--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ চকু এতিয়া ব্ৰিটেইনৰ ওপৰত। বৰিছ জনছনৰ পদত্যাগৰ পাছত এই মুহূৰ্তত আটাইতকৈ চৰ্চিত হৈ পৰিছে ঋষি সুনক। বিশ্ব ৰাজনীতিত কেৱল ব্ৰিটেইনতে নহয়, ভাৰততো ঋষি সুনকক লৈ দেখিবলৈ পোৱা গৈছে অন্তহীন কৌতুহল।

ইয়াৰ মাজতে ঋষি সুনকৰ পত্নী অক্ষত মূৰ্তিয়ে দখল কৰিছে বাতৰিৰ শিৰোনাম। আলোচনাৰ বিষয় হৈ পৰিল তেওঁ পৰিবেশন কৰা চাহ। কাপৰ মূল্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্য শুনিবলৈ পোৱা গৈছে। ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে, ঋষি সুনকৰ পদত্যাগৰ ঠিক পিছতেই সুনকৰ বাসগৃহৰ সন্মুখত সমবেত হোৱা সাংবাদিক আৰু ফটোগ্ৰাফাৰক চাহ পৰিৱেশন কৰা অক্ষত মূৰ্তিক দেখিবলৈ পোৱা যায়।

সেইদিনা সমবেত সাংবাদিক সকলক যি কাপত অক্ষতা মূৰ্তিয়ে চাহ পৰিবেশন কৰিছিল সেয়া অমূল্য। ভাৰতীয় মুদ্ৰাত এটা কাপৰ মূল্য প্ৰায় ৩৬২৬ টকা! ছ’চিয়েল মিডিয়াত নেটিজেনে তাৰ বাবে কৰিছে সমালোচনা। এটা পৰিয়ালক এটা কাপৰ মূল্যত দুদিনৰ আহাৰ যোগান ধৰিব পাৰি বুলি নেটিজেনে মন্তব্য কৰিছে।

ঋষিৰ পাকঘৰত দামী কাপ থাকিব পাৰে। কিন্তু হঠাতে এই আলোচনা কিয়? ইয়াৰ আঁৰতো আছে নানা কাৰণ। আনকি, কৰ’না আতিমাৰীৰ সময়তো জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰাত লক্ষ্যণীয় ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। স্বাভাৱিকতে, ঋষি সুনকৰ পত্নীয়ে পৰিৱেশন কৰা চাহৰ কাপটোৱে এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ