--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ খাদ্য আৰু পানীয়ই মানুহৰ টোপনিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। সেইবাবেই খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ লগত সুস্বাস্থ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। ইয়াৰ ভিতৰত হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, স্তন কেন্সাৰৰ আশংকা, হতাশা আদি সমস্যা হ’ব পাৰে। গতিকে শোৱাৰ আগতে কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

ৰাতি শোৱাৰ আগতে এইবোৰ সেৱন নকৰিব

১) কেফেইনযুক্ত পানীয়ঃ ৰাতি মদ আৰু কেফেইনৰ পৰিমাণ নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি এইটোও মনত ৰাখিব লাগে যে টোপনিৰ ধৰণত প্ৰভাৱ পেলোৱা কেফেইন বহু ধৰণৰ খাদ্য আৰু পানীয়ত পোৱা যায়। চাহ, কফি আৰু বিভিন্ন ধৰণৰ শীতল পানীয়ত কেফেইন পোৱা যায়। চকলেট আৰু বিষনাশক ঔষধতো ইয়াক পোৱা যায়। গতিকে ৰাতি শোৱাৰ আগতে এইবিলাক সেৱনৰ পৰা বিৰত থাকিব লাগে।

২) বিলাহীঃ আপুনি জানেনে ৰাতি শোৱাৰ আগত বিলাহী খোৱাটোও টোপনিৰ বাবে ভাল নহয়। কাৰণ বিলাহীয়ে এচিড ৰিফ্লাক্স সৃষ্টি কৰি হজম শক্তিৰ লগত জড়িত সমস্যা বৃদ্ধি কৰিব পাৰে। ৰাতি বিলাহী সেৱন কৰিলে অস্থিৰতা বৃদ্ধি পাব পাৰে আৰু তাৰপাছত আপুনি পৰ্যাপ্ত টোপনি পোৱাৰ সম্ভাৱনা অতি কম হৈ পৰে।

৩) পিঁয়াজঃ বিলাহীৰ বাহিৰেও পিঁয়াজ এনেকুৱা এটা বস্তু, যিয়ে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। পিঁয়াজে পেটত গেছ তৈয়াৰ কৰাৰ কাম কৰে। এই গেছে আপোনাৰ পেটৰ চাপত প্ৰভাৱ পেলায়, যাৰ ফলত এচিড ডিঙিৰ ফালে ওপৰলৈ যায়। বিশেষকৈ যেতিয়া আপুনি পোন হৈ শুই থাকে। আশ্চৰ্যজনকভাৱে কেঁচা বা সিজোৱা পিয়াঁজ দুয়োটাই এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰাতি শোৱাৰ আগতে যিমান পাৰি পিয়াঁজ খোৱাৰ পৰা বিৰত থাকিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু