--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইলেক্ট’ৰেল বণ্ডৰ তথ্যই উন্মোচিত কৰিব গোপন অধ্যায়৷ SBIৰ শপত নামাত ফাদিল হৈছে ৰাজনৈতিক দলৰ চান্দাৰ ৰহস্য। ৫ বছৰত ক্ৰয় কৰা হৈছে ২২ হাজাৰ ২১৭ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড।

চান্দাৰ নামত ৰাজনৈতিক দলৰ বৰপেৰালৈ গৈছে ২২ হাজাৰ ৩০ কোটি। আনহাতে ৫ বছৰত ১৮৭ বণ্ড জমা হ’ল PM ৰিলিফ ফাণ্ডত। কিয়নো এই ১৮৭ খন ইলেক্ট’ৰেল বণ্ড গ্ৰহণ নকৰিলে কোনো এটা ৰাজনৈতিক দলে। ইতিমধ্যে পেন ড্ৰাইভৰ জৰিয়তে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দুটা ফাইল জমা SBI কৰ্তৃপক্ষৰ। 

যাৰ ভিতৰত এটা ফাইলত আছে বণ্ড ক্ৰয়কাৰীৰ সমস্ত তথ্য। ফাইলটো আছে বণ্ডৰ ৰাশি তথা ক্ৰয়ৰ তাৰিখ। দ্বিতীয়টো ফাইলত আছে চান্দা গ্ৰহণকাৰী ৰাজনৈতিক দলৰ তথ্য। বন্ধ লেফাফাত দুয়োটা ফাইলৰ প্ৰতিলিপিও জমা SBIৰ। ফাইল খোলাৰ পাছৱৰ্ডৰ সবিশেষো জমা দিছে SBIএ। কিয়নো ১২ মাৰ্চত ইলেক্ট’ৰেল বণ্ডৰ সমস্ত তথ্য জমা দিয়াৰ বাবে ভাৰতীয় ষ্টেট বেংকক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। নিৰ্দেশৰ পাছতে উচ্চতম ন্যায়ালয়ত ১২ মাৰ্চত শপতনামা দাখিল কৰিছিল SBIৰ অধ্যক্ষ দীনেশ কুমাৰে। 

এই শপতনামাত ECIক ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য জমা দিয়াৰ কথা উল্লেখ কৰিছিল SBIৰ অধ্যক্ষগৰাকীয়ে।  এতিয়া ১৫ মাৰ্চত ECIএ সদৰী কৰিব ইলেক্ট’ৰেল বণ্ডৰ তথ্য। ECIৰ ৱেবছাইটত উপলব্ধ হ’ব বণ্ডৰ সবিশেষ তথ্য। যাৰ পাছতেই ওলাই পৰিব বিগত ৫ বছৰত দেশৰ ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰা চান্দাৰ সবিশেষ তথ্য। কোন পুঁজিপতি, কোন ক’ৰ্পোৰেট গোষ্ঠীৰ পৰা চান্দাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছিল ৰাজনৈতিক দলসমূহে। সেই সমূদায় তথ্য অতি শীঘ্ৰেই প্ৰকাশ পাব ECIৰ ৱেবছাইটত। যাক লৈ এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে শ’লঠেকত পৰিছে শাসক তথা বিৰোধী ৰাজনৈতিক দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী