--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা তেওঁ ওলাই গৈছিল ঘৰটোৰ পৰা। সেই ঘৰটোতে তেওঁ বছৰৰ পিছত বছৰ ধৰি বাস কৰি আছিল। কিন্তু মোদী উপাধি গোচৰত দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন হৈছিল। ফলত তেওঁ হেৰুৱাবলগীয়া হৈছিল তেওঁৰ চৰকাৰী বাংলো। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ শাস্তিৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছত তেওঁ পুনৰ সাংসদ পদ ওভতাই পাইছে। লগে লগে মঙলবাৰে তেওঁ পুনৰ চৰকাৰী আবাসো পুনৰ ঘূৰাই পাইছে। 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীত থকা তেওঁৰ ১২   তোঘলক লেনৰ বাংলোলৈ আজি  পুনৰ যায়। এজন সাংসদ হিচাপে অযোগ্য হোৱাৰ পিছত তেওঁ চলিত  বছৰৰ এপ্ৰিল মাহত  বাংলোটো খালী কৰিছিল।  এজন সাংসদ হিচাপে পুনৰ  চৰকাৰী বাসভৱন ঘূৰাই পোৱাৰ বিষয়ে সাংবাদিকে  প্ৰতিক্ৰিয়া বিচৰাত  ৰাহুলে কয়, "মেৰা ঘৰ পূৰা হিন্দুস্তান হে্য (সমগ্ৰ ভাৰত মোৰ ঘৰ)"।  নিৰ্বাচনত আমেঠি সমষ্টিত জয়লাভ কৰাৰ পিছত ৰাহুলে প্ৰথমে ২০০৪ চনত বাংলোটো আৱণ্টন পাইছিল।কিন্তু সাংসদ পদ কৰ্তনৰ পিছত  লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক ২২ এপ্ৰিলত ১২ তোঘলক লেনত থকা তেওঁৰ বাংলো খালী কৰিবলৈ জাননী জাৰি কৰিছিল।

 লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাসভৱনটো খালী কৰাৰ জাননী জাৰি কৰিছিল।  এমাহৰ ভিতৰত বাংলোটো খালী কৰিবলৈ জাননীত কোৱা হৈছিল। 

ৰাহুল ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ হৈ আছে । সেই অনুসৰি, দিল্লীৰ ১২ তোঘলক ৰোডত ৰাহুলৰ বাবে এটা চৰকাৰী বাংলো আৱণ্টন কৰা হৈছিল। ২৩ মাৰ্চত, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। জাননী পোৱাৰ  পিছতে ৰাহুল গান্ধীয়ে নিজৰ মন্তব্য জনাই লোকসভাৰ সচিবালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰ খনত তেওঁ চৰকাৰী আদেশ মানি  তোঘলক ৰোডৰ চৰকাৰী বাংলোটো এৰি দিব বুলি কৈছিল।ৱায়ানাডৰ প্ৰাক্তন সাংসদজনে লোকসভা সচিবালয়ক বাংলো এৰি যাবলৈ নিৰ্দেশ দি  পত্ৰ প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জনাইছিল। লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পিছত ৰাহুলে লিখা এখন পত্ৰত কৈছিল , "জনসাধাৰণৰ ইচ্ছাত  চাৰিটা কাৰ্যকালৰ বাবে সংসদৰ সদস্য হিচাপে মই ইয়াত ভালদৰেই সময় অতিবাহিত কৰিছিলো। মোৰ  স্মৃতিবোৰো ইয়াত নিহিত হৈ  আছে। মই পত্ৰখনৰ নিৰ্দেশনাবোৰ গ্ৰহণ কৰিম। '' 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস