--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশৰ গাওঁ এলেকাকে ধৰি সকলো ঠাইতে উপলব্ধ হ’ব  জিঅ’ৰ ৫ জি নেটৱৰ্ক। আজি  ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত  এই কথা প্ৰকাশ কৰে । তেওঁ লগতে কয় যে চলিত বৰ্ষৰ দেৱালীৰ পৰাই ভাৰতৰ বচা বচা চহৰ আৰু মহানগৰ সমূহত  জিঅ’ৰ ৫ জি নেটৱৰ্ক আৰম্ভ হ’ব। 

তেওঁ লগতে কয় যে  প্ৰতিষ্ঠানটোৱে১,৮৮,০১২  কোটি টকা কৰ আদায় দি দেশৰ সৰ্বাধিক কৰদাতাত পৰিণত হৈছে।  আম্বানীয়ে কয় যে  কেৱল কৰ ৰাজহৰ জৰিয়তে ৰিলায়েন্সে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাই থকাই নহয়, ৰিলায়েন্সে বিভিন্ন খণ্ডত ৩২০,০০০ চাকৰিৰ সৃষ্টি কৰিছে।ভাৰতৰ অন্যতম বৃহৎ নিয়োগকৰ্তা হিচাবে ৰিলায়েন্স পৰিগণিত হৈছে  । ৰিলায়েন্স হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা আৰু ভাৰতৰ মুঠ সামগ্ৰী ৰপ্তানিৰ ৮ শতাংশ অকলেই ৰপ্তানি কৰি আহিছে। 

 এনে কাৰ্যই  মূল্যৱান বৈদেশিক মুদ্ৰা উপাৰ্জন কৰাত সহায় কৰিছে বুলি আম্বানীয়ে কয়। ইয়াৰ উপৰিও ৰিলায়েন্সে বিত্তীয় বৰ্ষ ২০২২ত  কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ বাবে ১,১৮৫  কোটি টকা ব্যয় কৰিছে। ইয়াৰ ভিতৰত আছিল গ্ৰাম্য পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা, দুৰ্যোগ সঁহাৰিৰ লগতে উন্নয়নমূলক পদক্ষেপৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন।  

ৰিলায়েন্সে  ৮.৫ কোটি শ্ৰমিক আৰু সমাজৰ  দুৰ্বল শ্ৰেণীৰ লোকসকলক  বিনামূলীয়া আহাৰ বিতৰণ কৰিছে বুলিও আম্বানীয়ে কয়। কোম্পানীটোৱে কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত প্ৰতিদিনে ১,০০০ টন অক্সিজেন উৎপাদন কৰিছিল আৰু ১ লাখৰো অধিক ৰোগীক বিনামূলীয়াকৈ অক্সিজেন প্ৰদান কৰিছিল। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে কোভিডৰ সময়ত  ২০০০ খনৰো অধিক  বিচনাৰ চিকিৎসালয় স্থাপন কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু