--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্দে ভাৰত এক্সপ্ৰেছ পুনৰ 'লাইনচ্যুত'  হৈ পৰিল। এইবাৰ ৰে’ল খনে এটা গৰুক খুন্দিয়ায়। ফলত গৰুটোৰ মৃত্যু ঘটে। বৃহস্পতিবাৰে নিশা বন্দে ভাৰত এক্সপ্ৰেছ পুনৰ দুৰ্ঘটনাত পতিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত বৃহস্পতিবাৰে নিশা মুম্বাইৰ পৰা গান্ধীনগৰলৈ যাত্ৰা কৰা চুপাৰফাষ্ট এক্সপ্ৰেছ ৰে'লখনে উদভাদা আৰু ৱাপী ষ্টেচনৰ মাজত গৰুটোক খুন্দা মাৰে।

পশ্চিম ৰে’লৱেৰ বিষয়া সুনীল ঠাকুৰে কয়  যে ঘটনাটোৰ  ফলত ৰেলখনৰ সন্মুখৰ পেনেলত এটা সৰু ফাঁট মেলিছে।উল্লেখ্য  ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলখন উদ্বোধন কৰিছিল। তাৰ পিছত বন্দে ভাৰত এক্সপ্ৰেছে চাৰিটা দুৰ্ঘটনাত পতিত হৈছে। 

ৰে’ল খনে কেইবাবাৰো গৰু আৰু ম'হক খুন্দা মাৰিছে।৮ নৱেম্বৰত গান্ধীনগৰ ষ্টেচনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত থকা আনন্দ ষ্টেচনৰ ওচৰত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত  এগৰাকী মহিলাৰ মৃত্যু হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছখনে প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ  বেগত চলিব পাৰে। 

পশ্চিম ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰে’লখন আন ৰে’লতকৈ অধিক আৰামদায়ক। কিন্তু জনবসতিপূৰ্ণ অঞ্চলত এই উচ্চ গতিৰ ৰে’লখন চলোৱাটো বিপদজনক  হয় নে নহয় তাকে লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক