--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ মঙলবাৰে নাগৰিক সমাজৰ বিশিষ্ট সদস্যসকলৰ এটা দলে হৰিদ্বাৰ ধৰ্ম সংসদত মুছলমানসকলৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ সৰৱ হৈ পৰে। এই কাৰ্যৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী নাগৰিক সমাজৰ। 'সবকা সাথ, সবকা বিকাশ' নিষ্ঠাহীন, ফোঁপোলা শ্ল'গানৰ বাহিৰে আন একো নহয়। গীতিকাৰ জাভেদ আখতাৰ আৰু অভিনেতা নাছিৰুদ্দিন শ্বাহকে ধৰি ২৭৮জন লোকে স্বাক্ষৰ কৰা এক বিবৃতিত ভাৰতীয় মুছলমান ফ’ৰ চেকুলাৰ ডেম’ক্ৰেচী (আইএমএছডি)য়ে কয় যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা কথাটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে আচৰিত হোৱাটো উচিত নহয়। ভাৰতীয় মুছলমানসকলক গণহত্যাকাৰী বুলি কৰা প্ৰৰোচনামূলক মন্তব্য আগবঢ়োৱা সদস্যসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব।’ বিবৃতিত লগতে কোৱা হৈছে যে, ‘প্ৰধানমন্ত্ৰীৰ মৌনতাই বহুকথা কয়। ভাৰতীয় গণতন্ত্ৰক উপহাস কৰাতকৈ কম নহয়। শপত গ্ৰহণৰ সময়ত যি নীতি-নিয়ম আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল এতিয়া সেই ভাৰতীয় সংবিধানৰ গৰিমাকে উলংঘন কৰা হৈছে।প্ৰধানমন্ত্ৰীৰ এই মৌনতা ভিত্তিহীন।’ উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমটো কাৰ্যকালত নৰেন্দ্ৰ মোদীয়ে সকলো ভাৰতীয়ক ‘সবকা সাথ, সবকা বিকাশ’ৰ প্ৰতিশ্ৰুতি দিছিল। সম্প্ৰতি মোদীৰ দ্বিতীয়টো কাৰ্যকাল চলি আছে। প্ৰথমটো কাৰ্যকালৰ লেখীয়া দ্বিতীয়টো কাৰ্যকালত ‘সবকা সাথ, সবকা বিকাশ’ৰ আশ্বাস এতিয়া কেৱল শ্ল’গানৰ মাজতে সীমাবদ্ধ থকাৰ গোন্ধ পাইছে সাধাৰণ জনতাই। প্ৰধানমন্ত্ৰীগৰাকীৰ কথা আৰু কামৰ মাজত যেন এক বৃহৎ পাৰ্থক্য দেখিবলৈ পাইছে সাধাৰণ জনতাই। নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ইস্তাহাৰ আৰু ভাষণৰ কথাবোৰ নিষ্ঠাহীন, ফোঁপোলা শ্ল'গানৰ বাহিৰে আন একো নহয় বুলিও দাবী কৰিছে আইএমএছডি-এ। ভাৰতীয় মুছলমানসকলৰ ধৰ্মীয় আৱেগ অনুভূতিত এইদৰে আঘাত হনা কথাবোৰেই মোদীৰ সাময়িক স্থিতি অধিক স্পষ্ট ৰূপত উদঙাই দিছে বুলিও কয় দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু