--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ জুলাই, সোমবাৰে আৰম্ভ হ'ব শাওণ মাহ। শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয় মাহ। শিৱ ভক্তগণে শাওণ মাহৰ বাবে বৰ অপেক্ষাৰে ৰৈ থাকে। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ভক্তগণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। যদি আপুনিও এই পৱিত্ৰ মাহটোত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে শাওণ মাহত নিয়মিতভাৱে কৰক এই প্ৰতিকাৰসমূহ। এনে কৰিলে দুখ-কষ্টৰ পৰা মুক্তি পোৱাৰ লগতে জীৱনলৈ শান্তি-সৌভাগ্যৰ আগমন ঘটে।

শাওণত এই কাম নিয়মীয়াকৈ কৰক

১)শাওণ মাহত নিয়মিতভাৱে গৰুক খুৱাব লাগে। যদি নিয়মিতভাৱে খোৱাটো আপোনাৰ বাবে সম্ভৱ নহয়, তেন্তে গোটেই মাহ অনুযায়ী গৌশালাত 
খাদ্য জমাও দিব পাৰে। শাওণ মাহত গৰুৰ পৰিচৰ্যা, সেৱা কৰিলে বহুত ফল পোৱা যায়।

২)জীৱনৰ কষ্ট দূৰ কৰিবলৈ ৰাতিপুৱা স্নান কৰাৰ পিছত বিশুদ্ধ পানীৰে ভগৱান শিৱক অভিষেক কৰক। আপোনাৰ সমস্যা সমাধানৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। এনে কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

৩)দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা লোকসকলে শাওণত কেঁচা গাখীৰত ক'লা তিল মিহলাই নিয়মিতভাৱে ভগৱান শিৱক অভিষেক কৰিব লাগে। ইয়াৰ ফলত ব্যক্তিজনৰ ৰোগ সোনকালে আৰোগ্য হয়।

৪) শাওণৰ প্ৰতি সোমবাৰে চাউল আৰু গৰুৰ গাখীৰৰ পৰা তৈয়াৰী ক্ষীৰ বনাই ভগৱান শিৱক অৰ্পণ কৰিলে ব্যক্তিজনে মানসিক চাপৰ পৰা মুক্তি পায়। মানসিক চাপো আঁতৰি যায়।

৫) যদি আপুনি আৰ্থিক সংকটৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিয়মিতভাৱে শিৱজীক এমুঠি চাউল আগবঢ়াওক। কিন্তু চাউলবোৰ যাতে ভাঙি নাযায় তাৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰক।

৬)বৈবাহিক জীৱন সুখী কৰিবলৈ পতি-পত্নীয়ে ভগৱান শিৱক শাওণত পঞ্চমৃত অভিষেক কৰক। এনে কৰিলে জীৱনত সুখ পোৱা যায়।

৭) শাওণ মাহত নিয়মিতভাৱে মহাদেৱক বেল পাত আগবঢ়ালে ধন-সম্পত্তি হয়। বেল পাতবোৰ যাতে ফাটি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বেল গছত কুবেৰৰ স্থান আছে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা