--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ যুৱ বেটছমেন যশস্বী জয়ছোৱালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চতুৰ্থ টি-২০ মেচত ৮৪ ৰানৰ অপৰাজিত ইনিংছ প্ৰদৰ্শন কৰে। শুভমন গিলেও তেওঁক এইক্ষেত্ৰত বহু সমৰ্থন আগবঢ়াই। গিলেও মেচখনত ৭৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বহু সময়ত গিলে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ভাৰতীয় ক্ৰিকেটাৰ ৰবিন উথাপ্পাই এই দুগৰাকী খেলুৱৈক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উথাপ্পাই কয় যে যশস্বী আৰু শুভমনে টিম ইণ্ডিয়াৰ পৰৱৰ্তী সৌৰভ গাংগুলী আৰু শচীন তেণ্ডুলকাৰ হ’ব পাৰে।

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি উথাপ্পাই কয় যে টিম ইণ্ডিয়াৰ হৈ খেলা প্ৰতিজন খেলুৱৈৰ ক্ষমতা প্ৰায় একেই। কিন্তু শুভমন আৰু যশস্বীৰ বেটিং বেলেগ স্তৰত। এই দুয়োজনে ইজনে সিজনৰ বাবে বেটিং কৰিব পাৰে পাৰে। যদি এই দুয়োজনে এনেদৰে খেলি থাকে, তেন্তে অনাগত সময়ত ভাৰতৰ আটাইতকৈ বিপজ্জনক যুটি হ’ব৷ এই দুই উদীয়মান তাৰকা ভাৰতৰ বাবে সৌৰভ গাংগুলী আৰু শচীন তেণ্ডুলকাৰৰ দৰে হ’ব পাৰে।

শুভমনে এই পৰ্যন্ত টিম ইণ্ডিয়াৰ হৈ ২৭ খন এদিনীয়া খেলিছে। এই সময়ছোৱাত তেওঁ ৪টা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰে। লগতে তেওঁ দ্বৈত শতক অৰ্জন কৰিছে। এই ফৰ্মেটত গিলে ১৪৩৭ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ২০৮ ৰান। ১০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ২৯৫ ৰান সংগ্ৰহ কৰিছে। এই ফৰ্মেটত এটা শতক আৰু এটা অৰ্ধশতক অৰ্জন কৰিছে। গিলে ১৮খন টেষ্ট মেচত ৯৬৬ ৰান সংগ্ৰহ কৰিছে।

যশস্বীৰ কথা কওঁতে তেওঁ এতিয়াও বহু সুযোগ পোৱা নাই। যশস্বীয়ে ২ খন টেষ্ট মেচত ২৬৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ এটা শতক অৰ্জন কৰিছে। তেওঁ ২ খন টি-২০ মেচত ৮৫ ৰান সংগ্ৰহ কৰিছে।তদুপৰি ঘৰুৱা মেচত যশস্বীয়ে ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক