--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিহাৰৰ অন্ধ কুঠৰীত চলিছে অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ। মধুমেহ ৰোগত আক্ৰান্ত কেজৰিৱালক দিয়া হোৱা নাই ইনছুলিন। কাৰাবন্দী কেজৰিৱালৰ স্বাস্থ্যক লৈ এই বিস্ফোৰক দাবী আম আদমী পাৰ্টিৰ। কাৰাবন্দী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যক লৈ ইখনৰ পাছত সিখনকৈ সংবাদমেল সম্বোধন আপৰ। সংবাদমেলত কাৰাগাৰ কতৃপক্ষৰ বিৰুদ্ধে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ আম আদমি পাৰ্টীৰ। যোৱা দিনকেইটাত কেজৰিৱালৰ চুগাৰ লেভেল চিন্তনীয়ভাৱে বৃদ্ধি পাইছে। কিন্তু ইয়াৰ পাছতো কেজৰিৱালক প্ৰদান কৰা হোৱা নাই ঔষধ। ইয়াৰ জৰিয়তে তেওঁক ক্ৰমাৎ মৃত্যুৰ মুখলৈ ঠেলি দিব বিচৰা হৈছে। সংবাদমেলত এই বিস্ফোৰক অভিযোগ আপ নেতা সৌৰভ ভৰদ্বাজৰ। ইপিনে, সৌৰভ ভৰদ্বাজৰ পাছতেই কেবিনেট মন্ত্ৰী আতিশী মাৰ্লিনায়ো উত্থাপন কৰিলে অনুৰূপ অভিযোগ। অভিযোগ উত্থাপন কৰাই নহয় আপ নেত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰিলে কেজৰিৱালৰ চুগাৰ ৰিদিঙৰ ৰিপোৰ্ট। ১২ৰ পৰা ১৭ এপ্ৰিললৈ কেজৰিৱালৰ চুগাৰ ৰিডিং প্ৰকাশ কৰিলে আতিশী মাৰ্লিনাই। য'ত দেখা গৈছে সেই দিনকেইটাত ক্ৰমাৎ বাঢ়িছে অৰবিন্দ কেজৰিৱালৰ তেজত শৰ্কৰাৰ পৰিমাণ। কিছু দিন পূৰ্বে তদন্তকাৰী সংস্থা EDএ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিস্ফোৰক অভিযোগ। নিজৰ চুগাৰ লেভেল বঢ়াবলৈ কেজৰিৱালে আম খোৱা বুলি অভিযোগ উত্থাপন কৰিছিল EDএ। এনেদৰেই কাৰাবন্দী কেজৰিৱালৰ স্বাস্থ্যক লৈও এতিয়া চলিছে কূটিল ৰাজনীতি। কাৰ অভিযোগ সঁচা অথবা কাৰ অভিযোগ মিছা সেয়া নিৰ্ধাৰণ কৰিবলৈ গৈ বিমোৰত পৰিছে দিল্লীৰ জনতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ