--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা তেওঁ ওলাই গৈছিল ঘৰটোৰ পৰা। সেই ঘৰটোতে তেওঁ বছৰৰ পিছত বছৰ ধৰি বাস কৰি আছিল। কিন্তু মোদী উপাধি গোচৰত দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন হৈছিল। ফলত তেওঁ হেৰুৱাবলগীয়া হৈছিল তেওঁৰ চৰকাৰী বাংলো। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ শাস্তিৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছত তেওঁ পুনৰ সাংসদ পদ ওভতাই পাইছে। লগে লগে মঙলবাৰে তেওঁ পুনৰ চৰকাৰী আবাসো পুনৰ ঘূৰাই পাইছে। 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীত থকা তেওঁৰ ১২   তোঘলক লেনৰ বাংলোলৈ আজি  পুনৰ যায়। এজন সাংসদ হিচাপে অযোগ্য হোৱাৰ পিছত তেওঁ চলিত  বছৰৰ এপ্ৰিল মাহত  বাংলোটো খালী কৰিছিল।  এজন সাংসদ হিচাপে পুনৰ  চৰকাৰী বাসভৱন ঘূৰাই পোৱাৰ বিষয়ে সাংবাদিকে  প্ৰতিক্ৰিয়া বিচৰাত  ৰাহুলে কয়, "মেৰা ঘৰ পূৰা হিন্দুস্তান হে্য (সমগ্ৰ ভাৰত মোৰ ঘৰ)"।  নিৰ্বাচনত আমেঠি সমষ্টিত জয়লাভ কৰাৰ পিছত ৰাহুলে প্ৰথমে ২০০৪ চনত বাংলোটো আৱণ্টন পাইছিল।কিন্তু সাংসদ পদ কৰ্তনৰ পিছত  লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক ২২ এপ্ৰিলত ১২ তোঘলক লেনত থকা তেওঁৰ বাংলো খালী কৰিবলৈ জাননী জাৰি কৰিছিল।

 লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাসভৱনটো খালী কৰাৰ জাননী জাৰি কৰিছিল।  এমাহৰ ভিতৰত বাংলোটো খালী কৰিবলৈ জাননীত কোৱা হৈছিল। 

ৰাহুল ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ হৈ আছে । সেই অনুসৰি, দিল্লীৰ ১২ তোঘলক ৰোডত ৰাহুলৰ বাবে এটা চৰকাৰী বাংলো আৱণ্টন কৰা হৈছিল। ২৩ মাৰ্চত, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। জাননী পোৱাৰ  পিছতে ৰাহুল গান্ধীয়ে নিজৰ মন্তব্য জনাই লোকসভাৰ সচিবালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰ খনত তেওঁ চৰকাৰী আদেশ মানি  তোঘলক ৰোডৰ চৰকাৰী বাংলোটো এৰি দিব বুলি কৈছিল।ৱায়ানাডৰ প্ৰাক্তন সাংসদজনে লোকসভা সচিবালয়ক বাংলো এৰি যাবলৈ নিৰ্দেশ দি  পত্ৰ প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জনাইছিল। লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পিছত ৰাহুলে লিখা এখন পত্ৰত কৈছিল , "জনসাধাৰণৰ ইচ্ছাত  চাৰিটা কাৰ্যকালৰ বাবে সংসদৰ সদস্য হিচাপে মই ইয়াত ভালদৰেই সময় অতিবাহিত কৰিছিলো। মোৰ  স্মৃতিবোৰো ইয়াত নিহিত হৈ  আছে। মই পত্ৰখনৰ নিৰ্দেশনাবোৰ গ্ৰহণ কৰিম। '' 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন