--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ আজি পুৱাই লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ লোকসভাৰ সচিবালয়ে ওভতাই দিয়ে৷ মোদী উপাধিৰ গোচৰত  উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছিল ৰাহুল গান্ধী সংসদলৈ উভতিব পাৰিবনে? 

লোকসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেতিয়া সংসদলৈ ঘূৰি আহিব সেই বিষয়ে সোমবাৰে সিদ্ধান্ত ল'ব পাৰে বুলি বহুতে আশা কৰিছিল৷ অৱশেষত সেই আশা পূৰণ হ’ল৷  সোমবাৰেই কংগ্ৰেছৰ সাংসদসকলৰ এখন বৈঠকো আহ্বান কৰা হৈছিল।বৈঠকত ৰাহুল গান্ধীৰ সাংসদ পদ ওভতাই পোৱাৰ বিষয়টোকলৈ উক্ত বৈঠকত আলোচনা কৰাৰ কথা আছিল৷

  উল্লেখ্য মোদী উপাধি গোচৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত, সোমবাৰৰ দিনটো (৭ আগষ্ট) কংগ্ৰেছৰ বাবে এক বিশেষ দিন ।কিয়নো ৰাহুল গান্ধী কেতিয়া সংসদলৈ ঘূৰি আহিব সেই সন্দৰ্ভত আজি সিদ্ধান্ত লোৱা হ’ব বুলি চৰ্চা চলিছিল। লোকসভাৰ সচিবালয়ৰ একাংশ  বিষয়াই কৈছিল যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতিলিপি পঢ়াৰ পিছত প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। লোকসভাৰ বিষয়াসকলে সগতে কৈছিল যে সাধাৰণতে আদালতৰ সিদ্ধান্ত ৩০ মিনিটৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু এনে অধিসূচনাৰ সৈতে সম্পৰ্কিত প্ৰপত্ৰসমূহ লোকসভা সচিবালয়ৰ ওচৰত থাকে।

উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ লগে লগে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিছিল আৰু ৰাহুলৰ সদস্যপদ অতি সোনকালে ওভতাই দিবলৈ দাবী জনাইছিল।  মণিপুৰ বিষয়ত সংসদত  উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিষয়ে আলোচনা হোৱাৰ  আগতেই ৰাহুল গান্ধী  সংসদলৈ উভতি অহাটো জৰুৰী হৈ পৰিছিল। কাৰণ এই সময়ত লোকসভাত ৰাহুলৰ কণ্ঠৰ প্ৰয়োজন হৈছে বুলি বহুতে অনুভৱ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়