--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শিশু প্ৰতিপালনত যথেষ্ট সাৱধান হওক মাতৃসকল৷ সামান্য অজ্ঞতাৰ বাবেই আপোনাৰ শিশুটিয়ে ভুগিব পাৰে যান্ত্ৰনা৷ হয়তো পৰিস্থিতি সাপেক্ষে নঘটিব লগা কিছু ঘটনাও সংঘটিত হ’ব পাৰে আপোনাৰ সন্তানৰ সৈতে৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সামান্য অমনোযোগিতাৰ বাবেই এগৰাকী মাতৃৰ হাততে প্ৰাণ হেৰুৱালে দুবছৰীয়া পুত্ৰ সন্তানে৷ অতি শোকাৱহ এই ঘটনা যুক্তৰাষ্ট্ৰ ৱেলছত সংঘটিত হৈছিল।

জানিব পৰা মতে ডেনিয়েল বাটাৰলী নামৰ মাতৃগৰাকীয়ে শুবলৈ যোৱাৰ আগতে ভুলবশতঃ গাখীৰ বটলৰ সলনি তেওঁৰ দুবছৰীয়া সন্তানটিক কল হাতত ধৰিবলৈ দিছিল। তাৰ পাছতেই সংঘটিত হয় সেই কৰুণ ঘটনাটো৷ মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে শিশুটিয়ে কৰুণ মৃত্যুক সাবটি লয়৷

মাতৃ ডেনিয়েল বাটাৰলীয়ে জানিবলৈ দিয়া মতে শুবলৈ যোৱাৰ আগতে নিজৰ সন্তান ডায়েল জন জেমছ গ্ৰিগক ভুলবশতঃ গাখীৰ বটলৰ সলনি এটা কল হাতত ধৰাই দিছিল। তাৰ পাছতে কিছু কামৰ বাবে কোঠাৰ পৰা ওলাই গৈছিল। যদিও আধা মিনিটৰ ভিতৰত কোঠাটোলৈ ঘূৰি আহিছিল। কিন্তু সেই সময়ত শিশুটিয়ে মৰণ-কাতৰ যন্ত্ৰনাৰে ছটফটাই আছিল৷

এগৰাকীৰ মাতৃৰ সন্মুখতে এনেদৰে সন্তানে মৃত্যুৰ সৈতে যুঁজ দি থকাটো প্ৰতিগৰাকী মাতৃৰ বাবেই অসহনীয়৷ ঘটনাৰ সময়ত সন্তানৰ ডিঙিত কলটো লাগি থকাৰ বাবে সন্তানটিয়ে উশাহ ল’ব পৰা নাছিল আৰু লগে লগে ৯৯৯লৈ ফোন কৰি সহায় বিচাৰিলে। মহিলাগৰাকীয়ে কৈছিল যে, তেওঁৰ পুত্ৰই সেই সময়ত যেনেকুৱা মাত উলিয়াইছিল তেওঁ সেইটো বুজাব নোৱাৰে। তেওঁৰ পুত্ৰক বৰ অসহ্যকৰ বেদনাত দেখিও একো কৰিব নোৱাৰিলে।

ডেনিয়েলে বৰ্ণনা কৰিছিল যে, তাই তাইৰ পুত্ৰক বচাবলৈ যথাসাধ্য চেষ্টা কৰিছিল, কিন্তু পুত্ৰৰ ডিঙিৰ পৰা কলৰ টুকুৰা এটা আঁতৰাবলৈ ব্যৰ্থ হৈছিল। কলটো বাহিৰলৈ ওলাই অহাৰ পৰিৱৰ্তে আৰু অধিক ভিতৰলৈকে সোমাই গৈছিল। মহিলাগৰাকীয়ে কান্দি কৈছিল যে গোটেই জীৱন সেই নিশাটো পাহৰিব নোৱাৰে। শিশুটিৰ হাইপোক্সিক কাৰ্ডিয়াক এৰেষ্টৰ ফলত মৃত্যু হোৱা বুলি চিকিৎসকে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু