--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পাকিস্তানৰ পৰা নিয়ন্ত্ৰিত ইউটিউব চেনেলে সম্প্ৰচাৰ কৰি আছে ভাৰতবিৰোধী কথা-বতৰা৷ যাৰ পৰিপ্ৰেক্ষিত ভাৰতত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবিৰোধী এই কাৰ্য-কলাপত এইবাৰ হাত-উজান দিছে পাকিস্তানৰ ইউটিউব চেনেলে৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ৰ অধীনত ইউটিউব কৰ্তৃপক্ষক দুটা বাতৰি ৱেবছাইট আৰু ২০টা চেনেল বন্ধ কৰিবলৈ নিৰ্দেশ দিছে৷

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সোমবাৰে টেলিকম আৰু ইউটিউব বিভাগক দুটা বাতৰি ৱেবছাইট আৰু ২০টা ইউটিউব চেনেল অৱৰোধ কৰিবলৈ নিৰ্দেশ দিছে, যিবোৰ ‘ক্ষতিকাৰক, ভুৱা আৰু ভাৰত বিৰোধী’ সমলৰ প্ৰচাৰক বুলি কেন্দ্ৰীয় চৰকাৰ পতিয়ন গৈছে৷ তথ্যমতে, এই ইউটিউব চেনেল আৰু বাতৰি ৱেবছাইটৰ বিষয়বস্তু ‘নিন্দনীয়’ হোৱাৰ উপৰি ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ওপৰত স্পষ্টভাৱে প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰা হৈছে৷ আনকি, কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি এই ইউটিউব চেনেলৰ উৎপত্তি পাকিস্তানত হোৱা দেখা গৈছে আৰু ইয়াৰ পাকিস্তান আইএছআইৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি আশংকা কৰা হৈছে৷

এইসমূহৰ ভিতৰত আছে ‘নয়া পাকিস্তান গ্ৰুপ’, যি ইউটিউবত ১৫টাতকৈয়ো অধিক চেনেল চলায় আৰু যাৰ এক মিলিয়নতকৈয়ো অধিক ‘ফলৱাৰ্ছ’ আছে৷ এই প্লেটফৰ্মত প্ৰচাৰিত ভিডিঅ’ আৰু ফটোগ্ৰাফিক সমলত এনেধৰণৰ দাবী অন্তৰ্ভুক্ত আছে: ‘প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰত পৰাজয় স্বীকাৰ কৰিছে ; অনুচ্ছেদ ৩৭০ পুনৰুদ্ধাৰ’, 'তালিবান সেনাই কাবুল এৰিব ভাৰতৰ বাবে', 'টাইয়াপ এৰ্দোগানে কাশ্মীৰৰ বাবে ৩৫,০০০ ভাৰাতীয়া সৈন্য প্ৰেৰণ কৰে', আৰু 'তুৰ্ক সেনাই প্ৰতিশোধ ল’বলৈ অযোধ্যা ৰাম মন্দিৰত প্ৰৱেশ কৰে' ইত্যাদি৷ এই সকলোবোৰক মন্ত্ৰণালয়ে ভাৰতত অস্থিৰতা সৃষ্টি কৰাৰ এক সমন্বিত প্ৰচেষ্টা হিচাপে অভিহিত কৰিছে৷


আই.টি. নিয়মৰ ধাৰা ১৬ প্ৰয়োগ কৰি তাৎক্ষণিক টেকডাউনৰ নিৰ্দেশ লোৱা হৈছিল, এইটো এটা জৰুৰীকালীন ধাৰা যিয়ে আই এণ্ড বি মন্ত্ৰালয়ক প্ৰয়োজনীয় বা সমীচীন আৰু ‘ব্লক’ কৰাৰ বাবে যুক্তিসংগত বুলি বিবেচনা কৰা সমল অৱৰোধ কৰিবলৈ অনুমতি দিয়ে। সূত্ৰসমূহে জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা ইতিমধ্যে ইউটিউবৰ ভাৰত আৰু গোলকীয় কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মেও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক নিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে আৰু ২৪ৰ পৰা ৪৮ঘণ্টাৰ ভিতৰত চেনেলসমূহ অৱৰোধ কৰাৰ সম্ভাৱনা আছে। আন্তৰ্জাতিক পৰ্যায়ৰ ডিজিটেল মাধ্যম ইউটিউবত এতিয়া দেশবিৰোধী কাম-কাজ শিপোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে দেশবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু