--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অ'টিটি শৃংখলা মুভিং ইন উইথ মালাইকাৰ নতুন টিজাৰ ভিডিঅ'টোত অভিনেতাগৰাকীয়ে তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে কথা পাতি থকা দেখা গৈছে। অভিনেতা কৰীণা কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ফাৰাহ খানকো ইয়াত মালাইকাক সান্তনা দিয়া  দেখা গৈছে।

মালাইকা অৰোৰাই তেওঁৰ আহিবলগীয়া ৰিয়েলিটি শ্ব' মুভিং ইন উইথ মালাইকাৰ এটা নতুন প্ৰমো উন্মোচন কৰিছিল। টিজাৰটোত অভিনেতা কৰীণা কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ফাৰাহ খানকো দেখুওৱা হৈছে। ক্লিপটোত,  আৱেগিক মালাইকাই প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে তেওঁৰ বিচ্ছেদৰ বিষয়ে ৰাজহুৱা কৰিছিল  আৰু  জীৱনৰ সিদ্ধান্তবোৰ মনত পেলাই চকুপানী টুকিছিল।

ভিডিঅ'টোত কৰীণাই কয় যে , "মই ভাবো তেওঁ (মালাইকা) ধেমেলীয়া,আবেদনময়ী, ধুনীয়া আৰু তেওঁ শিলৰ দৰে কঠিন বুলিও মন্তব্য আগবঢ়াইছে৷  
 ক্লিপটোত, মালাইকাই এক অনুষ্ঠানত বক্তব্য ৰাখিছিল য'ত তেওঁৰ ভগ্নী অমৃতা অৰোৰাক দেখা গৈছিল। মালাইকাই  দৰ্শকক কৈছিল, "মই আগবাঢ়িছো, মোৰ প্ৰাক্তন আগবাঢ়িছে৷ ”

আগন্তুক শৃংখলাটোৰ আন দৃশ্যবোৰত, মালাইকাক  যোগাসন কৰাও দেখা গৈছে৷ আনহাতে, ফাৰাহ খানৰ সৈতে বাৰ্তালাপ কৰোতে আত্মবিশ্বাসী মলাইকাই  কৈছিল যে, "মই মোৰ জীৱনত লোৱা প্ৰতিটো সিদ্ধান্ত সম্পূৰ্ণৰূপে মূল্যৱান। মই সুখী।" ফাৰাহে তেওঁক সান্ত্বনা দি ক'লে, "আপুনি কান্দিলেও আপোনাক ধুনীয়া দেখি।"

উল্লেখযোগ্য যে, অনুষ্ঠানটোৰ বিষয়ে কথা পাতি মালাইকাই আগতে এক বিবৃতিত কৈছিল, "দীৰ্ঘদিন ধৰি বিশ্বই মোক সামাজিক মাধ্যমৰ লেন্সৰ জৰিয়তে চাই আহিছে। কিন্তু এইবাৰ মই সেইয়া সলনি কৰিবলৈ উৎসাহিত হৈছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে, মই মোৰ আৰু মোৰ অনুৰাগীসকলৰ মাজৰ সেই দেৱালখন ভাঙিব বিচাৰো আৰু মালাইকাৰ সৈতে মুভিং ইনৰ জৰিয়তে তেওঁলোকক মোৰ পৃথিৱীলৈ নিমন্ত্ৰণ কৰিব বিচাৰো। এইটো এটা আমোদজনক যাত্ৰা হ'ব। মই এই নতুন উদ্যোগটো আৰম্ভ কৰিবলৈ উৎসাহিত হৈছোঁ আৰু এই ক্ষেত্ৰত ডিজনী+ হটষ্টাৰৰ সৈতে সহযোগিতা কৰি আনন্দিত হৈছো।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু