--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিমান দিনলৈ বসবাসৰ উপযোগী হৈ থাকিব আমি বসবাস কৰা পৃথিৱী গ্ৰহ? হয়তো খুব কম দিনৰ ভিতৰতে পৃথিবী গ্ৰহটো নিঃশেষ হৈ পৰিব লগতে আমিও একেবাৰে নোহোৱা হৈ যাম আৰু তেতিয়াই এটা সভ্যতা নোহোৱা হ’ব পৃথিৱীৰ পৰা, সেয়াই হ’ল মানব সভ্যতা৷ হয়, বিগত কিছু দিনৰ পৰা দ্ৰুত গতিত হূদযন্ত্ৰৰ উষ্ণতা হেৰুৱাইছে পৃথিৱী গ্ৰহটোৱে৷ শেহতীয়াকৈ এক গৱেষণা পত্ৰত এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে, যিটো খবৰে আপোনাকো হতচকিত কৰিব৷ আন্তজাৰ্তিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘আৰ্থ এণ্ড প্লেনেটৰী ছায়েন্স লেৰ্টাছ’ত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ পত্ৰখনত প্ৰকাশ পাইছে যে, চৌম্বক শক্তি আৰু বায়ুমণ্ডল হেৰুৱাই আমাৰ পৃথিৱী গ্ৰহৰ পৰা সেউজ আৱৰণো নোহোৱা হৈ পৃথিৱী গ্ৰহত কোনো প্ৰাণী থাকিব নোৱাৰা হৈ পৰিব৷ ভূ-পৃষ্ঠৰ তলত পৃথিৱীৰ গ্ৰহৰ ভিতৰত প্ৰধানকৈ দুটা স্তৰ আছে, মেণ্টল আৰু কোৰ, দুয়োটা স্তৰৰে বাহিৰে-ভিতৰে দুটা উপস্তৰ আছে৷ পৃথিৱীৰ ভিতৰ কোৰত আছে(যাক পৃথিৱীৰ হূদয় বুলি কোৱা হ’য়) উষ্ণগলিত ধাতুৰ সোঁত৷ সেই সোঁতৰ প্ৰবাহেই হৈছে পৃথিৱীৰ হূদ স্পন্দন৷ কিন্তু এতিয়া উষ্ণগলিত ধাতুৰ সোঁত ক্ৰমান্বয়ে ঠাণ্ডা হ’ব ধৰিছে৷ পৃথিৱীৰ হূদয়ৰ এই উষ্ণগলিত ধাতুৰ সোঁতৰ বাবেই পৃথিৱীৰ চৌপাশে সৃষ্টি হৈছে চৌম্বক শক্তি, যি শক্তিয়ে পৃথিৱাৰ পৰা বায়ুমণ্ডল উৰি যোৱাত বাধা দিয়ে লগতে মহাজাগতিক পৰিঘটনাৰ পৰা পৃথিৱীক ৰক্ষা কৰি আছে৷ গৱেষকসকলে লগতে কৈছে যে, পৃথিৱীৰ হূদস্পন্দন দ্ৰুতগতিত কমি অহাৰ অন্যতম কাৰণটো হৈছে এবিধ খনিজ পদাৰ্থ, যাৰ নাম ব্ৰিজমেনাইট৷ যিটোৱে অহৰহভাৱে ক্ৰিয়া কৰি থকাৰ ফলত পৃথিৱী ধ্বংসৰ সম্ভাৱনাই দেখা দিছে৷ অৱশ্যে এই প্ৰক্ৰিয়াটোৱে কেতিয়ালৈ সভ্যতাৰ বিনাশ হ’ব, সেই বিষয়ে গৱেষকসকলে স্পষ্ট ৰূপত একো জনোৱা নাই৷ গৱেষকসকলে ধাৰণা কৰিছে যে, গোলকীয় উষ্ণতা, জলবায়ু পৰিবৰ্তন ফলত পৃথিৱীখন সোনকালে বসবাসৰ অনুপযোগী হৈ পৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু