--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশৰ গাওঁ এলেকাকে ধৰি সকলো ঠাইতে উপলব্ধ হ’ব  জিঅ’ৰ ৫ জি নেটৱৰ্ক। আজি  ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত  এই কথা প্ৰকাশ কৰে । তেওঁ লগতে কয় যে চলিত বৰ্ষৰ দেৱালীৰ পৰাই ভাৰতৰ বচা বচা চহৰ আৰু মহানগৰ সমূহত  জিঅ’ৰ ৫ জি নেটৱৰ্ক আৰম্ভ হ’ব। 

তেওঁ লগতে কয় যে  প্ৰতিষ্ঠানটোৱে১,৮৮,০১২  কোটি টকা কৰ আদায় দি দেশৰ সৰ্বাধিক কৰদাতাত পৰিণত হৈছে।  আম্বানীয়ে কয় যে  কেৱল কৰ ৰাজহৰ জৰিয়তে ৰিলায়েন্সে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাই থকাই নহয়, ৰিলায়েন্সে বিভিন্ন খণ্ডত ৩২০,০০০ চাকৰিৰ সৃষ্টি কৰিছে।ভাৰতৰ অন্যতম বৃহৎ নিয়োগকৰ্তা হিচাবে ৰিলায়েন্স পৰিগণিত হৈছে  । ৰিলায়েন্স হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা আৰু ভাৰতৰ মুঠ সামগ্ৰী ৰপ্তানিৰ ৮ শতাংশ অকলেই ৰপ্তানি কৰি আহিছে। 

 এনে কাৰ্যই  মূল্যৱান বৈদেশিক মুদ্ৰা উপাৰ্জন কৰাত সহায় কৰিছে বুলি আম্বানীয়ে কয়। ইয়াৰ উপৰিও ৰিলায়েন্সে বিত্তীয় বৰ্ষ ২০২২ত  কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ বাবে ১,১৮৫  কোটি টকা ব্যয় কৰিছে। ইয়াৰ ভিতৰত আছিল গ্ৰাম্য পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা, দুৰ্যোগ সঁহাৰিৰ লগতে উন্নয়নমূলক পদক্ষেপৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন।  

ৰিলায়েন্সে  ৮.৫ কোটি শ্ৰমিক আৰু সমাজৰ  দুৰ্বল শ্ৰেণীৰ লোকসকলক  বিনামূলীয়া আহাৰ বিতৰণ কৰিছে বুলিও আম্বানীয়ে কয়। কোম্পানীটোৱে কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত প্ৰতিদিনে ১,০০০ টন অক্সিজেন উৎপাদন কৰিছিল আৰু ১ লাখৰো অধিক ৰোগীক বিনামূলীয়াকৈ অক্সিজেন প্ৰদান কৰিছিল। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে কোভিডৰ সময়ত  ২০০০ খনৰো অধিক  বিচনাৰ চিকিৎসালয় স্থাপন কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ