--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা দিল্লীৰ শ্ৰদ্ধা হত্যাৰ প্ৰধান অভিযুক্ত আফতাবেৰ নাৰ্কো পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে। নাৰ্কো পৰাক্ষাত আফতাবে স্বীকাৰ কৰিছে যে তেওঁ তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল। পলিগ্ৰাফ পৰীক্ষাৰ পিছত,নাৰ্কো পৰীক্ষাতো আফতাবে  একেই স্বীকাৰোক্তি দিছে। আফতাব আমিন পুনাৱালাই এই কথাও  প্ৰকাশ কৰিছে যে তেওঁ হত্যাত ব্যৱহাৰ কৰা  অস্ত্ৰ ক'ত লুকুৱাই ৰাখিছে। দিল্লী  আৰক্ষীয়ে  এই কথা প্ৰকাশ কৰিছে।

দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুডাই সংবাদ মাধ্যমক কয় যে শেহতীয়াকৈ  আফতাবৰ নাৰ্কো পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। পৰীক্ষাৰ সময়ত আফতাবে স্বীকাৰোক্তি দিছে যে তেওঁৱেই শ্ৰদ্ধাক  হত্যা কৰিছিল।

আফতাবৰ স্বীকাৰোক্তি স্বত্বেও দিল্লী আৰক্ষীয়ে শ্ৰদ্ধাক হত্যা কৰাত ব্যৱহৃত  অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আফতাবৰ  স্বীকাৰোক্তিৰ সপক্ষে যদি প্ৰমাণ দিব পৰা নাযায়  তেন্তে সেয়া  আদালতত গ্ৰহণযোগ্য নহ'ব। বিশেষ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, আফতাবে নাৰ্কো পৰীক্ষাত  তেওঁ অস্ত্ৰ বিধ ক’ত লুকুৱাই ৰাখিছিল সেয়া প্ৰকাশ কৰিছে।  ইয়াৰ উপৰি তেওঁ শ্ৰদ্ধাৰ কাপোৰ আৰু হত্যাৰ পিছত তেওঁৰ মোবাইল ফোনটো ক'ত লুকুৱাই ৰাখিছিল সেই বিষয়েও তথ্য দিছে। কিন্তু আৰক্ষীয়ে সেইবোৰ একোৱেই বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

বৃহস্পতিবাৰে দক্ষিণ দিল্লীৰ ৰোহিণী অঞ্চলৰ ফৰেনচিক চাইন্স লেবৰেটৰীত (এফএছএল) আফতাবৰ  নাৰ্কো পৰীক্ষা কৰা হৈছিল বুলি হুডাই কয়। আফতাবক পুৱা প্ৰায় ৮.৪০ বজাত দিল্লীৰ ৰোহিণী অঞ্চলৰ বাবাচাহেব আম্বেদকাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ইয়াৰ পিছত চিকিৎসালয়ৰ এফ.এছ.এল.-ত পুৱা ১০ বজাত নাৰ্কো পৰীক্ষা আৰম্ভ হৈছিল। পৰীক্ষা দুঘণ্টা ধৰি চলিছিল। হুডাই কয়  যে আফতাবৰ নাৰ্কো পৰীক্ষা সফল হৈছে আৰু পৰীক্ষাৰ পিছত তেওঁ শাৰীৰিকভাৱে সুস্থ হৈ আছে।

এফএছএল বিশেষজ্ঞসকলে কয় যে নাৰ্কো পৰীক্ষাত আফতাবে দিয়া উত্তৰ দিল্লী আৰক্ষী আৰু ফৰেনচিক দলে   পৰীক্ষা কৰি চাব।  যদি সেয়া সন্তোষজনক নহয় আফতাবৰ পুনৰ নাৰ্কো পৰীক্ষা কৰা হ'ব পাৰে।

আফতাবৰ পলিগ্ৰাফ পৰীক্ষা আগতে দুটা পৰ্যায়ত কৰা হৈছিল। ফৰেনচিক বিশেষজ্ঞৰ প্ৰশ্নৰ উত্তৰত তেওঁ শ্ৰদ্ধাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক