--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অ'টিটি শৃংখলা মুভিং ইন উইথ মালাইকাৰ নতুন টিজাৰ ভিডিঅ'টোত অভিনেতাগৰাকীয়ে তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে কথা পাতি থকা দেখা গৈছে। অভিনেতা কৰীণা কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ফাৰাহ খানকো ইয়াত মালাইকাক সান্তনা দিয়া  দেখা গৈছে।

মালাইকা অৰোৰাই তেওঁৰ আহিবলগীয়া ৰিয়েলিটি শ্ব' মুভিং ইন উইথ মালাইকাৰ এটা নতুন প্ৰমো উন্মোচন কৰিছিল। টিজাৰটোত অভিনেতা কৰীণা কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ফাৰাহ খানকো দেখুওৱা হৈছে। ক্লিপটোত,  আৱেগিক মালাইকাই প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে তেওঁৰ বিচ্ছেদৰ বিষয়ে ৰাজহুৱা কৰিছিল  আৰু  জীৱনৰ সিদ্ধান্তবোৰ মনত পেলাই চকুপানী টুকিছিল।

ভিডিঅ'টোত কৰীণাই কয় যে , "মই ভাবো তেওঁ (মালাইকা) ধেমেলীয়া,আবেদনময়ী, ধুনীয়া আৰু তেওঁ শিলৰ দৰে কঠিন বুলিও মন্তব্য আগবঢ়াইছে৷  
 ক্লিপটোত, মালাইকাই এক অনুষ্ঠানত বক্তব্য ৰাখিছিল য'ত তেওঁৰ ভগ্নী অমৃতা অৰোৰাক দেখা গৈছিল। মালাইকাই  দৰ্শকক কৈছিল, "মই আগবাঢ়িছো, মোৰ প্ৰাক্তন আগবাঢ়িছে৷ ”

আগন্তুক শৃংখলাটোৰ আন দৃশ্যবোৰত, মালাইকাক  যোগাসন কৰাও দেখা গৈছে৷ আনহাতে, ফাৰাহ খানৰ সৈতে বাৰ্তালাপ কৰোতে আত্মবিশ্বাসী মলাইকাই  কৈছিল যে, "মই মোৰ জীৱনত লোৱা প্ৰতিটো সিদ্ধান্ত সম্পূৰ্ণৰূপে মূল্যৱান। মই সুখী।" ফাৰাহে তেওঁক সান্ত্বনা দি ক'লে, "আপুনি কান্দিলেও আপোনাক ধুনীয়া দেখি।"

উল্লেখযোগ্য যে, অনুষ্ঠানটোৰ বিষয়ে কথা পাতি মালাইকাই আগতে এক বিবৃতিত কৈছিল, "দীৰ্ঘদিন ধৰি বিশ্বই মোক সামাজিক মাধ্যমৰ লেন্সৰ জৰিয়তে চাই আহিছে। কিন্তু এইবাৰ মই সেইয়া সলনি কৰিবলৈ উৎসাহিত হৈছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে, মই মোৰ আৰু মোৰ অনুৰাগীসকলৰ মাজৰ সেই দেৱালখন ভাঙিব বিচাৰো আৰু মালাইকাৰ সৈতে মুভিং ইনৰ জৰিয়তে তেওঁলোকক মোৰ পৃথিৱীলৈ নিমন্ত্ৰণ কৰিব বিচাৰো। এইটো এটা আমোদজনক যাত্ৰা হ'ব। মই এই নতুন উদ্যোগটো আৰম্ভ কৰিবলৈ উৎসাহিত হৈছোঁ আৰু এই ক্ষেত্ৰত ডিজনী+ হটষ্টাৰৰ সৈতে সহযোগিতা কৰি আনন্দিত হৈছো।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক