--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইলেক্ট’ৰেল বণ্ডৰ তথ্যই উন্মোচিত কৰিব গোপন অধ্যায়৷ SBIৰ শপত নামাত ফাদিল হৈছে ৰাজনৈতিক দলৰ চান্দাৰ ৰহস্য। ৫ বছৰত ক্ৰয় কৰা হৈছে ২২ হাজাৰ ২১৭ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড।

চান্দাৰ নামত ৰাজনৈতিক দলৰ বৰপেৰালৈ গৈছে ২২ হাজাৰ ৩০ কোটি। আনহাতে ৫ বছৰত ১৮৭ বণ্ড জমা হ’ল PM ৰিলিফ ফাণ্ডত। কিয়নো এই ১৮৭ খন ইলেক্ট’ৰেল বণ্ড গ্ৰহণ নকৰিলে কোনো এটা ৰাজনৈতিক দলে। ইতিমধ্যে পেন ড্ৰাইভৰ জৰিয়তে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দুটা ফাইল জমা SBI কৰ্তৃপক্ষৰ। 

যাৰ ভিতৰত এটা ফাইলত আছে বণ্ড ক্ৰয়কাৰীৰ সমস্ত তথ্য। ফাইলটো আছে বণ্ডৰ ৰাশি তথা ক্ৰয়ৰ তাৰিখ। দ্বিতীয়টো ফাইলত আছে চান্দা গ্ৰহণকাৰী ৰাজনৈতিক দলৰ তথ্য। বন্ধ লেফাফাত দুয়োটা ফাইলৰ প্ৰতিলিপিও জমা SBIৰ। ফাইল খোলাৰ পাছৱৰ্ডৰ সবিশেষো জমা দিছে SBIএ। কিয়নো ১২ মাৰ্চত ইলেক্ট’ৰেল বণ্ডৰ সমস্ত তথ্য জমা দিয়াৰ বাবে ভাৰতীয় ষ্টেট বেংকক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। নিৰ্দেশৰ পাছতে উচ্চতম ন্যায়ালয়ত ১২ মাৰ্চত শপতনামা দাখিল কৰিছিল SBIৰ অধ্যক্ষ দীনেশ কুমাৰে। 

এই শপতনামাত ECIক ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য জমা দিয়াৰ কথা উল্লেখ কৰিছিল SBIৰ অধ্যক্ষগৰাকীয়ে।  এতিয়া ১৫ মাৰ্চত ECIএ সদৰী কৰিব ইলেক্ট’ৰেল বণ্ডৰ তথ্য। ECIৰ ৱেবছাইটত উপলব্ধ হ’ব বণ্ডৰ সবিশেষ তথ্য। যাৰ পাছতেই ওলাই পৰিব বিগত ৫ বছৰত দেশৰ ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰা চান্দাৰ সবিশেষ তথ্য। কোন পুঁজিপতি, কোন ক’ৰ্পোৰেট গোষ্ঠীৰ পৰা চান্দাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছিল ৰাজনৈতিক দলসমূহে। সেই সমূদায় তথ্য অতি শীঘ্ৰেই প্ৰকাশ পাব ECIৰ ৱেবছাইটত। যাক লৈ এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে শ’লঠেকত পৰিছে শাসক তথা বিৰোধী ৰাজনৈতিক দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু