৰ্বশী ৰোটেলাক ট্ৰ'ল কৰিছে।
তেওঁৰ পোষ্টত এজন অনুৰাগীয়ে  লিখিছিল যে - এই শিৰোনামাটো ক’ৰবাৰ পৰা  চুৰি  যেন লাগিছে। একে সময়তে, আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল - সম্পূৰ্ণ ট্ৰলিং চলি আছে। বহু ছ’চিয়েল মিডিয়া  ব্যৱহাৰকাৰীয়ে এইটোও অনুমান কৰিছে যে উৰ্বশী ৰৌতেলাই নিশ্চিতভাৱে ধনশ্ৰীৰ পোষ্টৰ প্ৰতি প্ৰত্যুত্তৰ দিব। উৰ্বশী এতিয়াও অষ্ট্ৰেলিয়াত আছে৷ হয়তো তেওঁ ভাৰত আৰু পাকিস্তানৰ মেচ চাবলৈ ষ্টেডিয়ামতো উপস্থিত হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু