--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত এইবাৰ অসম ৰাইফলছ ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। ৰাইজৰ হেঁচাত চেকপইণ্টসমূহৰ পৰা  অসম ৰাইফলছক আঁতৰাই দিয়া হৈছিল। সেনাৰ বাহিনীটোৰ বিৰুদ্ধে মুখ্যতঃ মে’ মাহৰে পৰাই  মহিলাসকলে  প্ৰতিবাদৰ জনাই আহিছিল।সোমবাৰে আবেলি মণিপুৰৰ এডিজিপিয়ে এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছিল।

 বিষ্ণুপুৰ-কাংবোই অঞ্চলৰ সংবেদনশীল এলেকাৰ  চেকপইণ্টৰ পৰা অসম ৰাইফলছৰ নজন জোৱানক আঁতৰ কৰা  হৈছে ।সেই ঠাইত আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে। বিষ্ণুপুৰৰ এক গুৰুত্বপূৰ্ণ চেকপইণ্ট মইৰাং লামখেইৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ কৰা হৈছে। তাৰ পৰিৱৰ্তে  সেই স্থানতো চিআৰপিএফ  মোতায়েন কৰা হৈছে। উল্লেখ্য অসম ৰাইফলছক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়।

সেনৈা বাহিনীটোৰ বিৰুদ্ধে নিৰীহক অত্যাচাৰ চলোৱাৰ অভিযোগ উঠি আহিছে। সেয়ে মহিলাসকলে অসম ৰাইফলছৰ বিৰুদ্ধে একত্ৰিত হৈ ভিন্ন ঠাইত  প্ৰতিবাদ কৰি আহিছে। ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপিত হৈছে। যোৱা তিনি মাহধৰি মণিপুৰ আৰক্ষী কমাণ্ডোসকলৰ সৈতে অসম ৰাইফলছৰ সংঘৰ্ষৰ ভিডিঅ' পোহৰলৈ আহিছে। অতীততো মেইটেই মহিলা সংগঠন মীৰা পাইবিয়ে অসম ৰাইফলছৰ বিৰুদ্ধে অত্যাধিক বল প্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছিল। 

মণিপুৰ যোৱা চাৰি মাহ ধৰি মেইটেই-কুকিৰ মাজত লগা  জাতিগত হিংসাৰে জ্বলি আছে। অস্থিৰতা দূৰ কৰিবলৈ ৰাজ্য খনত বৃহৎ সংখ্যক কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছিল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। মণিপুৰ আৰু মোদী  চৰকাৰ ৰাজ্য খনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ৰো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন