--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শিশু প্ৰতিপালনত যথেষ্ট সাৱধান হওক মাতৃসকল৷ সামান্য অজ্ঞতাৰ বাবেই আপোনাৰ শিশুটিয়ে ভুগিব পাৰে যান্ত্ৰনা৷ হয়তো পৰিস্থিতি সাপেক্ষে নঘটিব লগা কিছু ঘটনাও সংঘটিত হ’ব পাৰে আপোনাৰ সন্তানৰ সৈতে৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সামান্য অমনোযোগিতাৰ বাবেই এগৰাকী মাতৃৰ হাততে প্ৰাণ হেৰুৱালে দুবছৰীয়া পুত্ৰ সন্তানে৷ অতি শোকাৱহ এই ঘটনা যুক্তৰাষ্ট্ৰ ৱেলছত সংঘটিত হৈছিল।

জানিব পৰা মতে ডেনিয়েল বাটাৰলী নামৰ মাতৃগৰাকীয়ে শুবলৈ যোৱাৰ আগতে ভুলবশতঃ গাখীৰ বটলৰ সলনি তেওঁৰ দুবছৰীয়া সন্তানটিক কল হাতত ধৰিবলৈ দিছিল। তাৰ পাছতেই সংঘটিত হয় সেই কৰুণ ঘটনাটো৷ মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে শিশুটিয়ে কৰুণ মৃত্যুক সাবটি লয়৷

মাতৃ ডেনিয়েল বাটাৰলীয়ে জানিবলৈ দিয়া মতে শুবলৈ যোৱাৰ আগতে নিজৰ সন্তান ডায়েল জন জেমছ গ্ৰিগক ভুলবশতঃ গাখীৰ বটলৰ সলনি এটা কল হাতত ধৰাই দিছিল। তাৰ পাছতে কিছু কামৰ বাবে কোঠাৰ পৰা ওলাই গৈছিল। যদিও আধা মিনিটৰ ভিতৰত কোঠাটোলৈ ঘূৰি আহিছিল। কিন্তু সেই সময়ত শিশুটিয়ে মৰণ-কাতৰ যন্ত্ৰনাৰে ছটফটাই আছিল৷

এগৰাকীৰ মাতৃৰ সন্মুখতে এনেদৰে সন্তানে মৃত্যুৰ সৈতে যুঁজ দি থকাটো প্ৰতিগৰাকী মাতৃৰ বাবেই অসহনীয়৷ ঘটনাৰ সময়ত সন্তানৰ ডিঙিত কলটো লাগি থকাৰ বাবে সন্তানটিয়ে উশাহ ল’ব পৰা নাছিল আৰু লগে লগে ৯৯৯লৈ ফোন কৰি সহায় বিচাৰিলে। মহিলাগৰাকীয়ে কৈছিল যে, তেওঁৰ পুত্ৰই সেই সময়ত যেনেকুৱা মাত উলিয়াইছিল তেওঁ সেইটো বুজাব নোৱাৰে। তেওঁৰ পুত্ৰক বৰ অসহ্যকৰ বেদনাত দেখিও একো কৰিব নোৱাৰিলে।

ডেনিয়েলে বৰ্ণনা কৰিছিল যে, তাই তাইৰ পুত্ৰক বচাবলৈ যথাসাধ্য চেষ্টা কৰিছিল, কিন্তু পুত্ৰৰ ডিঙিৰ পৰা কলৰ টুকুৰা এটা আঁতৰাবলৈ ব্যৰ্থ হৈছিল। কলটো বাহিৰলৈ ওলাই অহাৰ পৰিৱৰ্তে আৰু অধিক ভিতৰলৈকে সোমাই গৈছিল। মহিলাগৰাকীয়ে কান্দি কৈছিল যে গোটেই জীৱন সেই নিশাটো পাহৰিব নোৱাৰে। শিশুটিৰ হাইপোক্সিক কাৰ্ডিয়াক এৰেষ্টৰ ফলত মৃত্যু হোৱা বুলি চিকিৎসকে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ