--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমোদী উপাধিৰ গোচৰত  উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ৰাহুল গান্ধী কেতিয়া সংসদলৈ উভতিব পাৰিব।  লোকসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেতিয়া সংসদলৈ ঘূৰি আহিব সেই বিষয়ে সোমবাৰে সিদ্ধান্ত ল'ব পাৰে বুলি বহুতে আশা কৰিছে যদিও সেই আশা কিমান পূৰণ হয় তাত সন্দেহ আছে। ইয়াৰ মাজতে সোমবাৰেই কংগ্ৰেছৰ সাংসদসকলৰ এখন বৈঠকো আহ্বান কৰা হৈছে।বৈঠকত ৰাহুল গান্ধীৰ সাংসদ পদ ওভতাই পোৱাৰ বিষয়টোকলৈ উক্ত বৈঠকত আলোচনা কৰা হ’ব।

  উল্লেখ্য মোদী উপাধি গোচৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত, সোমবাৰৰ দিনটো (৭ আগষ্ট) কংগ্ৰেছৰ বাবে এক বিশেষ দিন ।কিয়নো ৰাহুল গান্ধী কেতিয়া সংসদলৈ ঘূৰি আহিব সেই সন্দৰ্ভত আজি সিদ্ধান্ত লোৱা হ’ব পাৰে। লোকসভাৰ সচিবালয়ৰ একাংশ  বিষয়াই কৈছে যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতিলিপি পঢ়াৰ পিছত প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। বৈঠকখন পুৱা ১০.৩০ বজাত দলৰ সংসদীয় কাৰ্যালয়ত অনুষ্ঠিত হ'ব। শুক্ৰবাৰে, উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক সকাহ দিয়ে আৰু তেওঁৰ শাস্তি স্থগিত ৰাখে। লোকসভাৰ বিষয়াসকলে কৈছে যে সাধাৰণতে আদালতৰ সিদ্ধান্ত ৩০ মিনিটৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু এনে অধিসূচনাৰ সৈতে সম্পৰ্কিত প্ৰপত্ৰসমূহ লোকসভা সচিবালয়ৰ ওচৰত থাকে।

উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ লগে লগে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিছিল আৰু ৰাহুলৰ সদস্যপদ অতি সোনকালে ওভতাই দিবলৈ দাবী জনাইছিল। সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে  নিজেও হাতত আদালতৰ ৰায়ৰ প্ৰতিলিপি লৈ সংসদৰ সচিবালয়লৈ যাব। দৰাচলতে কংগ্ৰেছে বিচাৰে যে মণিপুৰ বিষয়ত সংসদত  উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিষয়ে আলোচনা হোৱাৰ  আগতেই ৰাহুল গান্ধী  সংসদলৈ উভতি অহাটো জৰুৰী হৈ পৰিছে। কাৰণ এই সময়ত লোকসভাত ৰাহুলৰ কণ্ঠৰ প্ৰয়োজন হৈছে বুলি বহুতে অনুভৱ কৰিছে।

 কিন্তু কংগ্ৰেছৰ এনে আশা কিমান সোনকালে  পূৰণ হয় সেয়া নিৰ্ভৰ কৰিছে লোকসভাৰ অধ্যক্ষৰ ওপৰত। দৰাচলতে  এগৰাকী  সাংসদৰ সদস্য পদ কৰ্তন কৰিলে  কিমান দিনৰ ভিতৰত সেয়া  পুনৰ বাহাল কৰিব লাগিব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। তেনে ক্ষেত্ৰত ৰাহুল গান্ধীৰ  কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ দিয়া হৈছে যদিও  কাইলৈয়েই  তেওঁ সাংসদ ওভতাই পাব বুলি  কোনো বাধ্যবাধকতা নাই।শেহতীয়াকৈ  লাক্ষাদ্বীপৰ সাংসদ মহম্মদ ফৈজলৰ কৰ্তন কৰা সাংসদ পদ পুনৰ ওভতাই দিছে ।  উচ্চ ন্যায়ালয়ে ফৈজলক  দোষমুক্ত ঘোষণা কৰাৰ  পিছতো বহু দিনলৈ  লোকসভা সচিবালয়ে তেওঁক  সাংসদ পদ ওভতাই দিয়া নাছিল। 

লোকসভাৰ অধ্যক্ষক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিছতো একো ফল নধৰাত ফৈজলে  উচ্চতম ন্যায়ালয়ত সংসদৰ সচিবালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলগীয়া হৈছিল।  আদালতে গোচৰটোৰ ৰায় ঘোষণা কৰাৰ  আগতে অৱশেষত ফৈজলক সাংসদ পদ ওভতাই দিয়া হয়। ফৈজলক আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতো প্ৰায় এমাহ ধৰি তেওঁক সাংসদ পদ ওভতাই দিয়া হোৱা নাছিল। ৰাহুল গান্ধীৰ ক্ষেত্ৰত অধ্যক্ষই সাংসদ পদ ওভতাই দিবলৈ কিমান সময় লয় সেয়া লক্ষ্যণীয় হ’ব। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়