--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ চকু এতিয়া ব্ৰিটেইনৰ ওপৰত। বৰিছ জনছনৰ পদত্যাগৰ পাছত এই মুহূৰ্তত আটাইতকৈ চৰ্চিত হৈ পৰিছে ঋষি সুনক। বিশ্ব ৰাজনীতিত কেৱল ব্ৰিটেইনতে নহয়, ভাৰততো ঋষি সুনকক লৈ দেখিবলৈ পোৱা গৈছে অন্তহীন কৌতুহল।

ইয়াৰ মাজতে ঋষি সুনকৰ পত্নী অক্ষত মূৰ্তিয়ে দখল কৰিছে বাতৰিৰ শিৰোনাম। আলোচনাৰ বিষয় হৈ পৰিল তেওঁ পৰিবেশন কৰা চাহ। কাপৰ মূল্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্য শুনিবলৈ পোৱা গৈছে। ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে, ঋষি সুনকৰ পদত্যাগৰ ঠিক পিছতেই সুনকৰ বাসগৃহৰ সন্মুখত সমবেত হোৱা সাংবাদিক আৰু ফটোগ্ৰাফাৰক চাহ পৰিৱেশন কৰা অক্ষত মূৰ্তিক দেখিবলৈ পোৱা যায়।

সেইদিনা সমবেত সাংবাদিক সকলক যি কাপত অক্ষতা মূৰ্তিয়ে চাহ পৰিবেশন কৰিছিল সেয়া অমূল্য। ভাৰতীয় মুদ্ৰাত এটা কাপৰ মূল্য প্ৰায় ৩৬২৬ টকা! ছ’চিয়েল মিডিয়াত নেটিজেনে তাৰ বাবে কৰিছে সমালোচনা। এটা পৰিয়ালক এটা কাপৰ মূল্যত দুদিনৰ আহাৰ যোগান ধৰিব পাৰি বুলি নেটিজেনে মন্তব্য কৰিছে।

ঋষিৰ পাকঘৰত দামী কাপ থাকিব পাৰে। কিন্তু হঠাতে এই আলোচনা কিয়? ইয়াৰ আঁৰতো আছে নানা কাৰণ। আনকি, কৰ’না আতিমাৰীৰ সময়তো জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰাত লক্ষ্যণীয় ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। স্বাভাৱিকতে, ঋষি সুনকৰ পত্নীয়ে পৰিৱেশন কৰা চাহৰ কাপটোৱে এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি