--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পাকিস্তানৰ পৰা নিয়ন্ত্ৰিত ইউটিউব চেনেলে সম্প্ৰচাৰ কৰি আছে ভাৰতবিৰোধী কথা-বতৰা৷ যাৰ পৰিপ্ৰেক্ষিত ভাৰতত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবিৰোধী এই কাৰ্য-কলাপত এইবাৰ হাত-উজান দিছে পাকিস্তানৰ ইউটিউব চেনেলে৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ৰ অধীনত ইউটিউব কৰ্তৃপক্ষক দুটা বাতৰি ৱেবছাইট আৰু ২০টা চেনেল বন্ধ কৰিবলৈ নিৰ্দেশ দিছে৷

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সোমবাৰে টেলিকম আৰু ইউটিউব বিভাগক দুটা বাতৰি ৱেবছাইট আৰু ২০টা ইউটিউব চেনেল অৱৰোধ কৰিবলৈ নিৰ্দেশ দিছে, যিবোৰ ‘ক্ষতিকাৰক, ভুৱা আৰু ভাৰত বিৰোধী’ সমলৰ প্ৰচাৰক বুলি কেন্দ্ৰীয় চৰকাৰ পতিয়ন গৈছে৷ তথ্যমতে, এই ইউটিউব চেনেল আৰু বাতৰি ৱেবছাইটৰ বিষয়বস্তু ‘নিন্দনীয়’ হোৱাৰ উপৰি ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ওপৰত স্পষ্টভাৱে প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰা হৈছে৷ আনকি, কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি এই ইউটিউব চেনেলৰ উৎপত্তি পাকিস্তানত হোৱা দেখা গৈছে আৰু ইয়াৰ পাকিস্তান আইএছআইৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি আশংকা কৰা হৈছে৷

এইসমূহৰ ভিতৰত আছে ‘নয়া পাকিস্তান গ্ৰুপ’, যি ইউটিউবত ১৫টাতকৈয়ো অধিক চেনেল চলায় আৰু যাৰ এক মিলিয়নতকৈয়ো অধিক ‘ফলৱাৰ্ছ’ আছে৷ এই প্লেটফৰ্মত প্ৰচাৰিত ভিডিঅ’ আৰু ফটোগ্ৰাফিক সমলত এনেধৰণৰ দাবী অন্তৰ্ভুক্ত আছে: ‘প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰত পৰাজয় স্বীকাৰ কৰিছে ; অনুচ্ছেদ ৩৭০ পুনৰুদ্ধাৰ’, 'তালিবান সেনাই কাবুল এৰিব ভাৰতৰ বাবে', 'টাইয়াপ এৰ্দোগানে কাশ্মীৰৰ বাবে ৩৫,০০০ ভাৰাতীয়া সৈন্য প্ৰেৰণ কৰে', আৰু 'তুৰ্ক সেনাই প্ৰতিশোধ ল’বলৈ অযোধ্যা ৰাম মন্দিৰত প্ৰৱেশ কৰে' ইত্যাদি৷ এই সকলোবোৰক মন্ত্ৰণালয়ে ভাৰতত অস্থিৰতা সৃষ্টি কৰাৰ এক সমন্বিত প্ৰচেষ্টা হিচাপে অভিহিত কৰিছে৷


আই.টি. নিয়মৰ ধাৰা ১৬ প্ৰয়োগ কৰি তাৎক্ষণিক টেকডাউনৰ নিৰ্দেশ লোৱা হৈছিল, এইটো এটা জৰুৰীকালীন ধাৰা যিয়ে আই এণ্ড বি মন্ত্ৰালয়ক প্ৰয়োজনীয় বা সমীচীন আৰু ‘ব্লক’ কৰাৰ বাবে যুক্তিসংগত বুলি বিবেচনা কৰা সমল অৱৰোধ কৰিবলৈ অনুমতি দিয়ে। সূত্ৰসমূহে জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা ইতিমধ্যে ইউটিউবৰ ভাৰত আৰু গোলকীয় কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মেও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক নিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে আৰু ২৪ৰ পৰা ৪৮ঘণ্টাৰ ভিতৰত চেনেলসমূহ অৱৰোধ কৰাৰ সম্ভাৱনা আছে। আন্তৰ্জাতিক পৰ্যায়ৰ ডিজিটেল মাধ্যম ইউটিউবত এতিয়া দেশবিৰোধী কাম-কাজ শিপোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে দেশবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ