--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত নৃশংস দলবদ্ধ ধৰ্ষণ তথা হত্যাকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ষড়যন্ত্ৰমূলক গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা সাংবাদিক ছিদ্দিক কাপ্পনৰ জামিন আবেদন সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত নেতৃত্বাধীন বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰক শীঘ্ৰেই এই জাননিৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৯ ছেপ্টেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। কেৰালাস্থিত সাংবাদিক ছিদ্দিক কাপ্পানৰ বিৰুদ্ধে কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল আৰু নিম্ন আদালতৰ দ্বাৰা বাৰে বাৰে জামিন অস্বীকাৰ কৰাৰ ফলত সূদীৰ্ঘ দুটা বছৰ তেওঁ কাৰাগাৰত আৱদ্ধ হৈ আছে।

আজি উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কাপ্পনক প্ৰতিনিধিত্ব কৰি বিচাৰপীঠৰ সন্মুখত সাংবাদিক গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো প্ৰমাণ নাই বুলি যুক্তি দৰ্শায়। তেওঁ লগতে কয় যে পিএফআই কোনো সন্ত্ৰাসবাদী সংগঠন নহয়।  “কাপ্পান ২০২০ চনৰ অক্টোবৰৰ পৰা কাৰাগাৰত আছে। তেওঁৰ একাউণ্টত কিছু টকা জমা কৰা হৈছে। ইয়াৰ বাহিৰে তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰমাণ নাই। কাপ্পান এজন জ্যেষ্ঠ সাংবাদিক আৰু তেওঁ কৰ্মৰত পূৰ্বৰ প্ৰতিষ্ঠানটো পিএফআইৰ সৈতে কিছু সম্পৰ্ক আছে। তাৰ বাবেই কাপ্পানক এনেদৰে কাৰাগাৰত ৰাখিব নোৱাৰি।"- বিচাৰপীঠৰ সন্মুখত ছিবালে কয়।

আনহাতে উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা অধিবক্তা গৰিমা প্ৰসাদে জামিন আবেদনৰ বিৰোধিতা কৰি কয় যে গোচৰটোত আঠগৰাকী অভিযুক্ত আছে আৰু এগৰাকী অভিযুক্তৰ বাদে বাকীকেইজন কাৰাগাৰৰ ভিতৰত আছে। প্ৰসাদে লগতে কয় যে অভিযুক্ত সকলৰ মাজৰে এজন অভিযুক্ত দিল্লীৰ সংঘৰ্ষত জড়িত আছিল, আন এজন বুলন্দশাহেৰ সংঘৰ্ষত জড়িত আছিল। আনহাতে জামিন লাভ কৰা এজন অভিযুক্ত শেহতীয়াকৈ আদালতত হাজিৰ হোৱা নাই আৰু তেওঁৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছে বুলি উল্লেখ কৰি প্ৰসাদে এনে কাৰণতে পৰীক্ষণত পলম হৈছে বুলি যুক্তি দৰ্শায়। 

উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে গোচৰটোত অভিযোগপত্ৰ দাখিল কৰিছে বুলি অধিবক্তাগৰাকীয়ে বিচাৰপীঠক জানিবলৈ দিয়ে। প্ৰসাদে লগতে কাপ্পানক কাৰাগাৰত ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ ওচৰত পৰ্যাপ্ত কাৰণ আছে বুলি দাবী কৰি শীঘ্ৰেই এই প্ৰমাণ দেখুওৱা হ’ব বুলি মন্তব্য কৰে।  অধিবক্তা গৰিমা প্ৰসাদৰ এই দাবীৰ পাছতে বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰক শপতনামাৰ দ্বাৰা সকলো তথ্য আদালতৰ সন্মুখত উপস্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (কেইউডব্লিউজে) দিল্লী গোটৰ সম্পাদক কাপ্পানক ২০২০ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া দলিত মহিলাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত চাৰিজন ব্যক্তিয়ে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ দিনাই মাজনিশালৈ যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। কিন্তু মৃত যুৱতীগৰাকীৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁলোকৰ সন্মতি অবিহনেই যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। তেওঁলোকক শেষবাৰৰ বাবে মৃতদেহটো ঘৰলৈ অনাৰ অনুমতিও দিয়া হোৱা নাছিল বুলি পৰিয়ালটোৱে দাবী কৰিছিল।

ইয়াৰ পাছতে এই নৃশংস কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশতে সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ বিষয়ে বিতং তথ্য সংগ্ৰহৰ বাবেই কাপ্পান হাথৰাছত উপস্থিত হৈছিল। আনহাতে কাপ্পানসহ এই চাৰি গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে তেওঁলোকে হাথৰাছত আইন-শৃংখলা বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰিছিল। লগতে আৰক্ষীয়ে কাপ্পানৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতে সুসম্পৰ্ক আছিল বুলিও অভিযোগ কৰিছিল।

আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল। উল্লেখ্য যে কাপ্পানৰ দীঘলীয়া কাৰাবাস আৰু এই সময়ছোৱাত তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাপ্পানৰ এই কাৰাবাসক ভাৰতৰ ক্ৰমাৎ সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস হোৱাৰ এক এক স্পষ্ট উদাহৰণ বুলিও উল্লেখ কৰা হৈছে।

চলিত মাহৰ আৰম্ভণিতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কাপ্পনৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পিছতে তেওঁ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কাপ্পানে জামিন আবেদনত স্বতন্ত্ৰতাৰ অধিকাৰ লগতে স্বতন্ত্ৰ মাধ্যমত মত প্ৰকাশ আৰু বাক স্বাধীনতা সম্পৰ্কীয় প্ৰাথমিক সাংবিধানিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া উচ্চতম ন্যায়ালয়ৰ জাননিৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰে কাপ্পানৰ বিৰুদ্ধে কি প্ৰমাণ শীৰ্ষ আদালতৰ সন্মুখত উপস্থাপন কৰিব পাৰে, সি লক্ষ্যণীয় হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'