ডিজিটেল ডেস্কঃ এটা চাৰি বছৰ পুৰণি সাধাৰণ টুইটকলৈ কিছুদিন পূৰ্বে চৰকাৰে গ্ৰেপ্তাৰ কৰা তথ্য পৰীক্ষক অৰ্থাৎ ফেক্ট ছেকাৰ মহম্মদ জুবেইৰ আৰু প্ৰতীক সিনহাক ২০২২ চনৰ শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। টাইম আলোচনীৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
টাইমৰ মতে ফেক্ট ছেকাৰ প্ৰতিষ্ঠান অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক সিনহা আৰু জুবেইৰকশান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰিছে ন’ৰৱেৰ আইন প্ৰণেতা েকাংশই। শেহতীয়াকৈ ৰাজহুৱা কৰাতালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য দিল্লী আৰক্ষীৰ এফআইআৰৰ ভিত্তিত ২০১৮ চনৰ জুন মাহত এটা টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল।
জুবেইৰৰ টুইটটো "অত্যন্ত উচটনিমূলক আৰু ঘৃণাভৰা " বুলি অভিযোগ কৰা হৈছিস। দিল্লী জুবেইৰক বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। জুবেইৰৰ গ্ৰেপ্তাৰে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আমেৰিকাৰ সাংবাদিক সুৰক্ষা সমিতিয়ে এক বিবৃতি জাৰি কৰি কৈছিল , "ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছে। চৰকাৰে সাম্প্ৰদায়িক বিষয়ত সংবাদ মাধ্যমৰ বাবে এক প্ৰতিকূল আৰু অসুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিছে।"
উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰাৰ পিছত জুবেইৰ তিহাৰ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। ২০২২ চনৰ ন’বেল শান্তি বঁটা লাভৰ দৌৰত প্ৰায় ৩৪৩ জন প্ৰাৰ্থী আছে। ইয়াৰে ২৫১ জন ব্যক্তি আৰু ৯২টা সংগঠন। এইবাৰৰ তালিকাত থকা আন কিছুসলংখ্যক ব্যক্তি হৈছে বেলাৰুছৰ বিৰোধী ৰাজনীতিবিদ চভিয়েটলানা শিখানুস্কায়া, সম্প্ৰচাৰক ডেভিড এটেনবৰো, জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গ, পোপ ফ্ৰান্সিছ, টুভালুৰ বৈদেশিক মন্ত্ৰী চাইমন কফে আদি।
নবেল শান্তি বঁটা প্ৰদানৰ ৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে বছৰটোৰ আৰম্ভণিলৈকে মনোনীত ব্যক্তি বা মনোনীত ব্যক্তিৰ নাম প্ৰকাশ ন’বেল সমিতিয়ে আনুশ্ঠানিকভাবে ৰাজহুৱা নকৰে। সিনহা আৰু জুবেইৰৰ উপৰিও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডোমাইৰ জেলেনস্কি, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা, বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাছিয়াৰ বিৰোধী আৰু ভ্লাদিমিৰ পুটিনৰ সমালোচক এলেক্সি নাভালনিও শান্তি পুৰস্কাৰৰ বাবে মনোনীত হৈছে।
উল্লেখ্য সাধাৰণ এটা টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল চৰোৰে। জুবেইৰৰ গ্ৰেপ্তাৰত আচৰিত হৈ পৰিছিল বিশ্বৰ সচেতন মহল।ভাৰত চৰকাৰৰ বিৰুদ্দে উঠিছিল বাক স্বাধীনতাক খৰ্ব কৰাৰ অভিযোগ। যোৱা ২৭ জুনত অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মহম্মদ জুবেইৰে প্ৰায় চাৰি বছৰ আগতে কৰা এটা টুইটত হিন্দী চিনেমাৰ এটা স্ক্ৰীণশ্বট পোষ্ট কৰিছিল।
ইয়াৰ বাবে তেওঁৰ ওপৰত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল।অল্ট নিউজ প্ৰকৃততে এক তথ্য পৰীক্ষা কৰা পৰ্টেল। প্ৰতীক সিনহা আৰু মহম্মদ জুবেইৰৰ অল্ট নিউজে ভাইৰেল একাধিক বাতৰি ভুল প্ৰমাণ কৰিছে। এনে কৰাৰ বাবে, অল্ট নিউজক সামাজিক মাধ্যমত ট্ৰ’ল আৰু আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছিল। লগতে কেইবাটাও গোচৰৰ সন্মুখীন হ’ব লগাও হৈছে।