--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিমান দিনলৈ বসবাসৰ উপযোগী হৈ থাকিব আমি বসবাস কৰা পৃথিৱী গ্ৰহ? হয়তো খুব কম দিনৰ ভিতৰতে পৃথিবী গ্ৰহটো নিঃশেষ হৈ পৰিব লগতে আমিও একেবাৰে নোহোৱা হৈ যাম আৰু তেতিয়াই এটা সভ্যতা নোহোৱা হ’ব পৃথিৱীৰ পৰা, সেয়াই হ’ল মানব সভ্যতা৷ হয়, বিগত কিছু দিনৰ পৰা দ্ৰুত গতিত হূদযন্ত্ৰৰ উষ্ণতা হেৰুৱাইছে পৃথিৱী গ্ৰহটোৱে৷ শেহতীয়াকৈ এক গৱেষণা পত্ৰত এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে, যিটো খবৰে আপোনাকো হতচকিত কৰিব৷ আন্তজাৰ্তিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘আৰ্থ এণ্ড প্লেনেটৰী ছায়েন্স লেৰ্টাছ’ত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ পত্ৰখনত প্ৰকাশ পাইছে যে, চৌম্বক শক্তি আৰু বায়ুমণ্ডল হেৰুৱাই আমাৰ পৃথিৱী গ্ৰহৰ পৰা সেউজ আৱৰণো নোহোৱা হৈ পৃথিৱী গ্ৰহত কোনো প্ৰাণী থাকিব নোৱাৰা হৈ পৰিব৷ ভূ-পৃষ্ঠৰ তলত পৃথিৱীৰ গ্ৰহৰ ভিতৰত প্ৰধানকৈ দুটা স্তৰ আছে, মেণ্টল আৰু কোৰ, দুয়োটা স্তৰৰে বাহিৰে-ভিতৰে দুটা উপস্তৰ আছে৷ পৃথিৱীৰ ভিতৰ কোৰত আছে(যাক পৃথিৱীৰ হূদয় বুলি কোৱা হ’য়) উষ্ণগলিত ধাতুৰ সোঁত৷ সেই সোঁতৰ প্ৰবাহেই হৈছে পৃথিৱীৰ হূদ স্পন্দন৷ কিন্তু এতিয়া উষ্ণগলিত ধাতুৰ সোঁত ক্ৰমান্বয়ে ঠাণ্ডা হ’ব ধৰিছে৷ পৃথিৱীৰ হূদয়ৰ এই উষ্ণগলিত ধাতুৰ সোঁতৰ বাবেই পৃথিৱীৰ চৌপাশে সৃষ্টি হৈছে চৌম্বক শক্তি, যি শক্তিয়ে পৃথিৱাৰ পৰা বায়ুমণ্ডল উৰি যোৱাত বাধা দিয়ে লগতে মহাজাগতিক পৰিঘটনাৰ পৰা পৃথিৱীক ৰক্ষা কৰি আছে৷ গৱেষকসকলে লগতে কৈছে যে, পৃথিৱীৰ হূদস্পন্দন দ্ৰুতগতিত কমি অহাৰ অন্যতম কাৰণটো হৈছে এবিধ খনিজ পদাৰ্থ, যাৰ নাম ব্ৰিজমেনাইট৷ যিটোৱে অহৰহভাৱে ক্ৰিয়া কৰি থকাৰ ফলত পৃথিৱী ধ্বংসৰ সম্ভাৱনাই দেখা দিছে৷ অৱশ্যে এই প্ৰক্ৰিয়াটোৱে কেতিয়ালৈ সভ্যতাৰ বিনাশ হ’ব, সেই বিষয়ে গৱেষকসকলে স্পষ্ট ৰূপত একো জনোৱা নাই৷ গৱেষকসকলে ধাৰণা কৰিছে যে, গোলকীয় উষ্ণতা, জলবায়ু পৰিবৰ্তন ফলত পৃথিৱীখন সোনকালে বসবাসৰ অনুপযোগী হৈ পৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ