--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
নতুন দিল্লীঃ মঙলবাৰে নাগৰিক সমাজৰ বিশিষ্ট সদস্যসকলৰ এটা দলে হৰিদ্বাৰ ধৰ্ম সংসদত মুছলমানসকলৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ সৰৱ হৈ পৰে। এই কাৰ্যৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী নাগৰিক সমাজৰ। 'সবকা সাথ, সবকা বিকাশ' নিষ্ঠাহীন, ফোঁপোলা শ্ল'গানৰ বাহিৰে আন একো নহয়। গীতিকাৰ জাভেদ আখতাৰ আৰু অভিনেতা নাছিৰুদ্দিন শ্বাহকে ধৰি ২৭৮জন লোকে স্বাক্ষৰ কৰা এক বিবৃতিত ভাৰতীয় মুছলমান ফ’ৰ চেকুলাৰ ডেম’ক্ৰেচী (আইএমএছডি)য়ে কয় যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা কথাটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে আচৰিত হোৱাটো উচিত নহয়। ভাৰতীয় মুছলমানসকলক গণহত্যাকাৰী বুলি কৰা প্ৰৰোচনামূলক মন্তব্য আগবঢ়োৱা সদস্যসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব।’ বিবৃতিত লগতে কোৱা হৈছে যে, ‘প্ৰধানমন্ত্ৰীৰ মৌনতাই বহুকথা কয়। ভাৰতীয় গণতন্ত্ৰক উপহাস কৰাতকৈ কম নহয়। শপত গ্ৰহণৰ সময়ত যি নীতি-নিয়ম আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল এতিয়া সেই ভাৰতীয় সংবিধানৰ গৰিমাকে উলংঘন কৰা হৈছে।প্ৰধানমন্ত্ৰীৰ এই মৌনতা ভিত্তিহীন।’ উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমটো কাৰ্যকালত নৰেন্দ্ৰ মোদীয়ে সকলো ভাৰতীয়ক ‘সবকা সাথ, সবকা বিকাশ’ৰ প্ৰতিশ্ৰুতি দিছিল। সম্প্ৰতি মোদীৰ দ্বিতীয়টো কাৰ্যকাল চলি আছে। প্ৰথমটো কাৰ্যকালৰ লেখীয়া দ্বিতীয়টো কাৰ্যকালত ‘সবকা সাথ, সবকা বিকাশ’ৰ আশ্বাস এতিয়া কেৱল শ্ল’গানৰ মাজতে সীমাবদ্ধ থকাৰ গোন্ধ পাইছে সাধাৰণ জনতাই। প্ৰধানমন্ত্ৰীগৰাকীৰ কথা আৰু কামৰ মাজত যেন এক বৃহৎ পাৰ্থক্য দেখিবলৈ পাইছে সাধাৰণ জনতাই। নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ইস্তাহাৰ আৰু ভাষণৰ কথাবোৰ নিষ্ঠাহীন, ফোঁপোলা শ্ল'গানৰ বাহিৰে আন একো নহয় বুলিও দাবী কৰিছে আইএমএছডি-এ। ভাৰতীয় মুছলমানসকলৰ ধৰ্মীয় আৱেগ অনুভূতিত এইদৰে আঘাত হনা কথাবোৰেই মোদীৰ সাময়িক স্থিতি অধিক স্পষ্ট ৰূপত উদঙাই দিছে বুলিও কয় দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement