--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ জুলাই, সোমবাৰে আৰম্ভ হ'ব শাওণ মাহ। শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয় মাহ। শিৱ ভক্তগণে শাওণ মাহৰ বাবে বৰ অপেক্ষাৰে ৰৈ থাকে। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ভক্তগণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। যদি আপুনিও এই পৱিত্ৰ মাহটোত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে শাওণ মাহত নিয়মিতভাৱে কৰক এই প্ৰতিকাৰসমূহ। এনে কৰিলে দুখ-কষ্টৰ পৰা মুক্তি পোৱাৰ লগতে জীৱনলৈ শান্তি-সৌভাগ্যৰ আগমন ঘটে।

শাওণত এই কাম নিয়মীয়াকৈ কৰক

১)শাওণ মাহত নিয়মিতভাৱে গৰুক খুৱাব লাগে। যদি নিয়মিতভাৱে খোৱাটো আপোনাৰ বাবে সম্ভৱ নহয়, তেন্তে গোটেই মাহ অনুযায়ী গৌশালাত 
খাদ্য জমাও দিব পাৰে। শাওণ মাহত গৰুৰ পৰিচৰ্যা, সেৱা কৰিলে বহুত ফল পোৱা যায়।

২)জীৱনৰ কষ্ট দূৰ কৰিবলৈ ৰাতিপুৱা স্নান কৰাৰ পিছত বিশুদ্ধ পানীৰে ভগৱান শিৱক অভিষেক কৰক। আপোনাৰ সমস্যা সমাধানৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। এনে কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

৩)দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা লোকসকলে শাওণত কেঁচা গাখীৰত ক'লা তিল মিহলাই নিয়মিতভাৱে ভগৱান শিৱক অভিষেক কৰিব লাগে। ইয়াৰ ফলত ব্যক্তিজনৰ ৰোগ সোনকালে আৰোগ্য হয়।

৪) শাওণৰ প্ৰতি সোমবাৰে চাউল আৰু গৰুৰ গাখীৰৰ পৰা তৈয়াৰী ক্ষীৰ বনাই ভগৱান শিৱক অৰ্পণ কৰিলে ব্যক্তিজনে মানসিক চাপৰ পৰা মুক্তি পায়। মানসিক চাপো আঁতৰি যায়।

৫) যদি আপুনি আৰ্থিক সংকটৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিয়মিতভাৱে শিৱজীক এমুঠি চাউল আগবঢ়াওক। কিন্তু চাউলবোৰ যাতে ভাঙি নাযায় তাৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰক।

৬)বৈবাহিক জীৱন সুখী কৰিবলৈ পতি-পত্নীয়ে ভগৱান শিৱক শাওণত পঞ্চমৃত অভিষেক কৰক। এনে কৰিলে জীৱনত সুখ পোৱা যায়।

৭) শাওণ মাহত নিয়মিতভাৱে মহাদেৱক বেল পাত আগবঢ়ালে ধন-সম্পত্তি হয়। বেল পাতবোৰ যাতে ফাটি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বেল গছত কুবেৰৰ স্থান আছে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে