--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰৰ অগ্নিবীৰ আঁচনিক লৈ পুনৰ আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী। বিহাৰৰ ভগলপুৰত বিশাল জনসভা সম্বোধন কৰি মোদী চৰকাৰক তীক্ষ্ণ সমালোচনা ৰাহুল গান্ধীৰ। কেন্দ্ৰত বিৰোধী মৰ্চাৰ চৰকাৰ আহিলে অগ্নিবীৰ আঁচনি বাতিল কৰাৰ হুংকাৰ কংগ্ৰেছ নেতাগৰাকীৰ। ভাৰতক দুই প্ৰকাৰৰ শ্বহীদ নালাগে বুলি মন্তব্য ৰাহুল গান্ধীৰ। সকলো চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব লাগিব বুলি সভাত মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। নিৰ্বাচনী সভাত নিবনুৱা সমস্যাক লৈ মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা ৰাহুল গান্ধীৰ। 

ইপিনে, লোকসভা নিৰ্বাচনত NDAই ১৫০ৰ অধিক আসন নাপায় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ভগলপুৰত আজি অনুষ্ঠিত বিৰোধীৰ জনসভাত ৰাহুল গান্ধীক সংগ দিয়ে তেজস্বী যাদৱ, অখিলেশ যাদৱকে ধৰি শীৰ্ষ বিৰোধী নেতাই। 

পূৰ্বৰে পৰা মোদী চৰকাৰৰ অগ্নিবীৰ আঁচনিক লৈ সৰব হৈ আহিছে ৰাহুল গান্ধী। সুযোগ পালেই কেন্দ্ৰীয় চৰকাৰৰ এই নতুন আঁচনিক সমালোচনাৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। অগ্নিবীৰ আঁচনিৰ অধীনত ৪ বছৰৰ বাবেহে নিযুক্তি দিয়া হয় যুৱকক। দেশৰ সামৰিক বিভাগত ৪ বছৰৰ সেৱা আগবঢ়োৱাৰ পাছত চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিয়ম এই আঁচনিত। 

ইপিনে, অৱসৰৰ পাছত পেঞ্চনৰো কোনো সুবিধা ৰখা হোৱা নাই এই আঁচিনত। আঁচনিখনত থকা এনেবোৰ আঁসোৱাহৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে কেন্দ্ৰীয় চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে অগ্নিবীৰ আঁচনিক ইচ্ছ্যু হিচাপে লৈ জনতাৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছকে ধৰি বিৰোধী শিবিৰৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু