--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত এইবাৰ অসম ৰাইফলছ ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। ৰাইজৰ হেঁচাত চেকপইণ্টসমূহৰ পৰা  অসম ৰাইফলছক আঁতৰাই দিয়া হৈছিল। সেনাৰ বাহিনীটোৰ বিৰুদ্ধে মুখ্যতঃ মে’ মাহৰে পৰাই  মহিলাসকলে  প্ৰতিবাদৰ জনাই আহিছিল।সোমবাৰে আবেলি মণিপুৰৰ এডিজিপিয়ে এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছিল।

 বিষ্ণুপুৰ-কাংবোই অঞ্চলৰ সংবেদনশীল এলেকাৰ  চেকপইণ্টৰ পৰা অসম ৰাইফলছৰ নজন জোৱানক আঁতৰ কৰা  হৈছে ।সেই ঠাইত আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে। বিষ্ণুপুৰৰ এক গুৰুত্বপূৰ্ণ চেকপইণ্ট মইৰাং লামখেইৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ কৰা হৈছে। তাৰ পৰিৱৰ্তে  সেই স্থানতো চিআৰপিএফ  মোতায়েন কৰা হৈছে। উল্লেখ্য অসম ৰাইফলছক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়।

সেনৈা বাহিনীটোৰ বিৰুদ্ধে নিৰীহক অত্যাচাৰ চলোৱাৰ অভিযোগ উঠি আহিছে। সেয়ে মহিলাসকলে অসম ৰাইফলছৰ বিৰুদ্ধে একত্ৰিত হৈ ভিন্ন ঠাইত  প্ৰতিবাদ কৰি আহিছে। ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপিত হৈছে। যোৱা তিনি মাহধৰি মণিপুৰ আৰক্ষী কমাণ্ডোসকলৰ সৈতে অসম ৰাইফলছৰ সংঘৰ্ষৰ ভিডিঅ' পোহৰলৈ আহিছে। অতীততো মেইটেই মহিলা সংগঠন মীৰা পাইবিয়ে অসম ৰাইফলছৰ বিৰুদ্ধে অত্যাধিক বল প্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছিল। 

মণিপুৰ যোৱা চাৰি মাহ ধৰি মেইটেই-কুকিৰ মাজত লগা  জাতিগত হিংসাৰে জ্বলি আছে। অস্থিৰতা দূৰ কৰিবলৈ ৰাজ্য খনত বৃহৎ সংখ্যক কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছিল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। মণিপুৰ আৰু মোদী  চৰকাৰ ৰাজ্য খনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ৰো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস