--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰৰ অগ্নিবীৰ আঁচনিক লৈ পুনৰ আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী। বিহাৰৰ ভগলপুৰত বিশাল জনসভা সম্বোধন কৰি মোদী চৰকাৰক তীক্ষ্ণ সমালোচনা ৰাহুল গান্ধীৰ। কেন্দ্ৰত বিৰোধী মৰ্চাৰ চৰকাৰ আহিলে অগ্নিবীৰ আঁচনি বাতিল কৰাৰ হুংকাৰ কংগ্ৰেছ নেতাগৰাকীৰ। ভাৰতক দুই প্ৰকাৰৰ শ্বহীদ নালাগে বুলি মন্তব্য ৰাহুল গান্ধীৰ। সকলো চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব লাগিব বুলি সভাত মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। নিৰ্বাচনী সভাত নিবনুৱা সমস্যাক লৈ মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা ৰাহুল গান্ধীৰ। 

ইপিনে, লোকসভা নিৰ্বাচনত NDAই ১৫০ৰ অধিক আসন নাপায় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ভগলপুৰত আজি অনুষ্ঠিত বিৰোধীৰ জনসভাত ৰাহুল গান্ধীক সংগ দিয়ে তেজস্বী যাদৱ, অখিলেশ যাদৱকে ধৰি শীৰ্ষ বিৰোধী নেতাই। 

পূৰ্বৰে পৰা মোদী চৰকাৰৰ অগ্নিবীৰ আঁচনিক লৈ সৰব হৈ আহিছে ৰাহুল গান্ধী। সুযোগ পালেই কেন্দ্ৰীয় চৰকাৰৰ এই নতুন আঁচনিক সমালোচনাৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। অগ্নিবীৰ আঁচনিৰ অধীনত ৪ বছৰৰ বাবেহে নিযুক্তি দিয়া হয় যুৱকক। দেশৰ সামৰিক বিভাগত ৪ বছৰৰ সেৱা আগবঢ়োৱাৰ পাছত চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিয়ম এই আঁচনিত। 

ইপিনে, অৱসৰৰ পাছত পেঞ্চনৰো কোনো সুবিধা ৰখা হোৱা নাই এই আঁচিনত। আঁচনিখনত থকা এনেবোৰ আঁসোৱাহৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে কেন্দ্ৰীয় চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে অগ্নিবীৰ আঁচনিক ইচ্ছ্যু হিচাপে লৈ জনতাৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছকে ধৰি বিৰোধী শিবিৰৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ