--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছে ষ্টকহোমত ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা কেৰোলিন আৰ বাৰটোজি, মৰ্টেন মেলডাল আৰু কে বেৰী শ্বাৰ্পলেছক "অণু বিষয়ক " গৱেষণাৰ বাবে প্ৰদান কৰিব বুলি আজি ঘোষণা কৰে।

ক্লিক কেমিষ্ট্ৰী আৰু বায়োৰথোগোনেল কেমিষ্ট্ৰীৰ বিকাশৰ বাবে এই তিনিগৰাকী বিজ্ঞানীলৈ ৰসায়নৰ ন’বেল প্ৰদান কৰা হৈছে বুলি একাডেমীয়ে প্ৰকাশ কৰিছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক কেৰোলিন বেৰ্টজিয়ে ক্লিক কেমিষ্ট্ৰীক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেওঁ  জৈৱ-অৰ্থোগোনেল প্ৰতিক্ৰিয়া কোষত সংঘটিত স্বাভাৱিক ৰাসায়নিক পৰিৱৰ্তনৰ  বিষয়ে গৱেষণা চলাইছিল। ব্যাঘাত নকৰাকৈ সংঘটিত হয়।

বেৰী শ্বাৰ্পলেছ আৰু মৰ্টেন মেল্ডলে ৰসায়ন বিজ্ঞানৰ এক কাৰ্যকৰী শাখা – ক্লিক কেমিষ্ট্ৰীৰ উদ্ভাৱন কৰিছে – য'ত আণৱিক প্ৰক্ৰিয়াৰ বিষয়ে অধ্য.ন কৰা হয়।

মাৰ্কিন অধ্যাপক শ্বাৰ্পলেছে স্ক্ৰিপছ ৰিচাৰ্চ প্ৰতিস্থানত কাম কৰে,  মেলডাল কোপেনহেগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক।

ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ২০২২  প্ৰদান কৰা হৈছে সেইসকল বিজ্ঞানীক যিকলে কঠিন প্ৰক্ৰিয়াবোৰ সহজ কৰাৰ বিষয়ে গৱেষণা চলাই আছে। 

ক্লিক ৰসায়ন বিজ্ঞান  ঔষধৰ বিকাশত, ডিএনএ মেপিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। জৈৱ অৰ্থোগোনেল প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি গৱেষকসকলে কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য তিনিজন বিজ্ঞানীয়ে মঙলবাৰে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানত পুৰস্কাৰ লাভ কৰিছিল। ফ্ৰান্সৰ এলাইন এস্পেক্ট, আমেৰিকান জন এফ ক্লজাৰ আৰু অষ্ট্ৰিয়ান এণ্টন জেইলিংগাৰে দেখুৱাইছিল যে ক্ষুদ্ৰ কণাবোৰে পৃথক হ'লেও ইটোৱে সিটোৰৰ সৈতে সংযোগ ৰাখিব পাৰে, এক পৰিঘটনা যাক কোৱাণ্টাম এনটেংগেলমেণ্ট বুলি কোৱা হয়, যাক বিশেষ কম্পিউটিং আৰু তথ্য এনক্ৰিপ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
 এই পুৰষ্কাৰত ১০ নিযুত চুইডিছ ক্ৰ'নাৰ (প্ৰায় ৯০০,০০০ ডলাৰ) ।  ১০ ডিচেম্বৰত বঁটাসমূহ  প্ৰদান কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক