--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্দে ভাৰত এক্সপ্ৰেছ পুনৰ 'লাইনচ্যুত'  হৈ পৰিল। এইবাৰ ৰে’ল খনে এটা গৰুক খুন্দিয়ায়। ফলত গৰুটোৰ মৃত্যু ঘটে। বৃহস্পতিবাৰে নিশা বন্দে ভাৰত এক্সপ্ৰেছ পুনৰ দুৰ্ঘটনাত পতিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত বৃহস্পতিবাৰে নিশা মুম্বাইৰ পৰা গান্ধীনগৰলৈ যাত্ৰা কৰা চুপাৰফাষ্ট এক্সপ্ৰেছ ৰে'লখনে উদভাদা আৰু ৱাপী ষ্টেচনৰ মাজত গৰুটোক খুন্দা মাৰে।

পশ্চিম ৰে’লৱেৰ বিষয়া সুনীল ঠাকুৰে কয়  যে ঘটনাটোৰ  ফলত ৰেলখনৰ সন্মুখৰ পেনেলত এটা সৰু ফাঁট মেলিছে।উল্লেখ্য  ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলখন উদ্বোধন কৰিছিল। তাৰ পিছত বন্দে ভাৰত এক্সপ্ৰেছে চাৰিটা দুৰ্ঘটনাত পতিত হৈছে। 

ৰে’ল খনে কেইবাবাৰো গৰু আৰু ম'হক খুন্দা মাৰিছে।৮ নৱেম্বৰত গান্ধীনগৰ ষ্টেচনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত থকা আনন্দ ষ্টেচনৰ ওচৰত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত  এগৰাকী মহিলাৰ মৃত্যু হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছখনে প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ  বেগত চলিব পাৰে। 

পশ্চিম ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰে’লখন আন ৰে’লতকৈ অধিক আৰামদায়ক। কিন্তু জনবসতিপূৰ্ণ অঞ্চলত এই উচ্চ গতিৰ ৰে’লখন চলোৱাটো বিপদজনক  হয় নে নহয় তাকে লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু