--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছে ষ্টকহোমত ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা কেৰোলিন আৰ বাৰটোজি, মৰ্টেন মেলডাল আৰু কে বেৰী শ্বাৰ্পলেছক "অণু বিষয়ক " গৱেষণাৰ বাবে প্ৰদান কৰিব বুলি আজি ঘোষণা কৰে।

ক্লিক কেমিষ্ট্ৰী আৰু বায়োৰথোগোনেল কেমিষ্ট্ৰীৰ বিকাশৰ বাবে এই তিনিগৰাকী বিজ্ঞানীলৈ ৰসায়নৰ ন’বেল প্ৰদান কৰা হৈছে বুলি একাডেমীয়ে প্ৰকাশ কৰিছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক কেৰোলিন বেৰ্টজিয়ে ক্লিক কেমিষ্ট্ৰীক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেওঁ  জৈৱ-অৰ্থোগোনেল প্ৰতিক্ৰিয়া কোষত সংঘটিত স্বাভাৱিক ৰাসায়নিক পৰিৱৰ্তনৰ  বিষয়ে গৱেষণা চলাইছিল। ব্যাঘাত নকৰাকৈ সংঘটিত হয়।

বেৰী শ্বাৰ্পলেছ আৰু মৰ্টেন মেল্ডলে ৰসায়ন বিজ্ঞানৰ এক কাৰ্যকৰী শাখা – ক্লিক কেমিষ্ট্ৰীৰ উদ্ভাৱন কৰিছে – য'ত আণৱিক প্ৰক্ৰিয়াৰ বিষয়ে অধ্য.ন কৰা হয়।

মাৰ্কিন অধ্যাপক শ্বাৰ্পলেছে স্ক্ৰিপছ ৰিচাৰ্চ প্ৰতিস্থানত কাম কৰে,  মেলডাল কোপেনহেগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক।

ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ২০২২  প্ৰদান কৰা হৈছে সেইসকল বিজ্ঞানীক যিকলে কঠিন প্ৰক্ৰিয়াবোৰ সহজ কৰাৰ বিষয়ে গৱেষণা চলাই আছে। 

ক্লিক ৰসায়ন বিজ্ঞান  ঔষধৰ বিকাশত, ডিএনএ মেপিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। জৈৱ অৰ্থোগোনেল প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি গৱেষকসকলে কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য তিনিজন বিজ্ঞানীয়ে মঙলবাৰে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানত পুৰস্কাৰ লাভ কৰিছিল। ফ্ৰান্সৰ এলাইন এস্পেক্ট, আমেৰিকান জন এফ ক্লজাৰ আৰু অষ্ট্ৰিয়ান এণ্টন জেইলিংগাৰে দেখুৱাইছিল যে ক্ষুদ্ৰ কণাবোৰে পৃথক হ'লেও ইটোৱে সিটোৰৰ সৈতে সংযোগ ৰাখিব পাৰে, এক পৰিঘটনা যাক কোৱাণ্টাম এনটেংগেলমেণ্ট বুলি কোৱা হয়, যাক বিশেষ কম্পিউটিং আৰু তথ্য এনক্ৰিপ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
 এই পুৰষ্কাৰত ১০ নিযুত চুইডিছ ক্ৰ'নাৰ (প্ৰায় ৯০০,০০০ ডলাৰ) ।  ১০ ডিচেম্বৰত বঁটাসমূহ  প্ৰদান কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ