--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ আজি পুৱাই লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ লোকসভাৰ সচিবালয়ে ওভতাই দিয়ে৷ মোদী উপাধিৰ গোচৰত  উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছিল ৰাহুল গান্ধী সংসদলৈ উভতিব পাৰিবনে? 

লোকসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেতিয়া সংসদলৈ ঘূৰি আহিব সেই বিষয়ে সোমবাৰে সিদ্ধান্ত ল'ব পাৰে বুলি বহুতে আশা কৰিছিল৷ অৱশেষত সেই আশা পূৰণ হ’ল৷  সোমবাৰেই কংগ্ৰেছৰ সাংসদসকলৰ এখন বৈঠকো আহ্বান কৰা হৈছিল।বৈঠকত ৰাহুল গান্ধীৰ সাংসদ পদ ওভতাই পোৱাৰ বিষয়টোকলৈ উক্ত বৈঠকত আলোচনা কৰাৰ কথা আছিল৷

  উল্লেখ্য মোদী উপাধি গোচৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত, সোমবাৰৰ দিনটো (৭ আগষ্ট) কংগ্ৰেছৰ বাবে এক বিশেষ দিন ।কিয়নো ৰাহুল গান্ধী কেতিয়া সংসদলৈ ঘূৰি আহিব সেই সন্দৰ্ভত আজি সিদ্ধান্ত লোৱা হ’ব বুলি চৰ্চা চলিছিল। লোকসভাৰ সচিবালয়ৰ একাংশ  বিষয়াই কৈছিল যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতিলিপি পঢ়াৰ পিছত প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। লোকসভাৰ বিষয়াসকলে সগতে কৈছিল যে সাধাৰণতে আদালতৰ সিদ্ধান্ত ৩০ মিনিটৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু এনে অধিসূচনাৰ সৈতে সম্পৰ্কিত প্ৰপত্ৰসমূহ লোকসভা সচিবালয়ৰ ওচৰত থাকে।

উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ লগে লগে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিছিল আৰু ৰাহুলৰ সদস্যপদ অতি সোনকালে ওভতাই দিবলৈ দাবী জনাইছিল।  মণিপুৰ বিষয়ত সংসদত  উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিষয়ে আলোচনা হোৱাৰ  আগতেই ৰাহুল গান্ধী  সংসদলৈ উভতি অহাটো জৰুৰী হৈ পৰিছিল। কাৰণ এই সময়ত লোকসভাত ৰাহুলৰ কণ্ঠৰ প্ৰয়োজন হৈছে বুলি বহুতে অনুভৱ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস