--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংবাদমাধ্যমক বহুতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিও কয়৷ এই চতুৰ্থ স্তম্ভৰ চালিক শক্তি হৈছে সাংবাদিকসকল৷ কিন্তু এজন সাংবাদিক হোৱাটো সহজ কথা নহয়৷ এই কথা স্বীকাৰ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাঈফে৷ এটা সময়ত নায়িকাগৰাকীয়ে নিজকে সাংবাদিক বুলি ভাবিবলৈ বাধ্য হৈছিল।সাংবাদিকৰ  চৰিত্ৰ এটাত অভিনয় কৰিবলগীয়া হোৱা বাবেই  তেওঁ নিজকে সাংবাদিক বুলি ভাবিবলগীয়া হৈছিল৷  সেইবাবেই তেওঁ কেইবাজনো বিখ্যাত সাংবাদিকক লগ ধৰিছিল৷ তেওঁলোকৰ পৰা সাংবাদিকতাৰ নিয়মবোৰ শিকিছিল তাৰ পিছতো তেওঁ নিজকে এগৰাকী সাংবাদিক বুলি ভাবিবলৈ যেন টান পাইছিল৷

 'জগ্গা জাছুছ' ছবিখনৰ প্ৰস্তুতি পৰ্ব কেটৰিনাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় অধ্যায়সমূহৰ ভিতৰৰে এটা আছিল৷ কেটৰিনাই শেহতীয়াকৈ কৈছে যে  তেওঁ হাতত বেছি সময় পোৱা নাছিল। কম সময়ৰ ভিতৰতে তেওঁ এগৰাকী  সাংবাদিক হ'ব লাগিব। সাংবাদিকতাৰ বৃত্তিটোত তেওঁ খাপ খাই পৰিব লাগিব।সেয়ে কেতিয়াও অভিনয় নকৰা চৰিতে্ৰ এটাকলৈ চিন্তিত হৈ পৰিছিল  কেটৰিনা কাইফ ৷ এটা সাক্ষাৎকাৰত কেটৰিনাই কৈছে  "মোৰ সাংবাদিকতাৰ জ্ঞান নাই। কি কৰিব লাগে মই নাজানো! তাৰ মাজতে প্ৰস্তুতি আৰম্ভ হৈ গৈছিল"।

অভিনেত্ৰীগৰাকীয়ে সাংবাদিকৰ পেছাটোৰ সৈতে মিলি যাবলৈ পাৰ্যমানে চেষ্টা কৰিবলৈ ধৰিছিল। কিন্তু ছবি খনৰ পিছতে তেওঁ সাংবাদিকতা ত্যাগ কৰে। অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি নায়িকাগৰাকীয়ে নিজকে সাংবাদিক বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। চৰিত্ৰটোত প্ৰৱেশ কৰিবলৈ  তেওঁ কেইবাজনো বিখ্যাত সাংবাদিকক লগ ধৰিছিল। তেওঁলোকৰ পৰা সাংবাদিকে কেনেদৰে কাম কৰে তাৰ এটা আভাস গ্ৰহণ কৰিছিল। কেৱল সেয়াই নহয়, সাংবাদিকসকলৰ জীৱন কেনেকুৱা সেয়া বুজিবলৈ কেটৰিনাই ইউটিউবকে ধৰি বিভিন্ন অনলাইন প্লেটফৰ্মত ১০০ ঘণ্টাৰ ভিডিঅ' ফুটেজো চাইছিল। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে তেওঁৰ সেই বিচিত্ৰ অভিজ্ঞতা পাহৰি যোৱা নাই।

এক সাক্ষাৎকাৰত তেওঁ কয়, "সাংবাদিকসকলে কেনেদৰে ঘটনাবোৰ লিপিবদ্ধ  কৰে, তেওঁলোকে কেনেদৰে সেইবোৰ পুনৰ উপস্থাপন কৰে, সেয়া  মই শিকিছোঁ। মই সাংবাদিকসকলৰ কেমেৰাৰ ফুটেজো লোৱা  আদি কথাবোৰ ভালদৰে লক্ষ্য কৰিছিলো৷ যিমান বোৰ চলচ্চিত্ৰ, কাহিনীত সাংবাদিকতাৰ কথা  আছে মই সেইবোৰ চাইছিলো৷"
 
'জগ্গা জাসুছ' বোলছবিখনত এজন লোকে তেওঁৰ সৰু পুত্ৰ জগ্গাক বৰ্ডিং স্কুললৈ পঠিয়াই নিৰুদ্দেশ হৈছিল। তাৰ পিছত, পুত্ৰ ডাঙৰ হৈছিল আৰু তেওঁৰ দেউতাকক বিচাৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই জগ্গাই শ্ৰুতি নামৰ এগৰাকী সাংবাদিকৰ সহায় লৈছিল। শ্ৰুতিৰ চৰিত্ৰটোৰ বাবে কেটৰিনাৰ সেই অনন্য প্ৰস্তুতি আছিল।

চৰিত্ৰটোৰ আঁৰৰ কঠোৰ পৰিশ্ৰমৰ বিষয়ে সোধাত তেওঁ কয়, "অভিনেতা হোৱাৰ মজা হৈছে বিভিন্ন চৰিত্ৰৰ বাস্তৱতা উপভোগ কৰা। প্ৰতিটো চৰিত্ৰৰ নিজা গ্ৰাফ আছে। সকলো চৰিত্ৰ বাবেই আমি  সাজু থাকিব লাগিব। এইটো এটা অতি প্ৰত্যাহ্বানমূলক কাম। "

অনুৰাগ বসুৰ দ্বাৰা পৰিচালিত, 'জগ্গা জাছুছ' ১৪ জুলাই, ২০১৭ত  তা মুক্তি দিয়া হৈছিল। ছবি খনত  ৰণবীৰ কাপুৰ আৰু কেটৰিনা কাঈফ মুখ্য চৰিত্ৰত আছিল। ছবিখনে বক্স অফিচত ভাল ব্যৱসায় কৰিছিল৷  কেটৰিনাৰ হাতত এতিয়া বহুতো কাম আছে।তেওঁৰ শেহতীয়া ছবি 'ফোন ভূত' কিছুদিন আগতে মুক্তি পাইছে। "মেৰী খ্ৰীষ্টমাছ" অহা বছৰ মুক্তি পাব।  অভিনেত্ৰীগৰাকীয়ে এতিয়া তেওঁৰ নতুন ছবিখনৰ বাবে প্ৰস্তুতি চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement